NASA MARCH MISSION

মঙ্গল গ্ৰহলৈ অকলে যাব আলিছা কাৰ্ষণ; কেতিয়াও ঘূৰি আহিব নোৱাৰিব !

 এবাৰ ভাবি চাওঁক যে জানি বুজি এজন জীৱিত মানুহ এনে এক অজান ঠাইলৈ যাব, যি ঠাইৰ পৰা তেওঁ পুনঃ কেতিয়াও পৃথিৱীলৈ উভটি আহিব নোৱাৰিব , পুনৰ কেতিয়াও দেখা পোৱাৰ বা লগ পোৱাৰ আশা নাথাকিব নিজৰ মা দেউতা, আত্মীয় স্বজনক । যি হেৰাই যাব সম্পূৰ্ণ নিঃসংগতা আৰু অন্ধকাৰৰ মাজত।

 NASA MARCH MISSION
যি কথা বা প্ৰত্যাহ্বান সাধাৰণ মানুহৰ বাবে কল্পনা কৰাই বৰ কঠিন ; তথাপি এনে এক স্থানলৈ যোৱাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈ পৰিছে আমেৰিকাৰ এক ১৮ বছৰ বয়সৰ তৰুণী আলিছা কাৰ্ষণ ( ALISHA KARSAN ) । তৰুণী আলিছা কাৰ্ষণ এ মঙ্গল গ্ৰহলৈ অকলে যাবৰ বাবে প্ৰস্তুত হৈছে আৰু বৰ্তমান প্ৰযুক্তিগত কৌশল আহৰণ ৰ বাবে প্ৰস্তুতি কৰি আছে NASA ত । আৰু তৰুণী আলিছা কাৰ্ষণ হৈ পৰিব মঙ্গল গ্ৰহলৈ যোৱা প্ৰথম মানৱ।

 NASA MARCH MISSION

এতিয়া জানি আচৰিত হ’ব যে পৃথিৱীৰ পৰা মংগল গ্ৰহৰ দূৰত্ব হৈছে ২৮০ মিলয়ণ কিলোমিটাৰ আৰু কোনো মহাকাশযান যদি পৃথিৱীৰ পৰা মঙ্গল গ্ৰহলৈ গৈ পায় তেন্তে মহাকাশ যান খন গৈ পাবলৈহে ইন্ধন পৰ্যাপ্ত থাকিব কিন্তু উভতি আহিবৰ বাবে কোনো ইন্ধন নাথাকিব। অৰ্থাৎ কিবা প্ৰকাৰে মঙ্গল গ্ৰহত অৱতৰণ কৰিব পাৰিলেও কিন্তু উভতি অহাৰ কোনো উপায় নাথাকিব।

 NASA MARCH MISSION

প্ৰশ্ন উত্থাপন হয় যে কিয় নিশ্চিত মৃত্যু জানিও ইমান কম বয়সৰ তৰুণী আলিছা কাৰ্ষণ মঙ্গল গ্ৰহলৈ যোৱাৰ সিদ্ধান্ত লৈছে। এপাহ ফুলৰ দৰে এজনী যুৱতী যাৰ সন্মুখত আছে সুন্দৰ জীৱন যৌৱনৰ পৰিক্ৰমা , তথাপি এনে এক অবুজ সিদ্ধান্ত কিয় ?

 NASA MARCH MISSION

তৰুণী আলিছা কাৰ্ষণৰ জন্ম হয় ২০০৪ চনৰ ১০ মাৰ্চত যুক্তৰাষ্ট্ৰৰ লুচিয়ানাৰ হেমাং চহৰত, সৰু কালৰ পৰাই তৰুণী আলিছা কাৰ্ষণ কাৰ্টুন ভিডিও চোৱাত নিচা ৰাখিছিল আৰু এখন কাৰ্টুন চিৰিজ যাৰ নাম “মিছন ০২ মাৰ্চ” ত অলিছাই ৫ জন কাৰ্টুন বন্ধুক কল্পনাৰ মাধ্যমত ৰঙা শীতল গ্ৰহ মংগললৈ ফুৰিবলৈ যোৱা দেখা পাইছিল আৰু তাৰ পৰাই আলিছা কাৰ্ষণৰ অভিলাসা সৃষ্টি হৈছিল এদিন নহয় এদিন বাস্তৱত মঙ্গল গ্ৰহত অৱতৰণ কৰাৰ। নিজৰ ইচ্ছা আৰু সপোনৰ কথা আলিছাই যেতিয়া তেওঁৰ দেউতাক কৈছিল দেউতাই তাইক গভীৰ ভাৱে অনুপ্ৰেৰণা যোগাইছিল। দেউতাকে তাইক যিমান পাৰে সিমান মহাকাশ সম্বন্ধীয় তথ্য পুস্তিকা সকলো যোগান ধৰিছিল আৰু সেইবোৰ পঢ়ি আলিছাই মহাকাশ সম্বন্ধীয় বহু জ্ঞান খুব কম বয়সতে আহৰণ কৰি পেলাইছিল।

 NASA MARCH MISSION
২০১৩ চনৰ জানুৱাৰী মাহত তৰুণী আলিছা কাৰ্ষণ এ নিমন্ত্ৰণ পাই NASA টিভিৰ NER 10 পেনেলৰ ভৱিষ্যতৰ মাৰ্চ মিছনৰ প্ৰস্তুতিৰ বাবে। পৰৱৰ্তী সময়ত ভৱিষ্যত মঙ্গল গ্ৰহত খোজ পেলাবলৈ নিৰ্বাচিত সাতজন ব্যক্তিৰ এজন হিচাপে নিৰ্বাচিত হয় তৰুণী আলিছা কাৰ্ষণ। আশ্চৰ্যকৰ কথা যে যি সাত গৰাকী নিৰ্বাচিত হৈছিল তাৰ ভিতৰত তৰুণী আলিছা কাৰ্ষণৰ বাহিৰে বাকী সকলোৰে আছিল মহাকাশ অভিযানৰ ডিগ্ৰী , নাছিল আলিছাৰ কোনো তেনে ডিগ্ৰী। কোনো ডিগ্ৰী নোহোৱা তৰুণী আলিছা কাৰ্ষণ নিৰ্বাচিত হৈছিল একমাত্ৰ তেওঁৰ অদম্য ইচ্ছা শক্তিৰ বাবে। বয়স ১৮ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে তৰুণী আলিছা কাৰ্ষণ NASA ৰ এস্ত্ৰনাত ( the astronaut ) হিচাপে নিযুক্ত হৈ পৰে। আৰু ২০৩৬ চনলৈকে তেওঁ NASA the astronaut সম্বন্ধীয় সকলো কৌশল আহৰণ ৰ বাবে কঠোৰ অনুশীলন কৰিব লাগিব। ২০৩৭ চনত যেতিয়া আলিছা কাৰ্ষণৰ বয়স ৩২ বছৰ সম্পুৰ্ণ হ’ব তেতিয়া আলিছা কাৰ্ষণ হৈ পৰিব মংগল গ্ৰহৰ বাসিন্দা।

 NASA MARCH MISSION
আৰু মংগল গ্ৰহত আলিছা কাৰ্ষণে সন্ধান কৰিব জীৱ জন্তুৰ , সেই গ্ৰহৰ তাপমাত্ৰাৰ , সেই গ্ৰহত থকা বায়ুমণ্ডলৰ বাৰ্তা আদি। যদি ২০৩৭ চনৰ আলিছা কাৰ্ষণ ৰ মাৰ্চ মিছন সফল হয় তেওঁ মঙ্গলৰ সকলো তথ্যবাৰ্তা পৃথিৱীলৈ প্ৰেৰণ কৰিব। আৰু সফলতা অৰ্জন কৰিব পাৰিলে আলিছা কাৰ্ষণ হৈ পৰিব মঙ্গলত খোজ দিয়া প্ৰথম মানৱ। তাৰ বাবে সম্পূৰ্ণভাৱে মানসিক প্ৰস্তুতি ৰাখিছে আলিছা কাৰ্ষণ।

 

মৰিছাচত হিন্দু সনাতন ধৰ্ম কেনেকৈ প্ৰধান ধৰ্ম হৈ পৰিল ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

মৰিছাচত হিন্দু সনাতন ধৰ্ম কেনেকৈ প্ৰধান ধৰ্ম হৈ পৰিল !

ইণ্ডোনেছিয়াত 600 বছৰ পিছত প্ৰতিষ্ঠা হৈছে হিন্দু ধৰ্ম ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

ইণ্ডোনেছিয়াত 600 বছৰ পিছত প্ৰতিষ্ঠা হৈছে হিন্দু ধৰ্ম !

তেওঁ কোনো ধৰণৰ যৌনতা , বিবাহ, সংসাৰ আদিৰ লালসা ৰ পৰা বিৰত থকাৰ অংগীকাৰ কৰি NASA ৰ চুক্তিপত্ৰ ত স্বাক্ষৰ কৰিছে । আৰু সেই চুক্তিৰ এটাই কাৰণ যাতে আলিছা কাৰ্ষণক কোনো মোহ মায়াই নিজৰ লক্ষ্য ৰ পৰা বিচলিত কৰিব নোৱাৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *