most polluted city in the world in 2023

Swiss Air quality monitoring সংস্থা চমুকৈ IQAir য়ে সদৰি কৰিছে যে ২০২৩ বৰ্ষটোত গুৱাহাটী হৈছে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ আৰু প্ৰথম স্থান হৈছে বিহাৰৰ বেগুচৰাই চহৰৰ। লগতে সংস্থাটোৱে ঘোষণা কৰিছে যে বিগত বৰ্ষ ২০২৩ ত ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে তৃতীয় অন্যতম প্ৰদূষিত ৰাষ্ট্ৰ আছিল আৰু প্ৰদূষণৰ প্ৰথম স্থান আৰু দ্বিতীয় স্থানত ক্ৰমে আছিল পাকিস্তান আৰু বাংলাদেশ

Guwahati is the second polluted city in the worldGuwahati is the second polluted city in the world
ৰিপৰ্ট টোত আৰু উল্লেখ আছে যে ভাৰতবৰ্ষৰ কেইবাখন নতুন নতুন চহৰৰ প্ৰদূষণ ৰ মাত্ৰা অস্বাভাৱিক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে যাৰ ভিতৰত শীৰ্ষস্থানত আছিল বিহাৰৰ বেগুচৰাই ; বৰ্ষটোৰ গড় PM2.5 আয়তন বতাহৰ প্ৰদূষণ WHO ৰ নিৰ্ধাৰিত সীমাতকৈ অস্বাভাৱিক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছিল চহৰখনত। আৰু সেই সীমা অতিক্ৰম কৰা দ্বিতীয় চহৰ গুৱাহাটী, তৃতীয় দিল্লী, চতুৰ্থ মূল্লানপুৰ আৰু পঞ্চম স্থানত আছে পাঞ্জাব।

Guwahati is the second polluted city in the worldGuwahati as second most polluted city in the world

আচৰিত কথা এয়াই যে গুৱাহাটীৰ PM2.5 গড় প্ৰদূষণ আয়তন হঠাৎ দুগুণ বৃদ্ধি পাইছে ; যি পৰিসংখ্যাৰ মান ২০২২ চনত আছিল ৫১ মাইক্ৰ’গ্ৰাম প্ৰতি ঘনমিটাৰ, আৰু সেই মান হঠাৎ বৃদ্ধি হৈ ১০৫.৪ মাইক্ৰ’গ্ৰাম প্ৰতি ঘনমিটাৰ হৈছে। একেদৰে ৰাজধানী দিল্লীৰ প্ৰদূষণ মাত্ৰা ও অস্বাভাৱিক ভাৱে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

Guwahati is the second polluted city in the world

সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি সমগ্ৰ ভাৰতবৰ্ষৰে বতাহৰ প্ৰদূষণ মাত্ৰা বিশ্বৰ ভিতৰতে তৃতীয় অন্যতম। আগন্তুক বৰ্ষত এই প্ৰদূষণৰ মাত্ৰা কোনফালে গতি কৰে সেয়া লক্ষ্যনীয় হৈ পৰিব । আৰু যদি এই মাত্ৰা বৃদ্ধি হৈ গৈ থাকে নিশ্চিত ভাবে বিয়পি পৰিব বতাহ আৰু পৰিবেশ প্ৰদূষণৰ ফলত হোৱা বিভিন্ন ধৰণৰ ৰোগ। ঘাইকৈ হৃদৰোগ, ষ্ট্ৰ’ক , হাওফাওৰ কেঞ্চাৰ ৰোগ, শ্বাস প্ৰস্বাশ নলীৰ কেঞ্চাৰ, এস্থমা ৰোগ আদিয়ে ইয়াৰ বাসিন্দা সকলক জুৰুলা কৰিব যে সেয়া নিশ্চিত।

VIRAL EYE FLU

সেয়ে বতৰৰ এই অস্বাভাৱিক পৰিবৰ্তন হোৱা হেতুকে যেতিয়া লৈকে পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নহয় তেতিয়ালৈকে স্বাস্থ্য বিশেষজ্ঞ সকলৰ মতে আগন্তুক দিনসমূহত গুৱাহাটী মহানগৰত বসবাস কৰা লোক সকলে মাস্ক পৰিধান কৰা অত্যন্ত দৰকাৰী হৈ পৰিছে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *