কি কি লক্ষণ থাকিলে বুজিব যে আপোনাৰ শিশু বুদ্ধিমান ?

  আপোনাৰ সন্তান যদি বুদ্ধিমান হয় তেনেহলে আপুনি তাৰ অনুমান শিশুকালৰ পৰাই পাব পাৰে ; আৰু যদিহে খুব অসাধাৰণ গুণসম্পন্ন হয় আপোনাৰ শিশু, তাৰ বাহিৰে আন একো আনন্দৰ কথা থাকিব নোৱাৰে পিতৃ মাতৃ হিচাপে। যদি আপোনাৰ শিশু সাধাৰণ গুণৰো হয় তথাপিও শিশুৰ ওপৰত চাপ প্ৰয়োগ কৰা অনুচিত।

Parenting tips

এনে কিছুমান গুণ আৰু লক্ষণ আছে যিসমূহ দেখি অভিভাৱকে সহজতে অনুমান কৰিব পাৰে যে তেওঁৰ শিশু জিনিয়াছ ( genius) । সেই গুণসমূহ হৈছে,,

১) স্মৃতিশক্তি ( Power of memory ) :-

Good parenting tips

ভাল স্মৃতিশক্তি শিশুৰ প্ৰতিভাৰ অন্যতম লক্ষণ। স্মৃতিশক্তি হৈছে শিশুৰ বুদ্ধিমত্তাৰ মাপকাঠি। শিশুয়ে যদি কোনো কিছু দেখাৰ পিছত সেয়া দীৰ্ঘদিনলৈ মনত ৰাখিছে তেন্তে বুজিব লাগিব যে তেওঁ বুদ্ধিমান। যদিহে শিশুয়ে কোনো বিষয় এবাৰৰ পৰা তৃতীয়বাৰ চকু দিয়াৰ পিছতে মনত ৰাখিব পাৰিছে তেন্তে জানিব আপোনাৰ শিশুৰ বুদ্ধিমত্তা প্ৰখৰ।

Intelligent child's nature

২) প্ৰতিভা ( Skill ) :-

বুদ্ধিমান শিশুৰ প্ৰৱল প্ৰতিভা থাকে। এই প্ৰতিভা কিন্ত ইতিবাচক আৰু নেতিবাচকো হ’ব পাৰে। বুদ্ধিমান শিশুয়ে সৰুৰে পৰা পৰিপক্ক আচৰণ ( matured ) কৰিবলৈ লয়। নেতিবাচক চিন্তাধাৰাৰ শিশু খিনিক অভিভাৱকে অলপ গুৰুত্ব আৰু সময় দিলে সেই শিশুৰ নেতিবাচক শক্তি খিনিক ইতিবাচক কামলৈ পৰিবৰ্তন কৰিব পাৰি।

৩) সার্বিক বিকাশ ( General devel0pment ) :- অইন একে বয়সৰ শিশুৰ তুলনাত কিছুমান শিশু সার্বিক বিকাশত আগবাঢ়ি থাকে। তেওঁলোকে বয়সৰৰ আগতে হাঁহে, বহিবলৈ শিকে, খোজকাঢ়িব শিকে, কথা কবলৈ আগ্ৰহী হয় আৰু সোনকালেই নিজে খাবলৈ শিকি পেলাই। তেতিয়াই অভিভাৱকে বুজিব লাগিব যে তেওঁৰ শিশু অইনৰ তুলনাত আগবাঢ়ি গৈছে।

৪) সহমত আদায় কৰা ( Demanding sympathy ) :-

যদি শিশু এটিয়ে খুব কম বয়সতে ওচৰত থকাজনৰ সহানুভূতি আৰু আবেগ আদায় কৰিব বিচাৰে তেন্তে জানিব সেই শিশু খুব বুদ্ধিমান হয় ; নিজে কৰি থকা বা খেলি থকাৰ সময়ত বা কথা কৈ যাওঁতে কাষৰ লোকে যদি সহমত প্ৰকাশ নকৰে তেতিয়া সেই শিশু বৰ খঙাল আৰু জেদি হৈ উঠে। এইসমূহ শিশুয়ে কাৰো সহায় নোহোৱাকৈ নিজে নিজৰ মনোৰঞ্জন কৰিবলৈ ইচ্ছা কৰে।

Parenting tips

৫) সমস্যাৰ সমাধান ( Solving puzzle ) :- বুদ্ধিমান শিশু কেতিয়াও হাৰ নামানে। কোনো সমস্যা দেখা দিলেও আনৰ সহায় লবলৈ পাহৰি যায়, বৰং তেওঁ নিজেই বাৰ বাৰ সমাধান কৰিবলৈ উদ্দত হৈ থাকে। যেনে বিচনাত উঠিবলৈ বাৰ বাৰ ভৰি দাঙি থাকিব , টেবুলত থকা তেওঁক প্ৰয়োজন হোৱা বস্তুবিধ লবলৈ স্কেল ডালেৰে খুচি খুচি বাৰ বাৰ চেষ্টা কৰা ইত্যাদিবোৰ হৈছে জিনিয়াছ শিশুৰ লক্ষণ।

নিজৰ সপোন বাস্তৱ কৰিবলৈ দৰকাৰী কথা জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

নিজৰ সপোন বোৰ পুৰণ কৰিব বিচাৰে যদি এই কথা নিশ্চয় পঢ়ক !

৬) পঢ়াশুনাত ধেমালি :-

পঢ়াশুনা কৰা সময়ত শিশু এটিৰ কিমান হাস্যকৰ কথা ৰৈছে সেয়াও নিৰ্ভৰ কৰে শিশু এটিৰ বুদ্ধিমত্তাৰ ওপৰত। সমীক্ষাত প্ৰকাশ যে স্কুলিং আৰম্ভণি হোৱাৰ আগতে যিসমূহ শিশুয়ে খুব বেছি খেলিছে, খুব বেছি মানুহৰ সৈতে কথা পাতিছে, মাৰ দেউতাৰ সৈতে বেছি সময় কটাইছে তেনে শিশুয়ে ভৱিষ্যতে ফলাফল ভাল কৰে।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *