Acarya Canakya principle

উটৰ দৰে গুণী পুৰুষেহে সন্তুষ্ট কৰিব পাৰে স্ত্ৰীক – চাণাক্য নীতিশাস্ত্ৰ ।

আচাৰ্য চাণক্যৰ নীতিশাস্ত্ৰ সমূহ মানৱ জীৱন আৰু সভ্যতাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মান্যতা দিয়া হয়। তেওঁৰ নীতি সমূহত বহু উপযোগী আৰু উপকাৰী কথা আছে যিসমূহ মানি চলিলে মানুহে নিজৰ জীৱন আৰু সংসাৰ সুখী কৰি ৰাখিবলৈ সক্ষম হয়।

5 principles of lifeBangladesh as tourist venue

চাণক্যৰ নীতি সমূহত পুৰুষ নাৰী উভয়ৰে হিতৰ বাবে অনেক কথা উল্লেখ আছে ; ইয়াৰ ভিতৰত তেওঁ কৈছিল যে যি পুৰুষৰ দেহত উটৰ দৰে ৫ টা গুণ বিৰাজ কৰে সেই পুৰুষৰ প্ৰতি তেওঁৰ স্ত্ৰী সর্বদা সন্তুষ্ট থাকে। অৰ্থাৎ যি পুৰুষৰ এনে ৫ টা মহৎ গুণ থাকে তেওঁ তেওঁৰ পৰিয়াল আৰু আত্মীয় স্বজনক সুখী আৰু সমৃদ্ধিশালী কৰি ৰাখিবলৈ সক্ষমতা ৰাখে। সেই গুণ সমূহ হৈছে,,

Colombia as tourist placeBangladesh as tourist venue
১) আত্মসন্তুষ্টি :- চাণক্যই কৈছিল পুৰুষে যিমান সম্ভৱ পৰিশ্ৰম কৰা উচিত , লগতে সেই কৰ্মপৰিশ্ৰমত যি অৰ্থ বা ফল প্ৰাপ্তি হয় সেইখিনিত নিজকে সন্তুষ্ট ৰখা দৰকাৰী।

উট এটাই কঠোৰ পৰিশ্ৰম কৰি উঠি যেতিয়া দানা বা খাদ্য গ্ৰহণ কৰে সি খুব তৃপ্তিৰে , সন্তুষ্টিৰে গ্ৰহণ কৰে ; ঠিক একেদৰে মানুহে নিজৰ কষ্ট উপাৰ্জিত ধনত আত্ম সন্তুষ্টি প্ৰকাশ কৰি সংসাৰ চলোৱা দৰকাৰী। আৰু যি পুৰুষৰ এই গুণ থাকে তেওঁ সফলতা লাভ কৰে আৰু তেওঁৰ পৰিয়াল পৰিজনে তেওঁৰ ওপৰত আস্থা ও বিশ্বাস ৰাখে।

Facts of Kamakhya temple
২) সজাগ আৰু সতৰ্কতা পালন কৰা :- আচাৰ্য চাণক্যৰ মতে গভীৰ নিশা টোপনিৰ সময়তো যেনেকৈ উটে যেনেকৈ সতৰ্ক হৈ থাকে ঠিক একেদৰে এজন পুৰুষে তেওঁৰ পৰিয়াল আৰু স্ত্ৰীৰ কৰ্তব্যৰ প্ৰতি নিত্য সতৰ্ক থকা উচিত। নিজক আৰু পৰিয়ালক ৰক্ষা কৰাৰ বাবে শত্ৰুৰ পৰা সতৰ্ক থকা উচিত, যিমানেই গভীৰ টোপনিত নাথাকক কিয় সামান্য শব্দ শুনিলে জাগি যোৱাৰ সমৰ্থ ৰখা উচিত ; এনে গুণী পুৰুষৰ সৈতে তেওঁৰ স্ত্ৰী সদায় সুখত থাকে।

MORITIOUS AS TOURIST VENUE

৩) আনুগত্য :- এজন পুৰুষে সদায় তেওঁৰ স্ত্ৰীৰ প্ৰতি আনুগত্য ৰখা উচিত আৰু তেনে কৰ্ম কৰা উচিত যেনেকৈ এটা উটৰ তেওঁৰ মালিকৰ প্ৰতি আনুগত্যৰ সন্দেহ কৰিব নোৱাৰি। মনত ৰখা উচিত , যি পুৰুষ অচিনা নাৰী দেখি লোভী হৈ পৰে সেই গৃহত কলহ বসবাস কৰে অৰ্থাৎ সেই গৃহত সদায় অশান্তি গণ্ডগোল ঘটে, মহিলাই তেনে পুৰুষৰ সতে সন্তুষ্ট নাথাকে , মহিলা স্ত্ৰী সন্তুষ্ট হয় স্বামীৰ বিশ্বাসযোগ্যতাৰ ওপৰত।

5 principles of life

৪) সাহসিকতা :- আচাৰ্য চাণক্যই উল্লেখ কৰিছিল যে উট হৈছে এক নিৰ্ভীক আৰু সাহসী প্ৰাণী যিয়ে তেওঁৰ মালিকক ৰক্ষা কৰিবলৈ নিজৰ জীৱন বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰে । ঠিক একেদৰে যি পুৰুষৰ সাহস থাকে সেই পুৰুষে প্ৰয়োজন আৰু সময়ত নিজৰ স্ত্ৰী আৰু পৰিয়ালক ৰক্ষা কৰিব পাৰে আৰু তেনে পুৰুষৰ স্ত্ৰী সর্বদা সুখী অনুভৱ কৰে।

মদ্যপান কৰা ব্যক্তিয়ে নৰকত ভয়ানক শাস্তিৰ সন্মুখীন হয় – হিন্দু শাস্ত্ৰ। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

মদ্যপান কৰা ব্যক্তিয়ে নৰকত ভয়ানক শাস্তিৰ সন্মুখীন হয় – হিন্দু শাস্ত্ৰ।

ৰাতিপুৱা সহবাস কৰিলে কি হয় ? উত্তম সময় কি ? -শাস্ত্ৰ কথা। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

ৰাতিপুৱা সহবাস কৰিলে কি হয় ? উত্তম সময় কি ? -শাস্ত্ৰ কথা।

৫) দয়ালু : – চাণক্যই কৈছিল এজন পুৰুষৰ কৰ্তব্য হৈছে নিজৰ স্ত্ৰী অথবা পৰিয়ালক দয়া মমতাৰে সৰ্বাংগীন ভাৱে সন্তুষ্ট কৰি ৰখা সুখী কৰি ৰখা , যেনেকৈ উটে নিজৰ বাবে নহয় মালিকৰ সুখৰ হেতু সর্বদা আগ্ৰহী থাকে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *