never give these things to other in the morning

আমি মানু্হে দৈনিক যি কামে নকৰোঁ, যিকোনো ঠাইলৈ গমন নকৰোঁ সকলো আমাৰ মঙ্গল বা হিতৰ বাবে কৰোঁ । আমি নিজৰ লগতে গৃহৰ সকলোজন আৰু আত্মীয় স্বজনৰ ভালৰ বাবে চিন্তা কৰোঁ কৰ্ম কৰোঁ, কিন্তু কৰ্মখিনি ভাল বুলি কৰি গৈ থাকোতে বহু ভুল কৰি যে পেলাওঁ সেয়া গমেই নাপাওঁ তাৰ ফলত আমাৰ কৰ্মত বাস্তুদোষৰ প্ৰভাৱ পৰে আৰু সেই বাবেই আমি বহু শুভ কৰ্মৰো শুভ আৰু মঙ্গল ফলাফল লাভ কৰিবলৈ সক্ষম নহও। তাৰ ফলতে হাজাৰ কৰ্ম আৰু চেষ্টাৰ কৰিলেও বহু মানুহে সুখ শান্তি প্ৰাপ্তি কৰিবলৈকে অক্ষম হৈ থাকে।

Guwahati is the second polluted city in the world

হিন্দু ধৰ্মত দান হৈছে বৃহৎ পুণ্যৰ কাম, মহৎ কাম ; কোনোৱে যদি দুখীয়া অসহায় লোকক দান কৰে তেওঁ সেই দানৰ প্ৰতিফল দুগুণ প্ৰাপ্তি লাভ কৰে ঈশ্বৰৰ পৰা। কিন্তু বহু লোকে পুণ্য আৰু অন্তৰৰ সুখ প্ৰাপ্তিৰ বাবে দান কৰে যদিও বাস্তুদোষৰ কুপ্ৰভাৱৰ বাবে সেই দানৰ সুফল লাভ কৰিবলৈ সক্ষম নহয় ,বৰং মহাসংকটৰ সন্মুখীন হ’বলগীয়া হয়। আৰু সেয়া সংঘটিত হয় আমি দান দক্ষিণা কৰাৰ সময়সূচী নজনাৰ ফলত নাইবা দান দক্ষিণাৰ শুভ সময় নিৰ্বাচন নকৰাৰ ফলত।

এই অসমীয়া নৱবৰ্ষ বহাগ মাহৰ সময়চোৱাত দান কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা প্ৰয়োজনীয়। কিছুমান এনে বস্তু আছে যিসমূহ যদিহে এই বহাগৰ ৰাতিপুৱা দান কৰা হয় বা আনকি ঋণলৈ দিয়া হয় তেতিয়া মঙ্গলতকৈ অমংগলহে দুগুণ হোৱাৰ সম্ভবনা থাকে বাস্তুদোষৰ হেতুকে।

never give curd to other in the morning
প্ৰথমে যদি কোৱা হয় গাখীৰ আৰু দৈ ৰাতিপুৱাই অইন লোকক দান কৰা অনুচিত; কিয়নো গাখীৰ আৰু দৈৰ শুক্ৰ গ্ৰহৰ সৈতে সম্বন্ধ আছে, শুক্ৰ গ্ৰহক সুখ আৰু বৈভৱৰ কাৰক বুলি মান্যতা দিয়া হয়, সেয়ে ৰাতিপুৱা আঠ বজাৰ আগলৈকে কোনো লোকক লাগিলে যিমানে অসহায় নহওঁক গাখীৰ আৰু দৈ দান অথবা ঋণলৈ দিয়া অনুচিত। অন্যথা ধন – ধান আৰু শাৰীৰিক স্বাস্থ্য আদিত বিৰূপ প্ৰভাৱ পৰিব।

দ্বিতীয়তে, ঊল্লেখ কৰিবলগীয়া বস্তু হৈছে পিয়াজ আৰু নহৰু, যি হৈছে কেতু গ্ৰহৰ কাৰক, আৰু ৰাতিপুৱাই এই নহৰু আৰু পিয়াজ দান কৰিলে নিজৰ শান্তি প্ৰাপ্তিৰ পথ দুৰ্গম হয়।
never give these things to other in the morning

তৃতীয়তে হৈছে হালধীয়া যিকোনো দ্ৰৱ্য সামগ্ৰী, আনকি হালধি ও ৰাতিপুৱা ৰ সময়ত দান অথবা ঋণলৈ দিয়া অনুচিত। অন্যথা দাতাৰ গুৰু গ্ৰহ দুৰ্বল হৈ পৰে, যাৰ ফলত ধন ঐশ্বৰ্য আৰু সুখ শান্তি হানি হোৱাৰ শংকা আহি পৰিব। আনকি বছৰৰ যিকোনো বৃহস্পতি বাৰে ও এনে দান আৰু ঋণ দিয়াৰ পৰা বিৰত থকা দৰকাৰী।

never give these things to other in the morning

চতুৰ্থতে, মহিলাৰ বৈবাহিক জীৱনৰ সাক্ষী বহন কৰা যিকোনো সামগ্ৰী ৰাতিপুৱাই অইন কাৰোবাক দান বা ৠণলৈ দিব নালাগে। অন্যথা বৈবাহিক জীৱনত আউল লাগিব, তাৰোপৰি স্বাস্থ্য ৰ বিঘিনি হোৱাৰ শংকা আহিব পাৰে।

never give these things to other in the morning

শেষত কবলৈ হলে ৰাতিপুৱা হৈছে লক্ষ্মী দেৱীৰ আগমনৰ মূহুৰ্ত, সেয়ে এই শুভ লগণত কেতিয়াও সেউজীয়া ৰঙৰ বস্তু সামগ্ৰী অইনক দান আৰু ঋণলৈ দিব নালাগে। অন্যথা জীৱনত বহু আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে আপুনি।

সকলো যুৱতীয়ে শিৱৰ দৰে দৰা পাব বিচৰাৰ ৰহস্য ! – হিন্দু পুৰাণ কথা । জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

সকলো যুৱতীয়ে শিৱৰ দৰে দৰা পাব বিচৰাৰ ৰহস্য ! – হিন্দু পুৰাণ কথা ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *