Will Riyan Porag be selected for T 20 world cup 2024

   উল্লেখ্য যে ১ মে ২০২৪ তাৰিখৰ আগতে আগন্তুক টি ২০ বিশ্বকাপৰ বাবে সকলো দেশে নিজৰ নিজৰ প্ৰাথমিক পৰ্যায়ৰ দল ঘোষণা কৰা বাধ্যতামূলক। সেয়ে আই পি এলত নিজৰ দুৰ্দান্ত প্ৰতিভাৰ খেল প্ৰদৰ্শন কৰিও টি ২০ বিশ্বকাপ দলত সুযোগ নাপাব উদীয়মান ক্ৰিকেটাৰ ৰিয়ান পৰাগ, মায়াঙ্ক যাদৱ কিম্বা অভিষেক শৰ্মাই। কিয়নো আসন্ন টি ২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে নতুন মুখৰ ক্ৰিকেটাৰৰ বাবে দুৱাৰ খোলা নোযোৱাৰ ইংগিত দিছে বি চি চি আইৰ ভিতৰ মহলে।

Indian cricketer Riyan Porag Biography in Assamese language

পি টি আইৰ খবৰ অনুসৰি বি চি চি আইৰ নিৰ্বাচক মণ্ডলীয়ে আগন্তুক বিশ্বকাপৰ বাবে অভিজ্ঞ আৰু পৰিপক্ক টি ২০ খেলুৱৈ সকলৰ ওপৰতে আস্থা ৰাখিছে। অৱশ্যে নিৰ্বাচক মণ্ডলীয়ে চলিত আই পি এলৰ তাৰকা ক্ৰিকেটাৰ সমূহৰ ওপৰতো কাঢ়া নজৰ ৰাখিছে। সেয়ে হয়তো উদীয়মান তাৰকা ক্ৰিকেটাৰ সমূহে আগন্তুক বিশ্বকাপত জাতীয় ক্ৰিকেট দললৈ আমন্ত্ৰণ নাপালেও বিশ্বকাপৰ পিছৰ দ্বিপাক্ষিক টি ২০ ছিৰিজত জাতীয় দলৰ জাৰ্ছি পিন্ধাৰ সুযোগ অৱশ্যে পাব।

Indian cricketer Riyan Porag Biography in Assamese language
নাম প্ৰকাশত অনিচ্চুক বি চি চি আইৰ সূত্ৰৰ পৰা সংবাদ সংস্থা পি টি আইক জনোৱা অনুসৰি আগন্তুক টি ২০ বিশ্বকাপৰ বাবে নিৰ্বাচক মণ্ডলীয়ে খেলুৱৈ বাছনি ৰ ক্ষেত্ৰত বেছি পৰীক্ষা নিৰীক্ষা কৰি ৰিস্ক লব বিচৰা নাই; আৰু সেয়ে হয়তো পূৰ্বৰ বিশেষজ্ঞ ক্ৰিকেটাৰ যিসকলে ইতিমধ্যে ভাৰতৰ হৈ আন্তৰ্জাতিক ক্ৰিকেটত ভাল প্ৰদৰ্শন আগবঢ়াইছে, আই পি এলত ও ভাল প্ৰদৰ্শন কৰিছে সেইসকল ক্ৰিকেটাৰক আগন্তুক বিশ্বকাপ দলত স্থান দিয়াত অগ্ৰাধিকাৰ দিয়া হ’ব।

Indian cricketer Riyan Porag Biography in Assamese language
নতুন মুখ সমূহক উপেক্ষা কৰিলেও কিন্তু বিশ্বকাপ দলত ৰিসভ পন্টৰ ঠাই মোটামুটি পাক্কা, পন্তে ৫ নম্বৰত বেটিং কৰাৰ উপৰি উইকেট ৰক্ষকৰ ভূমিকা পালন কৰিব; আনকি ১৫ জনৰ স্কুৱাদৰ লগতে ৫ জন ষ্টেণ্ড বাই ২০ জন খেলুৱৈৰে সাম্ভাব্য দলৰ নাম ইতিমধ্যে নিৰ্বাচক মণ্ডলীৰ পকেটত আছে যদিও নিৰ্বাচক মণ্ডলীয়ে নাম সমূহ প্ৰকাশ কৰা নাই এতিয়ালৈ।

Will Riyan Porag be selected for T 20 world cup 2024

বিৰাট কোহলি আৰু হাৰ্ডিক পাণ্ডিয়াক বিশ্বকাপ দলত স্থান দিয়া হ’ব নে নাই সেই বিষয়ে জল্পনা কল্পনা চলি থকাৰ সময়ত বিৰাট কোহলিয়ে নিজৰ বেটৰ দ্বাৰা সেই সংশয় নিজেই দুৰ কৰিছে, গতিকে বিৰাটক এৰি নিৰ্বাচক মণ্ডলীয়ে বিশ্বকাপ খেলাৰ কথা ভাবিব নোৱাৰে, কিন্তু হয়তো বিৰাট কোহলি বেটিং কৰিব লাগিব অপেনাৰ হিচাপে। ইফালে হাৰ্ডিক পাণ্ডিয়াই স্থান লাভ নকৰিব বিশ্বকাপ ক্ৰিকেট দলত। আৰু হাৰ্ডিক পাণ্ডিয়াৰ বিকল্প হিচাপে দলত স্থান লাভ কৰিব শিৱম দুবে। লগতে আই পি এলত দুৰ্দান্ত বলিং প্ৰদৰ্শন অব্যাহত ৰখা স্পিনাৰ যুজবেন্দ্র চাহালে স্থান লাভ কৰিব মূল দলত।

Indian cricketer Riyan Porag Biography in Assamese language

যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগে টি ২০ বিশ্বকাপৰ ২০ জন খেলুৱৈৰ ভিতৰত নিজৰ স্থান লাভ কৰিবলৈ হলে আগন্তুক এক মে তাৰিখৰ আগলৈকে ৰাজস্থান ৰয়েলচ দলে যিদুখন আই পি এল মেচ খেলিব সেই খেল দুখন ( ২২ এপ্ৰিল আৰু ২৭ এপ্ৰিল ) ত ৰিয়ানৰ প্ৰদৰ্শন কেনে হয় তাৰ ওপৰত বহু গুণ নিৰ্ভৰ কৰিব। যদি ৰিয়ানে এই দুখন খেলত কোনো সাংঘাটিক বা কোনো আচৰিত ইনিংছ খেলি নিৰ্বাচক মণ্ডলীৰ মন জয় কৰিব পাৰে সেয়া লক্ষ্যনীয় হ’ব।

টি ২০ বিশ্বকাপ ৰ সম্ভাব্য ২০ জন ক্ৰিকেটাৰ :-

ৰোহিত শর্মা (ক্যাপ্টেন), বিৰাট কোহলি, যশস্বী জসওয়াল, শুভমন গিল, সূর্যকুমাৰ যাদব, ৰিঙ্কু সিং, হার্দিক পান্ডিয়া, ঋষভ পন্ত (উইকেটকিপাৰ), লোকেশ ৰাহুল ( উইকেটকিপাৰ ), সঞ্জু স্যামসন (উইকেটকিপাৰ), ৰবীন্দ্র জাদেজা, শিবম দুবে, অক্ষৰ পেটেল, কুলদীপ যাদব, যুজবেন্দ্র চাহাল, ৰবি বিষ্ণোই, জসপ্রীত বুমৰাহ, মহম্মদ চিৰাজ, অর্শদীপ সিং ও আবেশ খান।

কিয় সফল ৰিয়ান ? জিৰ’ৰ পৰা হিৰ’লৈকে ৰিয়ান পৰাগৰ এক বৰ্ণীল যাত্ৰা, জানিবলৈ তলৰ ৰঙা আখৰ কেইটা ক্লিক কৰক

 

কিয় সফল ৰিয়ান ? জিৰ’ৰ পৰা হিৰ’লৈকে ৰিয়ান পৰাগৰ এক বৰ্ণীল যাত্ৰা

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *