Beliefs of seeing poisonous snake in dreams

সপোনত ফেঁটী সাপ দেখিলে কি চমৎকাৰ হয় জানে? – স্বপ্ন শাস্ত্ৰ ।

  এই প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে সৃষ্টিকৰ্তাই এই ধৰাত ভিন্ন জীৱ জন্তুৰ সৃষ্টি কৰিছে। কিছু জীৱ জন্তু যদি শান্ত স্বভাৱ ৰ কিছু আকৌ অতি হিংশ্ৰ, আকৌ আন কিছুমান মাৰাত্মকভাৱে বিষাক্ত। তাৰে ভিতৰত এবিধ জীৱ হৈছে সৰ্প। এই সৰ্প ৰ সন্মুখীন হ’বলৈ মানুহে হাজাৰ বাৰ চিন্তা কৰিব লগীয়া হয়। কিয়নো বিষাক্ত সৰ্পই যেতিয়া দংশন কৰে তেতিয়া নিমিষতে মৃত্যুক সাৱটি লব লগীয়া হয়।

Beliefs of seeing poisonous snake in dreams
কিন্তু যদিহে এই বিষাক্ত সৰ্পৰ সপোনত দৰ্শন হয়, সেই দৰ্শনে কাৰোবাৰ জীৱনলৈ কঢ়িয়ায় আনিব পাৰে চমৎকাৰ অৰ্থাৎ ভাগ্যৰ বতৰা। স্বপ্ন শাস্ত্ৰ অনুসৰি সপোনত সাপ দেখিলে মানুহে বাস্তব জীৱনত ভাল খবৰ লাভ কৰে।

যদি কোনো ব্যক্তিয়ে সপোনত কলা নাগে ফেট ধৰি থকা দেখিবলৈ পায় সেয়া শুভ মূহুৰ্ত বুলি মান্যতা দিয়া হয় , যিটো হৈছে হঠাৎ ধন টকা প্ৰাপ্তিৰ সংকেত; সেই ব্যক্তিয়ে যে অতি সোনকালে ধন প্ৰাপ্তি কৰিব সেয়া স্বপ্ন শাস্ত্ৰত বৰ্ণিত।

Beliefs of seeing poisonous snake in dreams

যদি কোনো ব্যক্তিয়ে সপোনত কোনো বিষাক্ত সৰ্প শুই থকা দেখিবলৈ পায়, সেই সপোনৰ অৰ্থ অনুসৰি সেই লোকৰ কাম সুখ প্ৰাপ্তিৰ যোগ সন্মুখ সময়ত।

যদি কোনো ব্যক্তিয়ে সপোনত কিবা কাম কৰি থাকোতে বা কিবা গাত আদি খান্দি থাকোতে কোনো বিষাক্ত সৰ্প দেখিবলৈ পায় তেতিয়া সেই লোকৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ যোগ অহা বুলি স্বপ্ন শাস্ত্ৰত বৰ্ণিত।

Beliefs of seeing poisonous snake in dreams

যদি কোনো ব্যক্তিয়ে সপোনত কোনো বিষাক্ত সৰ্প গাতৰ ভিতৰলৈ সোমাই যোৱা বা গাত ৰ পৰা ওলাই অহা দেখিবলৈ পায় তেতিয়া সেই লোকে আগন্তুক দিনত নিজৰ কৰ্মক্ষেত্ৰ, ব্যৱসায় বানিজ্য আদিত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়।

যদি কোনো ব্যক্তিয়ে সপোনত কোনো বিষাক্ত সৰ্পই দংশন কৰা দেখিবলৈ পায় তেন্তে সেয়া শুভ সংকেত বুলি অভিহিত হয় স্বপ্ন শাস্ত্ৰ মতে।

Guwahati is the second polluted city in the worldBeliefs of seeing poisonous snake in dreams

যদি কোনো ব্যক্তিয়ে সপোনত কোনো বিষাক্ত সৰ্পই নিজৰ ৰাস্তা কটা দেখিবলৈ পায় তেন্তে সেই লোকৰ শত্ৰু ৰ বিনাশ হয় অতি শীঘ্ৰে।

আৰু যদি কোনো ব্যক্তিয়ে সপোনত নাগ পূজা কৰা দেখিবলৈ পায় তেতিয়া সেই লোকৰ অতি শীঘ্ৰে আধৰুৱা কাম সম্পূৰ্ণ হোৱাৰ সময় সমাগত বুলি বিশ্বাস আছে।

বহাগ মাহৰ কোনো ৰাতিপুৱাই এই বস্তু দান নকৰিব- অমংগল নিশ্চিত! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

বহাগ মাহৰ কোনো ৰাতিপুৱাই এই বস্তু দান নকৰিব- অমংগল নিশ্চিত!

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *