REASON OF INCREASING HINDU IN YEMEN

মুছলিম দেশ য়েমেনত অসংখ্য লোকে হিন্দু ধৰ্ম পালন কৰিছে ! -ৰহস্য।

  মধ্য প্ৰাচ্যৰ এখন দেশ হৈছে য়েমেন । মধ্য প্ৰাচ্যৰ একমাত্ৰ দেশ হৈছে য়েমেন যত লোকতন্ত্ৰ আছে । আৰব উপদ্বীপৰ দক্ষিণ পশ্চিম প্ৰান্তৰ এই দেশৰ জনসংখ্যা অতি কম যদিও এই দেশত খুব দ্ৰুতগতিত বাঢ়িছে হিন্দুধৰ্মী লোকৰ সংখ্যা। যত দুই লক্ষ্য আঠ হাজাৰৰো অধিক হিন্দুধৰ্মী লোক বসবাস কৰে যাৰ বেছি অংশই ভাৰতীয় বংশোদ্ভৱ। প্ৰাচীন কালৰ পৰাই য়েমেনৰ ভাৰতীয় লোকৰ সৈতে সম্পৰ্ক আছে। শুনি আচৰিত হ’ব যে এক ভৱিষ্যত বাণী অনুসৰি 2050 চনলৈ য়েমেনত হিন্দু ধৰ্মী জনসংখ্যা দুগুণ হ’বলৈ গৈ আছে।

REASON OF INCREASING HINDU IN YEMENwhen we must speak

প্ৰায় 527970 বৰ্গ কিলোমিটাৰ মাটিকালিৰ য়েমেন প্ৰাচীন কালৰে পৰা খুব সমৃদ্ধিশালী আছিল, কিন্তু সময়ৰ লগে লগে সেই দেশৰ অভিজাত্য কমি গৈ ছিল আৰু এসময়ত ই এক দৰিদ্ৰ দেশলৈ পৰিণত হৈ পৰিছিল। প্ৰায় এক হাজাৰ বছৰ ব্যাপী এই দেশ দৰিদ্ৰতাৰ কবলত আছিল। কিন্তু হঠাৎ বিংশ শতিকাত এই দেশৰ ভূগৰ্ভত খনিজ তেলৰ আবিষ্কাৰ হয়। আৰু তেতিয়াৰ পৰা এই য়েমেনত মানুহৰ বসতি বৃদ্ধি হৈ পৰে। ১৯৯০ চনত য়েমেন আৰব প্ৰজাতন্ত্ৰ যাক উত্তৰ য়েমেন বোলা হয় আৰু গণ প্ৰজাতন্ত্ৰী য়েমেন অৰ্থাৎ দক্ষিণ য়েমেনৰ সৈতে একত্ৰিত হৈ য়েমেন প্ৰজাতন্ত্ৰ গঠিত হয়। 1517 চনৰ পৰা 1918 চন পৰ্যন্ত য়েমেন পৰাধীন আছিল কিন্তু তাৰ পিছত 1924 চনত লাউচান চুক্তিৰ দ্বাৰা য়েমেন স্বাধীন হৈ পৰে। য়েমেনৰ পশ্চিমে লোহিত সাগৰ আৰু দক্ষিণে আছে ইদেন উপসাগৰ ; আৰু প্ৰাচীন কালৰ পৰাই লোহিত সাগৰ ইউৰোপ, এছিয়া আৰু আফ্ৰিকাৰ সৈতে বাণিজ্যিক লেনদেনৰ পথ হিচাপে ব্যৱহৃত হৈ আছে । য়েমেনৰ ইহুদী সকল পৃথিৱীৰ বাকী ইহুদী সকলতকৈ পৃথক সংস্কৃতিৰে এক বৃহৎ সম্প্ৰদায় আছিল। আৰু তেতিয়াৰ পৰাই য়েমেনৰ সম্পৰ্ক আছিল ভাৰত আৰু ভাৰতীয় সকলৰ সৈতে।

REASON OF INCREASING HINDU IN YEMENREASON OF INCREASING HINDU IN YEMEN
1839 চনত য়েমেন ব্ৰিটিছ শাসনৰ অধীনলৈ যোৱাৰ পিছত ভাৰত আৰু য়েমেনৰ সম্পৰ্ক বেছি দৃঢ় হৈ পৰিছিল , সেই সময়তে য়েমেনত দুই হাজাৰ ভাৰতীয় লোকৰ দ্বাৰা এক সেনাবাহিনী গঠন কৰা হৈছিল আৰু একে সময়ত ভাৰতীয় মুদ্ৰাকে য়েমেনৰ ৰাষ্ট্ৰীয় মুদ্ৰা হিচাপে স্বীকৃতি দিয়া হৈছিল। 1855 চনত ইদেন বন্দৰত বোম্বাইৰ এক ষ্টীমাৰ সেৱা মুকলি কৰা হৈছিল ; যাৰ বাবে বহু ভাৰতীয় হিন্দুলোক য়েমেনলৈ গৈছিল। বন্দৰৰ কাম কাজ আৰু পৰিচালনাৰ বাবে নিয়োজিত হৈছিল সেই ভাৰতীয় লোকসকল। 1906 চনত ব্ৰিটিছ প্ৰশাসনে এদল ভাৰতীয় অভিযন্তা য়েমেনলৈ স্থানান্তৰ কৰিছিল বন্দৰ সমূহ মেৰামতি আৰু নিৰ্মাণৰ বাবে।

5 great mistakes of lifeREASON OF INCREASING HINDU IN YEMEN

য়েমেনৰ চৰকাৰী নথি অনুসৰি বুজা যায় যে 1856 চনলৈ য়েমেনত আঠ হাজাৰৰো অধিক হিন্দু ধৰ্মী লোক আছিল। 1955 চনত সেই সংখ্যা প্ৰায় পোন্ধৰ হাজাৰলৈ বৃদ্ধি হয় আৰু বৰ্তমান য়েমেনত হিন্দু লোকৰ সংখ্যা 208782 ৰো অধিক 2020 চনৰ পৰিসংখ্যা অনুসৰি আৰু অনুমানৰ লগতে ভৱিষ্যত বাণী কৰা হৈছে যে য়েমেনত 2050 চনলৈ হিন্দু লোকৰ সংখ্যা প্ৰায় চাৰি লাখৰ অধিক হৈ পৰিব। বৰ্তমান য়েমেনৰ মুকাল্লা, শুহৰ, ইদেন আৰু হুদেঈদা চহৰত আটাইতকৈ বেছি হিন্দু লোক বসবাস কৰে, যিসকলৰ য়েমেনৰ নাগৰিকত্ব আছে আৰু তেওঁলোকে য়েমেনৰ স্থানীয় নাগৰিকৰ সৈতে শান্তিৰে বসবাস কৰি আছে।

REASON OF INCREASING HINDU IN YEMENthe ultimate car
য়েমেনত সৰ্বমুঠ পাঁচোটা হিন্দু মন্দিৰ বিৰাজমান। 2013 চনৰ IANS ৰ ৰিপোৰ্ট অনুসৰি য়েমেনত টাৰীচমাৰ্ক নামৰ এটি প্ৰাচীন হিন্দু মন্দিৰ অৱস্থিত যিটো 1862 চনতে নিৰ্মাণ কৰা হৈছিল। লগতে এটি শ্ৰীৰাম মন্দিৰ 1875 চনত নিৰ্মাণ কৰা হৈছিল য়েমেনত । য়েমেনত এটি হনুমানৰ মন্দিৰো আছে যি মন্দিৰ 1882 চনতে নিৰ্মাণ কৰা হৈছিল। ইদেন চহৰত হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে আছে এখন বিশেষ শ্মশান।

REASON OF INCREASING HINDU IN YEMENDifferent existence of Shiva

ইণ্ডোনেছিয়াত 600 বছৰ পিছত প্ৰতিষ্ঠা হৈছে হিন্দু ধৰ্ম ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

ইণ্ডোনেছিয়াত 600 বছৰ পিছত প্ৰতিষ্ঠা হৈছে হিন্দু ধৰ্ম !

অন্যায় সহ্য কৰা অন্যায় কৰাতকৈ বেছি পাপ ! – শ্ৰী কৃষ্ণ গীতা জ্ঞান। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

অন্যায় সহ্য কৰা অন্যায় কৰাতকৈ বেছি পাপ ! – শ্ৰী কৃষ্ণ গীতা জ্ঞান।

য়েমেনত ভাৰতীয় হিন্দু আৰু তাৰ স্থানীয় ইছলাম ধৰ্মী লোক শান্তিপূৰ্ণভাৱে বসবাস কৰে। তেওঁলোকে ইজনে আনজনৰ সংস্কৃতি আৰু ধৰ্মক সন্মান আৰু শ্ৰদ্ধা কৰে। 2018 চনৰ লোকপিয়ল অনুসাৰে য়েমেনৰ জনসংখ্যা হৈছে 28 মিলিয়ন। আধুনিক আৰৱী হৈছে য়েমেনৰ মূল ভাষা, ইংৰাজী য়েমেনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিদেশী প্ৰচলিত ভাষা । পৰ্য্যটকৰ বাবে য়েমেনত বহু আকৰ্ষণীয় ঠাই আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যটন আৰু পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈছে য়েমেনৰ ৰাজধানী চানা । চানা চহৰ হেনো ডুবাইৰ দৰে মানুহে নিৰ্মান কৰিছে লগতে UNESCO য়ে এই চহৰ খনক WORLD HERITAGE MANKIND বুলি চিহ্নিত আৰু স্বীকৃতি প্ৰদান কৰিছে।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *