প্ৰত্যেক জন লোকে কেতিয়াবা নহয় কেতিয়াবা জীৱনত ব্রন নাইবা শালমইনা ৰ সমস্যাৰ সন্মুখীন হয়; আৰু এই সমস্যা সমাধান ৰ উদ্দেশ্যেই মানুহে বিভিন্ন ধৰণৰ পন্থা, ঘৰুৱা দিহা আদি প্ৰয়োগ কৰিবলৈ উত্ৰাবল হৈ থাকে , বহুতে ইয়াৰ বাবে বহুত টকা পইছা খৰছ কৰি দিয়ে যিটো আচলতে অনুচিত।

Remedies for acne and pimples

ব্রন দুৰ কৰাৰ উপায় জনাৰ আগতে আপুনি জনা দৰকাৰ যে ব্ৰন কি কি কাৰণত ওলাই; কি কি কাৰণত এই সমস্যা খুব তীব্ৰতৰ হয় ?

Remedies for acne and pimples

মানুহৰ শৰীৰত ব্ৰনৰ সমস্যা হয় দেহত থকা ঘাম নিৰ্গত হোৱা গ্ৰন্থি (Sebaceous gland ) সমূহৰ বাবে। এই গ্ৰন্থি সমূহে অত্যন্ত পৰিমাণে তেল নিৰ্গত কৰি থাকে আৰু লগত নিৰ্গত কৰে কেৰটিন ( Keratin ) নামৰ এক পদাৰ্থ, যাৰ বাবেই মুখমণ্ডলৰ ছাল খনৰ সৌন্দৰ্য্য ( Glow ) আৰু সতেজতা বিৰাজমান হয়। কিন্তু যদিহে এই গ্ৰন্থিৰ ছিদ্ৰপথ বাধাপ্ৰাপ্ত ( Block) হয় তেতিয়া সেই গ্ৰন্থি যিটো বাধাপ্ৰাপ্ত হয় সেই গ্ৰন্থি টোৱে ব্রনলৈ ৰূপান্তৰ হয়।

বয়সৰ লগতে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ পৰিবৰ্তন দেখিবলৈ পোৱা যায় আৰু সেই পৰিবৰ্তন সাধ্য কৰিবলৈ দেহত প্ৰাকৃতিক ভাৱে বিভিন্ন ধৰণৰ হ’ৰমন ( Hormone) ক্ষৰণ হয়। আৰু সেই হ’ৰমন সমূহে Sebaceous gland সমূহক যথেষ্ট পৰিমাণ ৰ তেল নিৰ্গত কৰিবলৈ বাধ্য কৰে। আৰু যেতিয়া এই হ’ৰমনৰ পৰিমাণ বেছিকৈ বৃদ্ধি হয় (load) তেতিয়া ব্ৰনৰ সমস্যা আৰু বেছি তীব্ৰতৰ হয়।

এতিয়া কথা হৈছে এই সমস্যা ৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব? মনত ৰখা উচিত যে ব্ৰনৰ সমস্যা দুৰ কৰিবলৈ মুখমণ্ডলৰ ছালৰ ওপৰত কোনো মলম বা ক্ৰীম ঘহিলে একো লাভ নহয়। বিপৰীতে এই সমস্যা ৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে নিজকে দেহৰ আভ্যন্তৰণৰ পৰা পৰিষ্কাৰ কৰিব লাগিব।

দুৰ কৰাৰ উপায়:-

১) ব্ৰন বা শালমইনাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে দৈনিক ৩ – ৪ লিটাৰ পানী খোৱা অত্যন্ত প্ৰয়োজীয় যাৰ ফলত দেহত উৎপন্ন হোৱা বিষাক্ত দ্ৰৱ্য ( toxins) সমূহ নিষ্কাষণ হোৱাত সহায়ক হয়। আৰু এই অভ্যাসৰ দ্বাৰাই ভালেখিনি লোকৰ এই সমস্যা দুৰ হৈ যায়।

২) ব্ৰন বা শালমইনাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে দৈনিক খোৱা লোৱাৰ ওপৰত চকু দিয়া দৰকাৰী। গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্য আনকি দৈ সম্পূৰ্ণ ৰূপে পৰিহাৰ কৰা , ফাষ্ট ফুড ( fast food ) পৰিহাৰ কৰা, অত্যন্ত তেলযুক্ত খাদ্য পৰিহাৰ কৰা অত্যন্ত প্ৰয়োনীয়।

Remedies for acne and pimples
বিপৰীতে, খাদ্য তালিকাত নিয়মিত গ্ৰীণ টি ( Green tea ) ৰখা বহুত দৰকাৰী। ভাল আৰু গুণগত গ্ৰীণ টি নিয়মীয়া খেৱন কৰিলে বহু লোকৰ ব্ৰন বা শালমইনা সম্পূৰ্ণ ৰূপে নিৰ্মূল হয়।

সেউজীয়া শাক পাচলি খাদ্য তালিকাৰ অংশ বিশেষ হোৱা অত্যন্ত জৰুৰী ; যাৰ ভিতৰত পালেং শাক বহুত লাভজনক।

CURD CONTROL CHOLESTEROL, CANCER AND HEART DISEASES
দৈনিক খালিপেটত এক চামুছ কেঁচা হালধি ৰ ৰস যদি এমাহ খাব পাৰে তেন্তে প্ৰায় ৫০% ব্ৰনৰ সমস্যা সমাধান হয়। যিসমূহ ফলমূল আৰু শাক পাচলি ত ভিটামিন A ৰ পৰিমাণ বেছি থাকে সেইবোৰ সেৱন কৰা অতি লাভজনক। আৰু যদিহে এইবোৰ বিচাৰি থকাৰ সময় নাথাকে তেন্তে প্ৰতিদিনে এটাকৈ মাল্টি ভিটামিন টেবলেট ( Multi vitamin) এমাহৰ বাবে খোৱা খুব লাভজনক।

Remedies for acne and pimples
৩) এই সমস্যা দুৰ কৰিবলৈ হ’লে আটাইতকৈ দৰকাৰী হৈছে নিয়মিত শাৰীৰিক ব্যায়াম, যি ব্যায়াম কৰিলে দেহৰ পৰা ঘাম নিৰ্গত হয় । নিয়মিত শাৰীৰিক ব্যায়ামৰ ফলত দেহৰ কোষ সমুহত মাত্ৰাধিক অক্সিজেন আদান প্ৰদান হয়, Sebaceous gland সমূহৰ ব্লক দুৰ হয় আৰু নিৰ্গত হোৱা ঘামৰ সৈতে দেহত উৎপন্ন হোৱা বিষাক্ত দ্ৰৱ্য ( toxins) সমূহৰ লগতে Sebaceous gland সমূহত জমা হৈ থকা তেল আৰু কেৰটিন সমূহ সহজতে নিষ্কাষণ হয়।

how to increase study hours
৪) যদিও কেতয়াবা মুখ মণ্ডলত ব্ৰন বা শালমইনাৰ আবিৰ্ভাৱ হয় সেইসমূহ হাতৰ নখ প্ৰয়োগ কৰি ভাঙিব নালাগে ; এনে কৰিলে সেই ঠাইত বেক্টেৰিয়া ৰ সংক্ৰমণ হৈ সেই ঘাঁ বহল আৰু ডাঙৰ হৈ পৰে আৰু সেই ঠাইত ভৱিষ্যত কলা দাগ পৰাটো নিশ্চিত।

৫) অত্যাধিক মেক আপ কৰিলে এই সমস্যা খুব বেছি হয়, ধূলিময় পৰিবেশ আদিত যাতায়ত কৰিলেও এই সমস্যা হ’ব পাৰে কাৰণ উভয় বিষয়তে মুখ মণ্ডলৰ ঘাম নিৰ্গত হোৱা গ্ৰন্থি (Sebaceous gland ) সমূহৰ ঘাঁম নিৰ্গত বিন্ধা সমূহ বাধাপ্ৰাপ্ত হয়; সেয়ে এনে লোকে সঘনাই মুখ খন পৰিষ্কাৰ পানীৰে ধুই পেলোৱা বাঞ্চনীয়।

12 qualities of intelligent woman
৬) শেষত নিয়মীয়াকৈ ৭ – ৮ ঘণ্টা টোপনি এই সমস্যা দুৰ কৰাৰ বাবে অত্যন্ত দৰকাৰী। আৰু উপৰোক্ত নিয়ম সমূহ পালন কৰিলে নিশ্চিত ভাবে এই সমস্যা ৰ পৰা এশ শতাংশ সমাধান পাব পাৰি।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *