Vital causes of hypertension

এই ৫ জন মানুহৰ শৰীৰত সহজতে বাঁহ লয় উচ্চ ৰক্তচাপ ৰোগে !

    উচ্চ ৰক্তচাপ ( High blood pressure) ৰোগৰ পৰা সাৱধান নহলে বিপদ নিশ্চিত কিয়নো এই উচ্চ ৰক্তচাপ ৰ পৰাই আহিব পাৰে ষ্ট্ৰ’ক ( Cerebral haemorrhage & stroke) , হাৰ্ট এটাক ( Heart attack ) , পেৰেলাইছি ( Paralysis ) ইত্যাদি। সেয়ে বুদ্ধিমান লোকে যেনেকৈ হলেও এই উচ্চ ৰক্তচাপ ৰোগক প্ৰতিহত আৰু প্ৰতিৰোধ কৰা দৰকাৰী। আৰু এই লক্ষ্যত উপনীত হবলৈ হলে প্ৰথমে জানিব লাগিব কোন কোন মানুহৰ উচ্চ ৰক্তচাপ ৰোগ হোৱাৰ আশংকা বেছি থাকে।

Vital causes of hypertension
মানুহৰ দেহৰ ৰক্ত পৰিবহন নলীসমূহ ( শিৰা, ধমনী আৰু ৰক্তকেশিকা) ত নিৰন্তৰ গতিত ৰক্ত পৰিবহন হৈ থাকোঁতে ৰক্ত পৰিবহন নলী সমূহত যি চাপৰ সৃষ্টি হয় সেয়াই হৈছে ৰক্তচাপ ( Blood pressure ) । আৰু যদি এই ৰক্তচাপ ১৩০/৯০ mm Hg তকৈ অধিক হৈ পৰে তেতিয়াই আহি পৰে চিন্তাৰ সময়। কিয়নো এই মাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে মস্তিষ্ক, হৃদযন্ত্ৰ, বৃক্ক আৰু স্নায়ুসমূহৰ ক্ষতি হবলৈ আৰম্ভ কৰে। সেয়ে হয়তো বিশেষজ্ঞ সকলে আৰম্ভণিতে এই ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিয়ে।

সৰ্ব সাধাৰণ লোকৰ তুলনাত বিশেষকৈ কিছুমান মানুহে এই উচ্চ ৰক্তচাপ ৰোগৰ পৰা দূৰৈত থাকিবলৈ বেছি উদ্দত হোৱা আবশ্যক। কিয়নো সেইসকল লোকৰে উচ্চ ৰক্তচাপ ৰোগ হোৱাৰ প্ৰবণতা আৰু আশঙ্কা বেছি থাকে। সেই লোকসকল হৈছে যাৰ বংশৰ লোকৰ মাজত এই ৰোগ বিৰাজমান, যি লোকৰ দেহৰ ওজন বৃদ্ধি হৈছে, যি লোকৰ দেহত শৰীৰ চৰ্চা আৰু পৰিশ্ৰমৰ অভাৱ আৰু শেষত যিয়ে নিমখ বেছিকৈ সেৱন কৰে।

যি লোকৰ নিজৰ বংশৰ লোকৰ এই ৰোগ আছে অৰ্থাৎ যাৰ মা দেউতা, ভাই ভনী আদিৰ এই ৰোগ আছে সেই লোকে অতিকৈ সাৱধানতা অৱলম্বন কৰা প্ৰয়োজনীয়। তেওঁ নিজৰ জীৱন যাত্ৰা আৰু জীৱন ধাৰণৰ শৈলী ( Life style) ৰ পৰিবৰ্তন কৰা দৰকাৰী। জীৱন যাত্ৰাৰ সলনি কৰাৰ লগতে নিজৰ বেয়া অভ্যাস ( Sober habits) সমূহ সলনি কৰা দৰকাৰী। জীৱন যাত্ৰা বুলি কওতে বহুল আৰাম দায়ক জীৱন সদায় হাৰাম। দৈনিক অতি কমেও অধাঘণ্টা শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম দৰকাৰী এই ৰোগক দূৰৈত ৰাখিবৰ বাবে। কোৱা হয় দৈনিক আধা ঘন্টা খোজ কাঢ়িলে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি, দৈনিক ৪৫ মিনিট সময় খোজ কঢ়িলে মানুহ নিৰোগী হোৱাৰ লগতে দেখিবলৈ ধুনীয়া হৈ থাকে। আৰু দৈনিক এক ঘন্টা খোজ কাঢ়িলে হৃদৰোগৰ পৰা দূৰৈত থাকিব পাৰি। বেয়া অভ্যাস বুলিলে মদ্যপান, ধুম্ৰপান, ধপাত জাতীয় দ্ৰৱ্য সেৱন আদিবোৰ বৰ্জন কৰা উচিত এই পাছ ধৰণৰ লোকে। লগতে নিয়মিত ৮ – ৯ ঘন্টা টোপনিৰ অভ্যাস, যিমান সম্ভৱ মানসিক চিন্তাৰ পৰা দূৰৈত থকা দৰকাৰী। আৰু এই চিকিৎসা বিজ্ঞানে সতৰ্ক কৰিছে যে যি লোকৰ নতুনকৈ উচ্চ ৰক্তচাপ ধৰা পৰিছে তেওঁ সেইদিনাই মদ্যপান, ধুম্ৰপান আৰু টোপনি ক্ষতি কৰা পৰিত্যাগ কৰা উচিত।

Vital causes of hypertension
যদিহে কোনো লোকৰ দেহৰ ওজন বেছি থাকে, যদিহে হঠাৎ ওজন বৃদ্ধি হৈছে, যদি কোনো লোক মেদবহুল তেনেহলে কিন্তু সেই লোকক উচ্চ ৰক্তচাপৰ লগতে আন আন কিছুমান মাৰাত্মক ৰোগে খেদি ফুৰিব, কেতিয়াও এৰি নিদিয়ে যে সেয়া খাটাং। সেয়ে দেহৰ অতিৰিক্ত ওজন আৰু মেদবহুলতা নিয়ন্ত্ৰণ আৰু হ্ৰাস কৰিবই লাগিব। আৰু সেই কৰ্মত সফল হবলৈ তেল সমৃদ্ধ আৰু মেদযুক্ত খাদ্য আৰু মিঠাই সেৱনৰ লোভ সামৰিব লাগিব।

beautiful way of life
মেদবহুতাৰ এটি সহজ সমাধান হৈছে লঘোণৰ এক নতুন ধাৰণা যি ইতিমধ্যে বিজ্ঞানসন্মত প্ৰমাণিত যাক মাজে মাজে ইচ্ছাকৃত লঘোণ ( Intermittent fasting ) বুলি কোৱা হয় । এই ধাৰণা অনযায়ী দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত এজন লোকে ১৬ ঘন্টা লঘোণ থাকিব লাগে , যি সময়ৰ ভিতৰত মাত্ৰ পৰ্যাপ্ত পৰিমাণৰ পানীৰ বাহিৰে একো খাব নালাগে ; আৰু বাকী ৮ ঘন্টাতহে দুবাৰ ভোজন কৰিব পাৰে। লগতে এই ধাৰণাত ব্ৰেকফাষ্ট কৰিব নালাগে অৰ্থাৎ ব্ৰেকফাষ্টৰ সময়খিনি লঘোণৰ ভিতৰত অন্তৰ্ভুক্ত কৰাটো বাঞ্ছনীয় আৰু বাধ্যতামূলক। গতিকে যদি আপুনি ৰাতি ১০.০০ বজাত ভোজন কৰিছে তেনেহলে পিছদিনা দিনৰ ২.০০ বজালৈ লঘোণ হোৱা বাধ্যতামলক। সেই লঘোণৰ পিছত দুবাৰ গুৰু ভোজন কৰাত কোনো বাধকতা নাই। আৰু এই নিয়ম পালন কৰি পৃথিবীৰ প্ৰায় লক্ষ্য লক্ষ্য মেদবহুল লোকে প্ৰথম তিনিমাহ সময়ৰ ভিতৰতে প্ৰায় ৬ – ৭ কিলোগ্ৰাম ওজন কমাবলৈ সক্ষম হৈছে; যিটো শুভলক্ষণ সেই সমূহ লোকৰ বাবে।

Remedies for acne and pimples
শেষত, সদায় নিমখ খোৱা জনে নিমখ নাখালে নহয় খাব লাগিব; এজন লোকে একেবাৰে নিমখ নাখলে সাত দিনৰ ভিতৰত বমি কৰা আৰম্ভণি কৰিব; কিন্তু অত্যধিক নিমখ খেৱন কৰিলে দেহত অদৰকাৰী আৰু অতিৰিক্ত পানী জমা হৈ যায় যাৰ ফলত ৰক্তচাপ বৃদ্ধি হয়। এজন প্ৰাপ্তবয়স্ক মানুহৰ দৈনিক নিমখ ৰ প্ৰয়োজন হৈছে মাত্ৰ ৫ গ্ৰাম।

এই সকলো তথ্য ডাঃ আজিমুদ্দিন আহমেদে যুগুত কৰি দিছে । লগতে আপোনাৰ এনে কোনো সমস্যাৰ সমাধানৰ বাবে কমেণ্ট কৰিব পাৰে, আপোনাৰ কমেণ্টৰ নিশ্চিত উত্তৰ দিয়া হব।

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *