women not allowed in cremation

হিন্দু ধৰ্মত মহিলা শ্মশানলৈ যোৱা নিষেধ কিয় ? গৰুড় পুৰাণ বাণী।

 হিন্দু ধৰ্মত অন্তিম সংস্কাৰক লৈ অনেক নিয়ম প্ৰচলিত আছে যি কথা বহুজনৰ জ্ঞাত নহয় ; আৰু সেই মান্যতা সমূহৰ ভিতৰত এটি হৈছে যে মৃতকৰ পৰিয়ালৰ মহিলা মানুহক শ্মশানলৈ যাবলৈ দিয়া নহয় কিয়নো হিন্দু পুৰাণত মহিলা সকলক শ্মশানলৈ যোৱাত বাধা নিষেধ আছে।

time period of successdestruction of earth theory and belief

বৰ্তমান সময়ত যদিও আমি দেখি থাকোঁ যে বহু মহিলাই অন্তিম সংস্কাৰৰ সময়ত শ্মশান ঘাটত উপস্থিত হয় , কিন্তু ভাৰতীয় শাস্ত্ৰ সমূহত সেই কৰ্মৰ সম্পূৰ্ণ বাধা আৰোপ কৰা আছে। গৰুড় পুৰাণ অনুসৰি মহিলা সকল মানসিক ভাৱে পুৰুষত কৈ বেছি দুৰ্বল , আৰু এনে কথাও কোৱা হৈছে যে মৃতদেহ দাহ কৰাৰ সময়ত যদি কোনোবাই কন্দা কটা কৰে সেই মৃত ব্যক্তিৰ আত্মাই শান্তি নাপায়। লগতে শ্মশান ঘাটত এনে বহু বস্তু থাকে আৰু এনে কিছুমান ক্ৰিয়া সংঘটিত হয় যিসমূহ মহিলা আৰু শিশুয়ে চোৱা অনুচিত , যেনে মৃতদেহ অগ্নিদাহ কৰি থকা সময়ত নশ্বৰদেহৰ কপালত লাঠীৰে জোৰকৈ কোবাই দিয়া হয় যি এক পৰম্পৰা কিন্তু মহিলা বা শিশুৰ ক্ষেত্ৰত এই দৃশ্য দেখা খুব নৃশংসজনক যিটো দেখি মহিলা বা শিশু মানসিক বিপৰ্যয়ত পৰিব পাৰে । লগতে নশ্বৰ দেহ জ্বলি থকাৰ সময়ত মাজে মাজে প্ৰচণ্ড শব্দ হয় যি শুনি মহিলা আৰু শিশু ভয় খাব পাৰে।

Parenting tipsFew tips to control and manage your abuse child

হিন্দু ধৰ্মত আৰু কিছুমান কাৰণ আছে মহিলাক শ্মশান ঘাটলৈ যোৱাত বাধা দিয়াৰ, গৰুড় পুৰাণত উল্লেখ অনুসৰি নশ্বৰ দেহ শ্মশানলৈ লৈ যোৱাৰ সময়ত মৃতকৰ গৃহ ভালদৰে পৰিস্কাৰ কৰি পবিত্ৰ আৰু শুদ্ধি কৰা দৰকাৰী আৰু সেই দায়িত্ব মহিলাই খুব ভালদৰে পালন কৰিব পাৰে আৰু তাৰ বাবেই পুৰুষ সকলক শ্মশানলৈ গৈ সৎকাৰ আৰু মহিলাক গৃহতে থাকি বাকী পৰম্পৰাগত কৰ্মৰ দায়িত্ব দিয়া হৈছে।

Walking style identify characters of a girl

ইয়াৰ পিছত দ্বিতীয় কথা হৈছে যে যেতিয়া নশ্বৰ দেহ জ্বলি থাকে তেতিয়া পৰিৱেশত ৰোগৰ বীজানু বিয়পি থাকে সেইবাবে মহিলা আৰু শিশুক শ্মশানলৈ যোৱাত বাধা দিয়া হয়। আৰু সেইকাৰণেই শ্মশানৰ পৰা অহা পুৰুষ সকলকো গৃহত প্ৰৱেশ কৰাৰ আগতে স্নান আদি কৰি শুদ্ধি হৈ লোৱাৰ বাবে নিয়ম বান্ধি দিয়া আছে। অন্যথা সেয়া অশুভ আৰু গৃহত অশুভ শক্তি প্ৰৱেশ কৰাৰ শংকা থাকিব।

time period of success

শ্মশান ঘাটত দুষ্ট আত্মাৰ বসবাস হয়, যি আত্মা শিশু আৰু মহিলাৰ প্ৰতি বেছিকৈ আকৃষ্ট হয় , আৰু বিশেষকৈ অবিবাহিত নাৰীৰ ওপৰত। আৰু সেইবাবেই মহিলা আৰু শিশুক শ্মশান ঘাটলৈ যোৱাত বাধা প্ৰদান কৰা হৈছে।

পৰকীয়া সম্পৰ্ক কৰা লোকৰ নৰকত কি শাস্তি হয় ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক 

পৰকীয়া সম্পৰ্ক কৰা লোকৰ নৰকত কি শাস্তি হয় !

হিন্দু ধৰ্মত কিয় নশ্বৰদেহ দাহ কৰা হয় ? – গৰুড় পুৰাণ ৰহস্য ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰি পঢ়ক এই অমৃত বাণী

হিন্দু ধৰ্মত কিয় নশ্বৰদেহ দাহ কৰা হয় ? – গৰুড় পুৰাণ ৰহস্য !

হিন্দু ধৰ্ম সংস্কৃতিত এইটোও মান্যতা দিয়া হয় যে যি পৰিয়ালৰ সদস্য শ্মশান ঘাটত সৎকাৰৰ সময়ত উপস্থিত থাকে তেওঁলোকৰ শিৰ মুণ্ডণ কৰা আৱশ্যক, তেওঁ পুৰুষ অথবা মহিলা যিয়ে নহওঁক তেওঁ সেই পৰম্পৰা পালন কৰিবই লাগিব ; যিহেতু মহিলাৰ বাবে সম্পূৰ্ণ শিৰ মুণ্ডণ সম্ভৱ নহয় আৰু সেয়া হিন্দু ধৰ্মৰ বৰ্ণিত ৰূপৰ বিপৰীত সেয়ে মহিলাক শ্মশান ঘাটলৈ যোৱাত বাধা প্ৰদান কৰা আছে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *