Viral conjunctivitis prevention

  আজি প্ৰায় দুই তিনি সপ্তাহৰ পৰা চকু নমা ( বা চকু উঠা বা চকু ৰঙা পৰা ইংৰাজীত pink eye ) নামৰ চকুৰ ৰোগ বিধ বহু লোকৰ হোৱা পৰিলক্ষিত হৈছে। যিটো চিকিৎসা বিজ্ঞানে Viral conjunctivitis বুলি চিনাক্ত কৰিছে। ঘাইকৈ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আৰু জনবহুল ঠাইত বিচৰণ কৰা লোকসকলৰ মাজত এই ৰোগ বিধ খুব ক্ষিপ্ৰতাৰে বিয়পি পৰে যিহেতু ই এক ভাইৰাছ ৰ দ্বাৰা সংক্ৰমণ হোৱা ৰোগ।

Viral conjunctivitis
এই ৰোগৰ লক্ষণ প্ৰথম তিনি চাৰি দিনত খুব বৃদ্ধি হৈ দহ বাৰ দিনলৈকে থাকে আৰু তাৰ পিছত কমি যায়। এই ভাইৰাছৰ দ্বাৰা সংক্ৰমণ হোৱা লোকে চকুৰে পানী পৰা, চকু ৰঙা পৰা , চকুৰ খজুৱতি হোৱা , চকুৰে ফেচকুৰী নিৰ্গত হোৱা, চকুৰ পতা ফুলি যোৱা আদি লক্ষণ পাব পাৰে। লগতে কিছুমান লোকে চকু শুকান শুকান অনুভৱ কৰা, নাকেৰে পানী পৰা, সূৰ্য্যৰ পোহৰ আৰু বিজুলী বাতিৰ পোহৰৰ ফালে চাবলৈ অসুবিধা অনুভৱ কৰা লক্ষণ আদিও পাব পাৰে।

MORITIOUS AS TOURIST VENUE

এই ৰোগৰ প্ৰতিৰোধ কি হ’ব ??

VIRAL EYE FLU
প্ৰথমে এনে ৰোগত সংক্ৰমিত হোৱা লোকৰ পৰা দূৰৈত থাকিবলৈ যত্ন কৰা উচিত ; সংক্ৰমিত লোকৰ সৈতে টাৱেল, চকুত দিয়া দৰৱ , ব্যৱহাৰ কৰা শশ্মা , বিছনাৰ গাৰু, ফেছ্ মেক-আপ , আদি ভাগৱতৰা কৰাৰ পৰা বিৰত থকা বাঞ্চনীয়।

Viral conjunctivitis

যদিহে স্কুলীয়া ছাত্ৰ ছাত্ৰী এই ৰোগত আক্ৰান্ত হৈছে তেন্তে তেওঁলোক তিনি চাৰিদিনৰ বাবে স্কুললৈ নগৈ ঘৰতে থকা উচিত ।

বাৰে বাৰে আক্ৰান্ত চকুত পানী নছটিয়াই , সূতাৰ পৰিস্কাৰ কাপোৰ কুহুমীয়া পানীত তিয়াই চকুযুৰি পৰিষ্কাৰ কৰা উচিত।

Viral conjunctivitis

সংক্ৰমণ হোৱা ব্যক্তিয়ে হাতৰ আঙুলিৰে চকু মুখ আৰু নাক স্পৰ্শ কৰি থাকিব নালাগে ; স্কুলীয়া ছাত্ৰ ছাত্ৰী যাৰ সংক্ৰমণ হোৱা নাই তেওঁলোকেও নিজৰ নাক চকু আৰু মুখ মোহাৰি থকাৰ পৰা বিৰত থাকিলে হাতৰ আঙুলিত লাগি থকা ভাইৰাছ চকুলৈ সংক্ৰমিত হ’বলৈ নাপায় । লগতে সঘনাই হাত দুখন চাবোনেৰে ধুই থকা দৰকাৰী কিয়নো এই ভাইৰাছ নিজৰ হাতৰ পৰাই চকুলৈ পৰিবাহীত হয় । কিন্তু বীজানুমুক্ত হ’বলৈ হাত দুখন সম্পূৰ্ণ দুই মিনিট ধোঁৱা বাঞ্চনীয়। এটা ভুল ধাৰণা আছে যে সংক্ৰমণ হোৱা লোকৰ চকুৰ পৰা প্ৰত্যক্ষ ভাৱে এই বীজানু সুস্থ্য লোকৰ চকুলৈ সংক্ৰমিত হয়, কিন্তু সেয়া প্ৰকৃত সত্য নহয় । সংক্ৰমণ হোৱা লোকে নিজৰ চকু হাতেৰে মোহাৰি থাকে আৰু সেই হাত ভালকৈ নোধোৱাকৈ তেওঁ তেঁওৰ ওচৰত থকা আচবাব বা অইন সঁজুলি স্পৰ্শ কৰা হেতুকে বীজানু সেই আচবাব আৰু সঁজুলি সমুহলৈ বিস্তাৰিত হৈ পৰে আৰু তাৰ পৰাহে সুস্থ্য লোকলৈ সেই বীজানু সংক্ৰমিত হৈ পৰে। সেয়ে সংক্ৰমিত লোকৰ সৈতে হেণ্ডচেক কৰাৰ পৰাও বিৰত থকা উচিত।

সংক্ৰমিত লোকে সাময়িক উপশম পাবলৈ চকুত মৃদু গৰম বা ঠাণ্ডা সেক লব পাৰে। সূতাৰ কাপোৰ সহ্য কৰিব পৰা গৰম পানীত তিয়াই গৰম সেক আৰু বৰফৰ টুকুৰা কটনৰ কাপোৰত মেৰিয়াই ঠাণ্ডা সেক ললে চকুৰ খোচখোচনী আৰু ৰঙা পৰাৰ পৰা উপশম হয় ।

Bulgaria as tourist venue

ৰদত ওলাবলৈ হলে কলা চানগ্লাছ পৰিধান কৰিব পাৰে, ইয়াৰ ফলত ৰদৰ পোহৰত চলিবলৈ হোৱা অসুবিধাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপৰিও, পৰিবেশৰ ধূলি মাকটিৰ পৰাও চকুযুৰি ৰক্ষা পৰে।

এই সময়ত ভিটামিন A, B , C আৰু K সমৃদ্ধ ফলমূল আৰু খাদ্যই বহুখিনি সকাহ দিয়ে আৰু ৰোগ নিয়ন্ত্ৰণত সহায়ক হৈ পৰে। ঘন সেউজীয়া শাক পাচলি, সুমথিৰা, নেমু , আঙুৰ, আম আদিয়ে এই সংক্ৰমণ ৰোধ কৰিবলৈ সহায় কৰে।

Viral conjunctivitis

যুৱতী বিবাহ নকৰে ! ৰহস্যময় পৃথিৱী আৰু ৰহস্যময় মানুহ ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

যুৱতী বিবাহ নকৰে ! ৰহস্যময় পৃথিৱী আৰু ৰহস্যময় মানুহ !

যদি সংক্ৰমণ বেছি হোৱা যেন অনুমান হয় তেতিয়া ফাৰ্মাচিৰ পৰা যিকোনো চকুৰ দৰৱ আনি চকুত ব্যৱহাৰ নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা বাঞ্চনীয় কিয়নো কিছুমান চকুত প্ৰয়োগ কৰা দৰৱত এন্টিবায়টিকৰ সৈতে ষ্টেৰয়ড মিশ্ৰিত হৈ থাকে আৰু সেই ষ্টেৰয়ডৰ ভুল প্ৰয়োগৰ ফলত চকুৰ এই ৰোগৰ সাময়িক উপশম হলেও কিন্তু কিছুমান দীৰ্ঘম্যাদী পাৰ্শ্বক্ৰিয়া হোৱাৰ সম্ভাৱনা প্ৰকট । সকলোৱে ভালে থাকক সুস্থ থাকিব , ধন্যবাদ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *