SWAMI VIVEKANANDA LESIONS

স্বামী বিবেকানন্দই এবাৰ এখন ট্ৰেইনেৰে যাত্ৰা কৰিছিল আৰু যাত্ৰাৰ সময়ত তেওঁ হাতত এজন ৰজাই উপহাৰ দিয়া ঘড়ী এটি পিন্ধিছিল। তেওঁ উঠা সেই একে ডবাটোত এটি ছোৱালীৰ দল উঠিছিল। ছোৱালীৰ দলটিয়ে স্বামীৰ দেহত গেৰুৱা পোছাক অৰ্থাৎ সন্ন্যাসীৰ পোছাক দেখি স্বামীক কিছু ধেমালি কৰিব বিচাৰিছিল আৰু স্বামীৰ সেই ঘড়ীটো খুলিবলৈ কৈছিল, লগতে কৈছিল যে যদিহে তেওঁ খুলি নিদিয়ে তেওঁলোকে আৰক্ষীক মাতিব আৰু কব যে তেওঁ ছোৱালী কেইজনীক অশালীন ব্যৱহাৰ কৰিছে। স্বামীয়ে ভয় খাইছিল, আৰু হঠাতে বুদ্ধি এটা সাজি তেওঁ কাণেৰে নুশুনাৰ ভাও জুৰিছিল আৰু ইংগিত দি বুজাবলৈ চেষ্টা কৰিছিল যে তেওঁ তেওঁলোকে কি কৈছে বুজি পোৱা নাছিল, আৰু পুনৰ ইংগিত দি বুজাইছিল যে তেওঁলোকে কি কব বিচাৰিছে এখন কাগজত লিখি দিব লাগে। কথামতে ছোৱালীৰ দলটিয়ে কথাখিনি লিখি স্বামীৰ হাতত তুলি দিছিল । স্বামীয়ে কাগজ খন লৈ নিজৰ মুখ খুলিছিল , ” যোৱা তোমালোকে আৰক্ষীক খবৰ দিয়া মোৰ হাতত প্ৰমাণ আছে” ।

SWAMI VIVEKANANDA LESIONS

স্বামী যেতিয়া আমেৰিকাত আছিল তেতিয়াৰ কথা, এবাৰ তেওঁ কেইজনমান যুৱকক বন্দুক লৈ target ত গুলি কৰাৰ অনুশীলন কৰি থকা দেখিছিল, কিছুসময় নিৰীক্ষণ কৰি তেওঁ দেখিবলৈ পাইছিল যে যুৱক কেইজনে অনেক চেষ্টা কৰিও এবাৰো target ত মাৰিবলৈ সক্ষম হোৱা নাছিল আৰু তাকে দেখি স্বামী আগবাঢ়ি গৈ তেওঁক বন্দুকটি এবাৰ দিবলৈ অনুৰোধ কৰিছিল। যুৱক কেইজনে ভাবিছিল যে এজন বয়সীয়া সন্ন্যাসীয়ে বন্দুকৰে কি কৰিব, তথাপিও অনুৰোধ ৰক্ষা কৰি যুৱক কেইজনে স্বামীৰ হাতত বন্দুকটো তুলি দিছিল। স্বামীয়ে বন্দুকৰ গুলি ফুটাই গৈছিল যত প্ৰত্যেকটো গুলিয়ে লক্ষ্য ভেদ কৰিছিল। যুৱক কেইজনে আচৰিত হৈ স্বামীক প্ৰশ্ন কৰিছিল যে ৰহস্য কি ? স্বামীয়ে খুব দৃঢ়তাৰে উত্তৰ দিছিল focus বুলি ; লগতে কৈছিল তোমালোকে যিয়ে নকৰা কিয় সদায় লক্ষ্যত focus কৰা দেখিবা গুলি target ত আঘাট কৰিবই।

new invention

আকৌ এবাৰ স্বামী ১৮৯৩ চনত যেতিয়া আমেৰিকালৈ গৈছিল তেতিয়াও তেওঁ সন্ন্যাসীৰ বেশতে ৰাজপথত ঘূৰি ফুৰিছিল, তেতিয়াৰ আমেৰিকান লোকসকল এই ধৰণৰ সন্ন্যাসী পোছাকৰ প্ৰতি অপৰিছিত আছিল। স্বামীক তেনেকৈ সন্ন্যাসীৰ বেশত দেখি এগৰাকী মহিলাই নিজৰ গিৰিয়েকৰ কাণত ফুচফুচাই কৈছিল যে সন্ন্যাসীৰ বেশত থকা মানুহ জন ভদ্ৰলোক ( gentleman) নহয়। কথাষাৰ স্বামীৰ কাণত পৰিছিল, লগে লগে স্বামীয়ে উত্তৰ দিছিল, ” Excuse me madam, আপোনালোকৰ দেশত কোনো দৰ্জীয়ে প্ৰস্তুত কৰা পোছাকে মানুহক gentleman সজাই, আৰু মই যি দেশৰ পৰা আহিছোঁ সেই দেশত চৰিত্ৰই হে মানুহক gentleman সজাই”। লগে লগে মহিলা গৰাকী স্তম্ভিত হৈ পৰিছিল ।

আমেৰিকাত থকা সময়তে স্বামীৰ জনপ্ৰিয়তা দেখি বহু খ্ৰীষ্টানধৰ্মী লোকে ভিতৰি ভিতৰি জ্বলিছিল। তাৰে কেইজনমান খ্ৰীষ্টান লোকে স্বামীৰ বদনাম কৰিবলৈ এগৰাকী সুন্দৰী যুৱতী ঠিক কৰিছিল । কথামতে কাম, সেই সুন্দৰী যুৱতীয়ে বেশ ধৰি স্বামীৰ উপদেশ সভাত আন শিষ্য সকলৰ সৈতে আসন গ্ৰহণ কৰিছিল । যেতিয়াই সুন্দৰী যুৱতী গৰাকীয়ে স্বামীক সাক্ষাৎ কৰাৰ সুযোগ পাইছিল তেতিয়াই যুৱতী গৰাকীয়ে স্বামীক বিবাহ কৰাৰ প্ৰস্তাৱ দিছিল।

SWAMI VIVEKANANDA LESIONS

মানৱ জীৱনৰ কিছু তিক্ত কথা জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

মানৱ জীৱনৰ এই কটু সত্য জানিলে জীৱন সলনি হৈ পৰিব আপোনাৰ!

 স্বামীয়ে প্ৰশ্ন কৰিছিল কিয় বিয়া হ’ব খোজে বুলি ? যুৱতী গৰাকীয়ে উত্তৰ দিছিল যে তেওঁ সাইলাখ স্বামীৰ দৰে সন্তান জন্ম দিব বিচাৰে; যাৰ গুণ একেবাৰে স্বামীৰ দৰে হয়। লগে লগে স্বামীয়ে সেই যুৱতীৰ ভৰিত ধৰি কৈছিল, ” হে মা তোমাক আৰু বিকল্প সন্তানৰ কিয় প্ৰয়োজন , যেতিয়া মই আচল সন্তানটোৱে তোমাৰৰ সন্মুখত আছোঁ”। কথা শুনি যুৱতী গৰাকী খুব লজ্জিত হৈছিল ।

SWAMI VIVEKANANDA LESIONS

আকৌ এবাৰ স্বামীয়ে এটি দুৰ্গা মন্দিৰ দৰ্শন কৰি উভতি অহাৰ সময়ত এনে এটি দুৰ্গম পথেৰে যাত্ৰা কৰিবলগীয়া হৈছিল। সেই পথত কিছুদূৰ গৈ তেওঁ বহুত বান্দৰ দেখিবলৈ পাইছিল , বান্দৰ বোৰে দাঁত উলিয়াই, হাতৰ নখেৰে অংগীকাৰ কৰি স্বামীক ভয় দেখুৱাই আছিল, স্বামীয়ে ভয়ত পলাবলৈ চেষ্টা কৰোঁতে বান্দৰৰ জাকটোৱে স্বামীৰ ফালে খেদা মাৰিছিল, তাকে দেখি পথচাৰী অইন এজন বৃদ্ধ সন্ন্যাসীয়ে স্বামীৰ ফালে চিঞৰি কৈছিল , ” Face the Bruce , এই হিংস্ৰ আৰু বৰ্বৰ পশুৰ সৈতে মুখামুখি হোৱা “। হঠাতে স্বামীৰ জ্ঞান ঘূৰি আহিছিল আৰু প্ৰচণ্ড দৃঢ়তা আৰু সাহসেৰে বান্দৰৰ জাকটোলৈ খেদা মাৰিছিল আৰু বান্দৰৰ জাকটোৱে স্বামীক পথ এৰি দিছিল। স্বামীয়ে সেই বৃদ্ধ সন্ন্যাসীক প্ৰণাম কৰি পুনৰ খোজ দিবলৈ আৰম্ভণি কৰিছিল।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *