এই পৃথিৱীত মাত্ৰ তিনিখন দেশ আছে যত হিন্দু হৈছে সংখ্যা গৰিষ্ঠ ; তাৰ ভিতৰত এখন হৈছে আফ্ৰিকা মহাদেশৰ মৰিছাচ ( MAURITIUS ) নামৰ এখন দ্বীপ ৰাষ্ট্ৰ ।

MORITIUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUE

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু মনোৰম এখন দেশ মৰিছাচৰ মুঠ জনসংখ্যাৰ 48.5 % লোক হিন্দু ধৰ্মী। দেশ খনৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি আৰু প্ৰধান মন্ত্ৰী উভয়ে হিন্দু। মূলতঃ পৰ্যটন শিল্পৰ ওপৰত অৰ্থনীতি নিৰ্ভৰশীল এই দেশ নিম্ন আয়ৰ দেশৰ পৰা বৰ্তমান মধ্য আয়ৰ দেশত পৰিগণিত হৈছে ; দেশ খনত হিন্দুৰ লগতে অন্যান্য যেনে ইছলাম ধৰ্মী আৰু খ্ৰীষ্টান লোক সকলো পৰস্পৰৰ সৈতে যথেষ্ট সৌহাদ্যমূলক ভাবে বসবাস কৰে। ব্ৰিটিছ শাসন কালত সেই দেশ খনত ব্যাপক নিৰ্মাণ কাৰ্য্যৰ বাবে বিপুল সংখ্যক শ্ৰমিক দেশ খনলৈ আমদানি কৰা হৈছিল । উল্লেখ যে স্বাধীনতা ৰ পূৰ্বে মৰিছাচ এক ব্ৰিটিছ উপনিবেশ আছিল।

MORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUE
প্ৰায় দুশ বছৰ আগতেই মৰিছাচ ত প্ৰথম হিন্দু সনাতন ধৰ্মৰ পদচিহ্ন পৰিছিল। বৰ্তমান তেৰ লাখ জনসংখ্যা ৰ সেই দেশত হিন্দু ধৰ্মী লোকৰ সংখ্যা চাৰে ছয় লাখতকৈ অধিক। আফ্ৰিকাৰ অইন দেশ সমূহ ৰাজনৈতিক, জাতিগত আৰু ধৰ্ম সংঘাতত জৰ্জৰিত যদিও মৰিছাচ তাৰ সম্পূৰ্ণ ব্যতিক্ৰম। দেশ খনৰ আইন ব্যৱস্থাত ব্ৰিটিছ আৰু ফৰাচী আইন লক্ষণীয়।

MORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUE

লগতে সেই দেশত তেওঁলোকৰ নিজা সংস্কৃতিৰ সৈতে ভাৰতীয় সংস্কৃতিৰ সংমিশ্ৰণ অতি লক্ষণীয়। মৰিছাচ ত হিন্দু ধৰ্মৰ অনুষ্ঠান প্ৰতিস্থান সমূহ খুব ৰং বিৰঙে পালন কৰা হয়, মহাশিৱৰাত্রী সেই দেশৰ অন্যতম আৰু প্ৰধানতম ধৰ্মীয় অনুষ্ঠান আৰু সেয়া ব্যাপক উৎসাহ উদ্দীপনা ৰ সৈতে পালন কৰা হয়, তাৰ পিছতে গণেশ চতুৰ্থী হৈছে অইন এটি ডাঙৰ উৎসৱ ; ভাৰতবৰ্ষৰ দৰে মৰিছাচ ত দিপাৱলী আৰু হোলী খুব উৎসাহ আৰু উদ্দীপনাৰে উৎযাপন কৰা হয় । ইয়াৰ উপৰিও মকৰ সংক্ৰান্তী, তামিল মুৰুগা পূজা খুব প্ৰচলিত সেই দেশত। আৰু এই উৎসৱ সমূহত মৰিছাচ ত চৰকাৰী বন্ধ থাকে।

MORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUE

এই দেশত অসংখ্য হিন্দু মন্দিৰ, স্থাপনা , মূৰ্তি বিদ্যমান, 1850 চনতে স্থাপিত উজ্জ্বল বগা ৰঙৰ মহেশ্বৰত হৈছে অন্যতম ডাঙৰ হিন্দু মন্দিৰ যি ট্ৰাঅ’লেট চহৰত অৱস্থিত। গঙ্গাতালাও ( Ganga Talao ) হৈছে মৰিছাচৰ হিন্দু সকলৰ এক পবিত্ৰ ভূমি লগতে পৰ্যটক সকলৰ বাবেও এক আকৰ্ষণীয় স্থান যত হিন্দু দেৱদেৱী সকলৰ অতি সুন্দৰ সুন্দৰ মূৰ্তি আৰু মন্দিৰ আছে।

MORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUE

মৰিছাচ ত মঙ্গল মহাদেৱ নামৰ ভগৱান শিৱৰ এটি এশ আঠ ফুট ওখ মূৰ্তি আছে। সাগৰশিৱ নামৰ এটি মন্দিৰৰ সন্মুখত এই মূৰ্তি প্ৰতিস্থাপন কৰা হৈছিল। এই মঙ্গল মহাদেৱৰ বিপৰীত দিশত আছে মা দূর্গাৰ এশ আঠ ফুটৰ এটি মূৰ্তি। 1854 চনত স্থাপিত তামিল মন্দিৰ হৈছে মৰিছাচৰ এক বিখ্যাত তামিল হিন্দু মন্দিৰ যিটো এবেক্ৰমবে চহৰত অৱস্থিত।

MORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUEMORITIOUS AS TOURIST VENUE

মুছলিম দেশ য়েমেনত অসংখ্য লোকে হিন্দু ধৰ্ম পালন কৰিছে ! -ৰহস্য। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

মুছলিম দেশ য়েমেনত অসংখ্য লোকে হিন্দু ধৰ্ম পালন কৰিছে ! -ৰহস্য।

ইণ্ডোনেছিয়াত 600 বছৰ পিছত প্ৰতিষ্ঠা হৈছে হিন্দু ধৰ্ম ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

ইণ্ডোনেছিয়াত 600 বছৰ পিছত প্ৰতিষ্ঠা হৈছে হিন্দু ধৰ্ম !

পাহাৰ, নদী, সমুদ্ৰ , সেউজীয়াৰ সংমিশ্ৰণত মৰিছাচৰ প্ৰাকৃতিক সৌন্দৰ্য্য অতুলনীয় ; যাৰ বাবে প্ৰতিবছৰে অসংখ্য পৰ্যটকে ভিৰ কৰে মৰিছাচত।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *