5 great mistakes of life

এই ৫ মহাপাপ কৰিলে মনুষ্যই ৭ জন্ম নৰকত দহিব লাগে !

সনাতন ধৰ্ম অনুসৰি হিন্দু লোকসকলৰ বাবে বহু ধৰ্মীয় গ্ৰন্থৰ কথা উল্লেখ পোৱা যায় আৰু সেই সকলোবোৰ মহান গ্ৰন্থৰ ভিতৰত শ্ৰীমদ্ভাগৱত গীতা হৈছে অন্যতম। এই শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই মনুষ্যৰ বাবে বহু মূল্যবান উপদেশ প্ৰদান কৰি গৈছে। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগৱত গীতাত কৈছিল যে মনুষ্যই যিয়ে যেনে কৰ্ম কৰে তেনে ধৰণৰ ফল ভোগ কৰে। ভাল কৰ্মৰ বাবে পূণ্যপ্ৰাপ্তি হয় , এই সংসাৰত সুখত থাকিব পাৰি আৰু মৃত্যুৰ পিছত ভাল যোনিত পুনৰজন্ম হয়। আৰু পাপ কৰ্মৰ বাবে দুখ কষ্ট ও যন্ত্ৰণা ভুগিব লগীয়া হয় এই সংসাৰত আৰু নিকৃষ্ট যোনিত পুনঃ জনম হয়। আৰু কোনোৱে যদি নিকৃষ্ট যোনিত জন্ম লৈ ভাল কৰ্ম কৰে, পূণ্যৰ কৰ্ম কৰে তেতিয়া তেওঁৰ পূৰ্বজন্মৰ পাপ ভালেখিনি খণ্ডন হৈ যায়।

when we must speakgreatness of life
ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগৱত গীতাত উল্লেখ কৰা অনুসৰি এই পৃথিৱীত যিমান ধৰণৰ পাপ কৰ্ম আছে তাৰ কিছুমান ভাগ আছে আৰু তাৰ ভিতৰত পাঁচোটা পাপক মহাপাপ বুলি মান্যতা দিয়া হয়। আৰু সেই পাঁচোটা মহাপাপত লিপ্ত হলে মনুষ্যৰ জীৱনত চৰম বিপৰ্যয় আহিব পাৰে। আৰু যিয়ে এই পাঁচোটা পাপ কৰ্মৰ মাত্ৰ এটাতো লিপ্ত হয় তেতিয়া তেওঁ আগন্তুক সাত জনমলৈ নৰকত ভুগিবলৈ বাধ্য হয়। শাস্ত্ৰত যিকোনো অন্যায় কৰ্মকে পাপ বুলি অভিহিত কৰা হৈছে সেয়া যিয়ে নহওঁক চুৰি, ডকাইতি, হত্যা, হিংসা, ক্ৰোধ, লোভ, লোকৰ শত্ৰুতা কৰা আদি। আৰু তাৰ ভিতৰত আছে পাঁচোটা মহাপাপ, সেইসমূহ হৈছে,,

when we must speak
১) ব্ৰাহ্মণ আৰু গোহত্যা :- ব্ৰাহ্মণ আৰু গোহত্যা কৰা মহাপাপ আৰু ইয়াৰ ফলত সাত জন্মলৈ নৰক যন্ত্ৰণাৰ ফল ভুগিবলৈ বাধ্য হয় ।

২) মদ্যপান আৰু জুৱাখেলা :- মদ্যপান আৰু জুৱাখেলা মহাপাপ আৰু এই পাপ কৰিলে মনুষ্যই আগন্তুক জীৱনত কুষ্ঠৰোগৰ দৰে যিসমূহ ৰোগ ব্যাধি আছে সেইসমূহত ভুগিবলগীয়া হয় আৰু ৭ জনমলৈ নৰকৰ যন্ত্ৰণা ভুগিবলৈ বাধ্য হয়।

in which home baby child born
৩) সোঁন চুৰি কৰা :- শাস্ত্ৰত সোঁন চুৰি কৰাক মহাপাপ আখ্যা দিয়া হৈছে। ধৰক কোনোবাই ভোকত ৰব নোৱাৰি ভাত ডাইল চুৰি কৰিছে সেয়া পাপ কৰ্মই হয় যদিও তাক মহাপাপ কোৱা নহয় কিন্তু যদি কোনোবাই কাৰোবাৰ সঞ্চিত সোঁন চুৰি কৰিছে সেয়া কিন্তু মহাপাপ।

Benefits of keeping different figurine in own home according to Indian beliefs and Feng shui
৪) গুৰু পত্নীৰ ওপৰত কটু দৃষ্টি নিক্ষেপ কৰা :- গুৰুৰ পত্নীৰ ওপৰত কটু দৃষ্টি নিক্ষেপ কৰা , দুৰ্ব্যৱহাৰ কৰা মহাপাপ। আনকি কোনো নাৰীৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ হৈছে মহাপাপ। কোনো নাৰীৰ বস্ত্ৰহৰণ কৰা , নাৰীক যৌননিৰ্যাতন চলোৱা আদি মহাপাপ আখ্যা দিয়া হৈছে শ্ৰীমদ্ভাগৱত গীতাত। এই মহাপাপ কৰিলে সাত জনম নৰকৰ যন্ত্ৰণাত কাটিবলৈ বাধ্য হয় তাৰ পিছত গাহৰিৰ যোনিত পুনঃ জনম হয় সেই মহাপাপী মনুষ্যৰ।

SECRETS OF LONGEVITYthe ultimate car
৫) উপৰোক্ত চাৰিপ্ৰকাৰৰ মহাপাপত যি ব্যক্তিয়ে লিপ্ত হয় সেই ব্যক্তিক যি দ্বিতীয় এজন লোকে সাহাৰ্য্য কৰে বা সহায় কৰে তেনে সাহাৰ্য্য কৰা কৰ্মক মহাপাপ বুলি আখ্যা দিয়া হয়।

Hunza valley an adventure
কিন্তু শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগৱত গীতাত এই কথাও কৈ গৈছে যে এই সমস্ত মহাপাপৰ পৰা জীৱকুলে উদ্ধাৰ পাব পাৰে যদিহে কোনো ব্যক্তিয়ে অজানিতে এই মহাপাপ কৰাৰ পিছত শুদ্ধ চিত্তে , ভক্তি ভৰা মনৰ অনুসূচনাত যদি সমস্ত পাপ কৰ্ম ভুল স্বীকাৰ কৰি ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰে তেন্তে ভগৱানে সেই পাপ মুক্ত কৰি দিব পাৰে , কিয়নো ভগৱানে ভক্তক খুব মৰম কৰে , ভক্তৰ ভক্তিৰ বিনয়ী সূচক কান্দোন সদায় পছন্দ কৰে।

খাদ্য গ্রহনৰ সময়ত এই কাম কৰিলে মা লক্ষ্মী গৃহত্যাগ কৰে !  ৰহস্য জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

খাদ্য গ্রহনৰ সময়ত এই কাম কৰিলে মা লক্ষ্মী গৃহত্যাগ কৰে !

এই পৃথিৱীত মানুহ ধ্বংশৰ কাৰণ এই তিনিটা – শ্ৰীকৃষ্ণ অমৃত বাণী।  জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

এই পৃথিৱীত মানুহ ধ্বংশৰ কাৰণ এই তিনিটা – শ্ৰীকৃষ্ণ অমৃত বাণী।

Popular Assamese video

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *