জ্ঞানী মানুহ এজনৰো কেতিয়াবা নহয় কেতিয়াবা খং উঠে , সাধাৰণ মানুহৰ কথা বেলেগ ; আৰু যেতিয়া সেই খং মানুহৰ মূৰৰ কামোৰণি হৈ পৰে তেতিয়াই সেই খং আৰু ৰাগৰ ফলত বহু ধৰণৰ ধ্বংস কাৰ্য্য আৰু বহু সম্পৰ্ক বিনষ্ট হৈ পৰিব পাৰে , কোনোবাই আত্মহত্যা কৰে , কাৰোবাৰ সম্পৰ্ক বিনষ্ট হৈ পৰে, হয়তো কোনো ৰজাৰ ৰাজ্যভাৰ হাতৰ পৰা হেৰুৱাই পেলায় ; কিয়নো কথাতে আছে খং নামে চণ্ডাল !
এয়া এইবাবেই হয় কিয়নো খং ৰাগৰ ফলত মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায় ; আৰু যেতিয়া খং ভাগে বা ক্ৰোধ আঁতৰি যায় তেতিয়াহে মানুহ অনুতপ্ত হয় যে খং আৰু ক্ৰোধৰ ফলত ইমান ক্ষতি হৈ পৰিল বা ক্ৰোধৰ বাবেই কোনো এক ধুনীয়া সম্পৰ্ক বিচ্ছেদ হৈ পৰিল ; আৰু অনুতপ্ত হোৱালৈ এই 5G ৰ যুগত বহু দেৰি হৈ পৰে। অনিয়ন্ত্ৰিত ক্ৰোধ বা খং কোনো সম্পর্কৰ বাবেই যে বেয়া অকল সেয়া নহয় , এই ক্ৰোধে নিজৰ শৰীৰ আৰু মনতো বহু কুপ্ৰভাৱ পেলাই। কিন্তু বুদ্ধিমান জনে এই ক্ৰোধ আৰু খং নিয়ন্ত্ৰণ কৰি বহু ডাঙৰ ডাঙৰ কাম সমাধান কৰিবলৈ সক্ষম হয়। মানুহে ক্ৰোধ আৰু খং ক নিয়ন্ত্ৰণ কৰি নিজৰ আৰু সমাজৰ মঙ্গল সাধন কৰিব পাৰে।
ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে মানুহৰ খং উঠাৰ ঘাই আৰু প্ৰধান কাৰণ হৈছে ‘প্ৰত্যাশা’ । মানুহে সদায় আনৰ পৰা , আত্মীয় জনৰ পৰা আৰু এই জগতৰ পৰা বিভিন্ন পাৰ্থিৱ বস্তুৰ প্ৰত্যাশা কৰে ; নিজৰ মা পিতা, নিজৰ সন্তান অথবা নিজৰ কৰ্মক্ষেত্ৰ , নিজৰ স্বামী অথবা স্ত্ৰীৰ পৰা মানুহে বহু প্ৰত্যাশা ৰাখে। এই সকলোৱে ইজনে অইন জনৰ পৰা কম বেছি প্ৰত্যাশা কৰা এক সহজাত প্ৰবৃত্তি। আৰু যেতিয়া সেই প্ৰত্যাশা নিজে বিচৰা ধৰণে যদি পূৰণ নহয় তেতিয়াই মানুহৰ খং উঠে , মানুহ ৰাগী যায়, মানুহৰ মনত বিৰক্তিৰ মনোভাৱ জন্ম হয়, আৰু তেতিয়া সামান্য কথা আৰু তুচ্ছ কোনো বিষয় মানুহৰ খং ৰ কাৰণ হৈ পৰে। লগতে সেই সময়ত যদি কোনোবাই সেই খঙাল লোক জনক উত্তপ্ত কৰে তেতিয়া তেওঁ বিস্ফোৰণ কৰি পেলাই অৰ্থাৎ মানুহৰ নিজৰ শব্দ আৰু বাক্য নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় , মানুহ বিবেক বিবেচনা হীন হৈ পৰে আৰু তেতিয়াই সংঘাত আৰু দণ্ড আৰম্ভণি হয়।
সেয়ে যদি ক্ৰোধ আৰু খং নিয়ন্ত্ৰণ কৰিব লাগে তেনেহলে মানুহে নিজৰ প্ৰত্যাশা সমূহ এক সীমাৰ ভিতৰত বান্ধি ৰখা দৰকাৰী কিয়নো সেই সীমা অতিক্ৰম কৰিলে ফল ওলোটা হ’বলৈ আৰম্ভ কৰে , অমৃত বিষ হৈ পৰে ।
ভগৱান শ্ৰীকৃষ্ণই কোৱা দ্বিতীয়টি ক্ৰোধৰ কাৰণ হৈছে মানুহৰ অকৃতজ্ঞতা। মানুহে সদায় পাহৰি পেলাই যে তেওঁ এই জগতৰ পৰা কি পাইছে, ঈশ্বৰে মানুহক কি দিছে। মানুহে নিজৰ ওচৰ চুবুৰীয়াই কৰা সহায় সাৰথি আৰু উপকাৰ পাহৰি পেলাই। মানুহে সদায় তেওঁৰ কি কি অভাৱ আছে সেই বিষয়ত বেছি চিন্তাশীল হৈ থাকে কিন্তু ঈশ্বৰ প্ৰদত্ত যি সমূহ আছে সেইবোৰত সদায় অকৃতজ্ঞ থাকে।
আপুনি দুই ভৰিৰে ধুনীয়াকৈ খোজকাঢ়িব পৰিছে , দুই হাতেৰে কৰ্ম কৰিব পাৰিছে, মুখেৰে খাব পৰিছে, চকুৰে দেখিছে কিন্ত আপোনাৰ সম্পূৰ্ণ বিপৰীত বহু মানুহ এই পৃথিৱীত কিন্তু আছে , গতিকে আপোনাৰ তাতোকৈ বেছি সুখ শান্তিৰ কথা কিবা আছে নেকি ? কিন্তু এই অমূল্য বিষয় বোৰো মানুহে এক সৰু বিষয় বুলি অৱজ্ঞা কৰি চলে, ঈশ্বৰৰ ওচৰত কেতিয়াও কৃতজ্ঞতা প্ৰকাশ নকৰে। সেয়ে ভগৱান শ্ৰীকৃষ্ণই কৈছিল নোপোৱা বোৰ এৰি থকাবোৰৰ কথা ভাৱি নিজৰ প্ৰভুৰ ওচৰত প্ৰতিদিনে চিৰ কৃতজ্ঞ হোৱা উচিত , ওচৰে পাজৰে থকা মানুহৰ ওচৰত সদায় ধন্য হোৱা উচিত যিয়ে কেতিয়াবা আপোনাক সহায় কৰিছে, ধন্য হোৱা উচিত তেওঁলোকৰ ওচৰত যিজন আপোনাৰ সৈতে সদায় আছে। আৰু এই সৰু কাম যদি সদায় কৰিব পাৰে তেতিয়া মানুহৰ পৰম সন্তুষ্টি লাভ হয়। আৰু তাৰ ফলত মন সদায় প্ৰসন্ন হৈ থাকিব মনত ক্ৰোধ আৰু খং ৰ বাবে অকণমান ঠাই নাথাকিব।
খং আৰু ক্ৰোধৰ তৃতীয় কাৰণ হৈছে মানুহৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া। কোনোবাই অন্যায় কৰা দেখিলে আপোনাৰ ক্ৰোধ আৰু খং ৰ বহিঃপ্ৰকাশ হোৱা স্বাভাৱিক, কিন্তু সেই সময়ত যদি আপুনি তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰে তেতিয়া হলে কিন্তু সমস্যা দুগুণ হৈ পৰে ; কিয়নো অপৰাধ কৰাজনে আপোনাক দ্বিতীয়টো অপৰাধৰ দ্বাৰা দুগুণ অন্যায় কৰিবলৈ কেতিয়াও ভয় নকৰে যিহেতু তেওঁ ইতিমধ্যে অপৰাধী হয়। সেয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰা দৰকাৰী। আৰু যদি সেয়া কৰিবলৈ সমৰ্থ নহয় তেন্তে কিছু সময়ৰ বাবে হলেও নিজক নিয়ন্ত্ৰণ কৰি সেই স্থান পৰিত্যাগ কৰা উচিত।
চতুৰ্থ বিষয় হৈছে , বেছিকৈ ক্ৰোধগ্ৰস্ত হৈ পৰিলে সেই ক্ৰোধ নিয়ন্ত্ৰণ কৰিবলৈ যদি সম্ভৱ সেই ক্ৰোধৰ কাৰণৰ পৰা নিজকে অন্যমনস্ক কৰা অত্যন্ত সুফল দায়ক। গৱেষণাত প্ৰকাশ যে অত্যাধিক খং যেতিয়া উঠে আৰু যদি সেই খং নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম হোৱাৰ অনুমান হয় তেতিয়া মানুহে খুব কমেও পাছ মিনিটৰ বাবে হলেও দীঘলীয়া উশাহ নিশ্বাস লোৱা নাইবা পাছ মিনিটৰ বাবে হলেও থিতাতে চলাফুৰা কৰা আদি কাৰ্য্যই বহু পৰিমাণে খং নিয়ন্ত্ৰণলৈ আনে ।
এই ৫ মহাপাপ কৰিলে মনুষ্যই ৭ জন্ম নৰকত দহিব লাগে ! ৰহস্য জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
হিন্দু ধৰ্মত মহিলা শ্মশানলৈ যোৱা নিষেধ কিয় ? গৰুড় পুৰাণ বাণী। ৰহস্য জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
হিন্দু ধৰ্মত মহিলা শ্মশানলৈ যোৱা নিষেধ কিয় ? গৰুড় পুৰাণ বাণী।
ক্ৰোধ আৰু খং নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে দিনৰ অতি কমেও দুই মিনিট সময় হলেও ধ্যান কৰা ( meditation ) সুফল দায়ক। প্রথমে দুই মিনিতকৈ ধ্যান কৰি লাহে লাহে সেই সময় বঢ়াই গৈ থকা ভাল যাৰ ফলতে ক্ৰোধ নিয়ন্ত্ৰিত হোৱাৰ উপৰিও ধৈৰ্য্য, বুদ্ধিমত্তা , চিন্তাশক্তি প্ৰৱল হৈ পৰে লগতে মানুহৰ স্মৃতিশক্তিৰ বিকাশ ঘটে।
Popular Assamese video