INDUNESIA A PLACE OF BEAUTY

ইণ্ডোনেছিয়াত 600 বছৰ পিছত প্ৰতিষ্ঠা হৈছে হিন্দু ধৰ্ম !

 এনে এখন দেশৰ কথা কব বিচৰা হৈছে যত এজন হিন্দু ৰজাৰ ভুলৰ বাবে সেই দেশত হিন্দু ধৰ্ম বিলুপ্ত হৈ পৰিছিল। আৰু সেই সন্ধিক্ষণত সেই দেশৰ এজন পূজাৰীয়ে ৰজাক অভিশাপ দিছিল যে ৰজাই ধৰ্ম ত্যাগ কৰাৰ ফলতে সেই দেশত আহিব ঘোৰ অমানিশা, সাম্ৰাজ্যত অমংগল বিৰাজ কৰিব। লগতে তেওঁ কৈছিল যে পুনৰ সেই দেশলৈ 500 বছৰ পিছত হলেও হিন্দু সনাতন ধৰ্ম উভতি আহিব আৰু সেইখিনি কৈ ৰজাৰ ওপৰত ক্ৰোধ প্ৰকাশ কৰি পূজাৰীজন সেই দেশ ত্যাগ কৰি অইন দেশলৈ গুচি গৈছিল।

INDUNESIA A PLACE OF BEAUTY

আমাৰ দেশ ভাৰতবৰ্ষৰ পৰা প্ৰায় 9000 কিলোমিটাৰ দূৰত্বত অৱস্থিত ইণ্ডোনেছিয়া সদায় ভাৰতীয় সংস্কৃতিৰ বাবে চৰ্চাত থাকে, কাৰণ ইণ্ডোনেছিয়া এখন ইছলামিক দেশ যদিও তাৰ মানুহে ভাৰতীয় সংস্কৃতি আৰু ধৰ্মক খুব শ্ৰদ্ধা আৰু ভক্তি কৰে। আৰু তাৰ বাবেই বৰ্তমান সময়ত ইণ্ডোনেছিয়াৰ আটাইতকৈ ডাঙৰ নেতাৰ জীয়ৰীয়ে গ্ৰহণ কৰিছে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে যাৰ নাম চুক্মাৱটী সুকৰ্ণপূত্ৰী। এই মহিলা কোনো সাধাৰণ মহিলা নহয়, এওঁৰ পিতৃয়ে প্ৰতিষ্ঠা কৰিছিল ইণ্ডোনেছিয়াৰ আৰু এওঁৰ পিতৃ আছিল ইণ্ডোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি। লগতে এই মহিলাৰ আৰু এক সুকীয়া পৰিচয়ো আছে , এওঁ ইণ্ডোনেছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মেগাৱতী সুকৰ্ণপূত্ৰী আৰু প্ৰসিদ্ধ ৰাজনীতিবিদ ৰচমাবৰ্তি সুকৰ্ণপূত্ৰীৰ সৰু ভনীয়েক।

INDUNESIA A PLACE OF BEAUTYwhen we must speak

আশ্চৰ্যৰ বিষয় হৈছে চুক্মাৱটী এগৰাকী ইছলামধৰ্মী মহিলা আছিল হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ আগ মুহূৰ্তলৈ। তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ সময়ত ভব্য অনুষ্ঠানৰ আয়োজন কৰি সমস্ত সনাতন ৰীতি নীতি অনুসৰি নিজৰ সকলো পৰিয়াল বৰ্গৰ উপস্থিতিত সনাতন ধৰ্ম গ্ৰহণ কৰিছিল যাৰ পৰিয়াল বৰ্গ আছিল ইছলাম ধৰ্মী। চুক্মাৱটীৰ আইতাক হৈছে ইটা আয়ো নিউমেন ৰায়ু আছিল এগৰাকী হিন্দু মহিলা যি তেওঁলোকৰ একেটা পৰিয়ালতে বসবাস কৰিছিল । সেইকাৰণে কোৱা হৈছে যে বাল্যকালৰ পৰাই চুক্মাৱটী হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট আছিল।

বেছি আশ্চৰ্যৰ কথা যে চুক্মাৱটীয়ে ইছলাম এৰি হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ সময়ত তেওঁৰ পৰিয়াল অথবা সমাজৰ লোকে আনকি ইণ্ডোনেছিয়াৰ কোনো লোকে কোনো মতভেদ কৰা নাই। আনকি তেওঁৰ পুত্ৰই নিজৰ মা’ৰ সেই সিদ্ধান্তক বিৰোধ নকৰি স্বাগতম জনাইছে।

INDUNESIA A PLACE OF BEAUTY

চুক্মাৱটীৰ এই সিদ্ধান্তক কোনো পৌৰাণিক কাহিনীৰ পৰিনীতি বুলি কব খোজে ইণ্ডোনেছিয়াৰ বহু লোকে, যি কাহিনী আজিৰ পৰা 600 বছৰ পূৰ্বৰ এজন পূজাৰী আৰু ইণ্ডোনেছিয়াৰ এজন ৰজাৰ কাহিনী। কাহিনী অনুসৰি এজন হিন্দু পূজাৰীয়ে সেই সময়ৰ ইণ্ডোনেছিয়াৰ ৰজাক অভিশাপ দিছিল , ” তুমি যদি আজি হিন্দু ধৰ্ম ত্যাগ কৰি অইন কোনো ধৰ্ম গ্ৰহণ কৰা তেনেহলে তোমাৰ দেশ আৰু সাম্ৰাজ্যত অনেক প্ৰাকৃতিক বিপৰ্যয় হ’ব”। প্ৰচলিত কথা অনুসৰি ইণ্ডোনেছিয়াত শব্দপালন নামৰ এগৰাকী পূজাৰী আছিল, যি এবাৰ ইনদুনেছিয়াৰ ৰজা ব্ৰও বিজয়ৰ দৰবাৰলৈ গৈছিল, ৰজা ব্ৰও বিজয় এজন হিন্দু ৰজা আছিল আৰু তেওঁৰ শাসন কালতে দেশত ইছলাম ধৰ্মৰ আগমন ঘটিছিল । ১৪৭৮ খতিষ্টাব্দত ৰজাই হিন্দু ধৰ্ম ত্যাগ কৰিছিল যাৰ বাবে ধৰ্ম ত্যাগ সভাৰ দৰবাৰত পূজাৰীৰ প্ৰচণ্ড খং উঠিছিল আৰু ৰজাক বাৰে বাৰে হিন্দু ধৰ্ম ত্যাগ নকৰিবলৈ আদেশ দিছিল, কিন্তু ৰজাই পূজাৰীৰ কথা শুনিবলৈ অলপো মান্তি হোৱা নাছিল, যাৰ বাবে ক্ষোভত ফাটি শব্দপালনে সেই সভাত সকলোৰে মাজত বহি পৰিছিল আৰু বহু ভৱিষ্যত বাণী কৰিবলৈ আৰম্ভণি কৰিছিল শব্দপালনে । তেওঁ ইণ্ডোনেছিয়াত ভৱিষ্যতে বাৰে বাৰে প্ৰাকৃতিক দুৰ্যোগ অহাৰ ভৱিষ্যত বাণী কৰিছিল আৰু তেওঁ কৈছিল , ” মই জাভা দেশৰ ৰাণী আৰু দাং হিয়াঙৰ সেৱক , আজি দুই হাজাৰ বছৰ ইয়াত ধৰ্মৰ পৰিৱৰ্তন হোৱা নাই আৰু যেতিয়া আপুনি ধৰ্ম পৰিৱৰ্তন কৰিছে মই আজিয়ে ইয়াৰ পৰা গুছি যাম ; আৰু আজিৰ পৰা ঠিক পাছশ বছৰ পিছত পুনৰ উভতি আহিম আৰু ইয়াত পুনৰ সনাতন ধৰ্ম প্ৰতিষ্ঠা কৰিম”। লগতে কৈছিল, “মহাৰাজ আপুনি যদি হিন্দু ধৰ্ম ত্যাগ কৰি অইন ধৰ্ম গ্ৰহণ কৰে আৰু ধৰ্মান্তৰিত হয় তেতিয়া আপোনাৰ বংশ পৰিয়াল ধংশ হৈ যাব, আৰু জাভাত বসবাস কৰা লোকসকল এই দেশ এৰি যাবলৈ বাধ্য হৈ পৰিব”। ওপৰত উল্লেখিত দাং হিয়াঙৰ অৰ্থ হৈছে দেৱতা আৰু আত্মা।

when we must speak2023 year predictions

গংগা জ্বলত স্নান কৰিলে সঁচাই সকলো পাপ খণ্ডন হয় নেকি ? জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

গংগা জ্বলত স্নান কৰিলে সঁচাই সকলো পাপ খণ্ডন হয় নেকি ?

ভগৱান শিৱক কিয় শিৱলিংগ ৰূপে পূজা কৰা হয় ? – পৌৰাণিক ৰহস্য। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

ভগৱান শিৱক কিয় শিৱলিংগ ৰূপে পূজা কৰা হয় ? – পৌৰাণিক ৰহস্য।

 পূজাৰীয়ে নিজৰ কথাৰে তেতিয়াই সেইটো ইংগিত দিছিল যে ইণ্ডোনেছিয়াত পুনৰ হিন্দু ধৰ্ম উভতি আহিব , শব্দপালন পূজাৰীয়ে দেশ এৰি গুছি গৈছিল সঁচা কিন্তু তেওঁ যি যি ভৱিষ্যত বাণী কৰিছিল সেয়া সকলোখিনি ভুগিছে ইণ্ডোনেছিয়াই কাৰণ ইণ্ডোনেছিয়াত সঘনাই প্ৰাকৃতিক বিপৰ্যয় হৈয়ে থাকে যত বাৰে বাৰে ভূমিকম্প হয় যাৰ ফলত বহু লোকৰ মৃত্যু হয়। ইণ্ডোনেছিয়াৰ হিন্দু সকলে আজিও বিশ্বাস কৰে যে পূজাৰী শব্দপালন এতিয়াও জীৱিত আছে , লগতে এইটোও বিশ্বাস কৰে যে তেওঁৰ অভিশাপৰ বাবেই ইণ্ডোনেছিয়াত পুনঃ পুনঃ প্ৰাকৃতিক দুৰ্যোগ হৈ থাকে ; আৰু এই কাহিনীটো ইণ্ডোনেছিয়াৰ ঘৰে ঘৰে প্ৰচলিত। ইণ্ডোনেছিয়াত বৰ্তমান মানুহে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে , নতুনকৈ মন্দিৰ নিৰ্মান হৈছে, পুৰণি মন্দিৰ সমূহ পুনৰনিৰ্মান কৰা হৈছে যেনে গান্ধী মন্দিৰ – পুনাপাৰাটেৰণ মন্দিৰ, কালছন মন্দিৰ আদি নতুনকৈ সজাই তোলা হৈছে। বিশেষকৈ ১৯৭৮ চনৰ পিছত ইনদুনেছিয়াত মন্দিৰ পুনৰূদ্ধাৰৰ কাম দৃঢ় গতিত আৰম্ভণি হৈছে যিহেতু ইণ্ডোনেছিয়াত মন্দিৰ আৰু হিন্দু সংস্কৃতি আদিম যুগৰ পৰাই প্ৰচলিত আছিল।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *