How to set a goal for life

নিজৰ সপোন বোৰ পুৰণ কৰিব বিচাৰে যদি এই কথা নিশ্চয় পঢ়ক !

   আইনাৰ সন্মুখত সকলোৱে নিজৰ মুখমণ্ডল চাবলৈ পছন্দ কৰে, কিন্তু সেই আইনা খন ভাগি যোৱাৰ পিছত মানুহে সেইখন পেলাই দিবলৈ কুণ্ঠাবোধ নকৰে। আৰু মানুহৰ জীৱনৰ ক্ষেত্ৰতো সেইটোৱেই সত্য যে প্ৰত্যেক মানুহৰ জীৱনলৈ ভাল সময় আহে আৰু সেই ভাল সময় কেতিয়াবা আকৌ সোনকালে পাৰ হৈ যায়। টকাই সকলো বুলি সেইজনে কয় যিজনে ইতিমধ্যে জীৱনত বহুত অসহায় পৰিস্থিতিৰ মুখামুখি হৈছে টকাৰ অভাৱত পৰি।

How to set a goal for life

কেতিয়াও কাকো ঠাট্টা মস্কৰা নকৰিব কিয়নো বেয়া গুণ আপোনাৰো বহুত আছে আৰু মুখ অন্য সকলোৰে আছে। কোনে কি কৰিছে, কিয় কৰিছে, কেনেকৈ কৰিছে ; এইবোৰ কথাৰ পৰা আপুনি যিমান দূৰৈত থাকিব আপুনি সিমানে সুখত থাকিব পাৰিব। এওঁ কি ভাবিব তেওঁ কি ভাবিব, এই পৃথিৱীয়ে কি ভাবিব এই সমস্ত কথা এৰাই চলি ডাঙৰ কিবা ভাবিব আৰম্ভণি কৰক তেতিয়া দেখিব জীৱন শান্তিৰে ভৰি পৰিব। আপোনাৰ কষ্ট কাৰোবাৰ আগত প্ৰকাশ কৰাৰ আগতে অলপ ভাবি চাওঁক কাৰণ আজিকালি মানুহে আনৰ কটা ঘাঁত ঔষধ নহয় বৰং নিমখ লগাই দিয়ে। আৰু দেখিব বেছিভাগ মানুহ তেওঁলোকৰ সমস্যাৰ পৰা পলাই ফুৰিবলৈ চেষ্টা কৰে কিন্তু তেওঁলোকে এইটো নাজানে যে সমস্যাৰ পৰা পলাই ফুৰাৰ অৰ্থ হৈছে আৰু এটি নতুন সমস্যাৰ জন্ম দিয়া । মনত ৰাখিব যিজনে আপোনাৰ ভুল সঠিক সময়ত আঙুলিয়াই দিয়ে তেওঁ আপোনাৰ বন্ধু ; সেয়ে এনে বন্ধুক সকলো সময়তে গুৰুত্ব দিয়া উচিত।

carrier building motivation

 পৃথিৱীৰ এটি তিতা সত্য যে সফল লোকৰ সফলতা সকলোৱে দেখা পাই কিন্তু সেই সফলতা পাবৰ বাবে তেওঁ কিমান অন্ধকাৰ দেখিছে তাক কোনোৱে দেখা নাপায়। আৰু সেই কাৰণেই যদি আপোনাৰ সপোন বাস্তৱ নহয় তেন্তে আপোনাৰ পদ্ধতি আৰু কৌশলৰ পৰিৱৰ্তন কৰক কিন্তু সপোন একে দেখি থাকক ; কাৰণ এজোপা গছে সকলো সময়ত তাৰ পাতহে সলনি কৰে তাৰ শিপা নহয়। জীৱনত যদি কিবা কৰিব বিচাৰে , সন্মুখৰ ফালে আগুৱাই যাব বিচাৰে তেনেহলে অইন লোকৰ কথা শুনাৰ অভ্যাস বন্ধ কৰি দিয়ক, কাৰণ মানুহে আপোনাৰ বিপক্ষে তেতিয়ালৈ বেয়া কথা কৈ থাকিব যেতিয়ালৈ আপুনি সফলতাৰ মুখ নেদেখে ; মানুহে আপোনাৰ ওপৰত বিশ্বাস কৰক বা নকৰক আপোনাৰ নিজৰ ওপৰত বিশ্বাস থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সেই কাৰণে আনৰ কথা শুনি নিজৰ মন বেয়া নকৰিব কিয়নো আপোনাৰ বেয়া মনটোৱে আপোনাক দুৰ্বল কৰি দিব । আৰু এটা কথা খং আৰু জ্বৰ একে ধৰণৰ হয় ; খং কমি যোৱাৰ পিছত আৰু জ্বৰ এৰাৰ পিছতহে গম পোৱা যায় উভয়ে কিমান ক্ষতি কৰে আৰু সেই কাৰণে সকলো সময়তে নিজকে খং ৰাগৰ পৰা দূৰৈত ৰাখিব লাগে।

expectations of wife from husband

নিজৰ সপোন বোৰক জীয়াই ৰাখক, যদি আপোনাৰ সপোনৰ জুই নুমাই গৈছে তেন্তে তাৰ অৰ্থ হৈছে আপুনি বাছি থাকিও নিজকে হত্যা কৰি পেলাইছে আৰু মনত ৰাখিব সপোন সেইটো নহয় যিটো আমি ৰাতিৰ নিদ্ৰাত দেখোঁ, সপোন সেইটোহে যি পূৰণৰ ইচ্ছাত আমাক টোপনি যাব নিদিয়ে। আপুনি আপোনাৰ বিচনা খনক ইমানেই ভাল পাই নেপেলাব যাতে আপোনাৰ লক্ষ্যবোৰ মাত্ৰ সপোন হৈয়ে ৰৈ যায় ; যদি আপোনাৰ মনত ইচ্ছা আছে আপোনাৰ মনে বিচৰা এটি জীৱন পোৱাৰ , তেনেহলে জেদ ধৰক আৰু জীৱনত কিবা ডাঙৰ কৰি দেখুৱাই দিয়ক। প্ৰত্যেক পৰিয়ালত এনে এজন নিশ্চয় থাকে যিয়ে গৰিবৰ ৰেখা পাৰ কৰি বহুদূৰ আগুৱাই যায়, সেয়ে চেষ্টা ৰাখক আপোনাৰ পৰিয়ালৰ সেই মানুহজন যেন আপুনি হ’ব পাৰে। কাৰণ মানুহে নহয়, সফলতাই আৰু সাফল্যইহে কথা কয় আৰু যি মানুহ ব্যৰ্থ হৈ যায় তেওঁ হাজাৰ কথা কলেও কোনেও নুশুনে আৰু যি মানুহে সফলতাৰ মুখ দেখে তেওঁৰ কথা শুনিবলৈ ঘণ্টাৰ পিছত ঘন্টা ধৰি মানুহে অপেক্ষা কৰে।

Who is richer Mukesh Ambani or Ratan Tata

কি কি বেয়া অভ্যাসে এজন পুৰুষক বহু নিচ কৰে জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

এই অভ্যাস সমূহে এজন পুৰুষক বহু নীচ কৰে ! সোনকালে বৰ্জন কৰা উচিত !

আৰু এটা কথা কেৱল মাথোঁ ভাল কথা শুনি আৰু পঢ়ি কাৰো জীৱনত পৰিৱৰ্তন নাহে ; আপোনাৰ জীৱনত তেতিয়াহে পৰিৱৰ্তন আহিব যেতিয়া সেই ভাল কথাসমূহ নিজৰ জীৱনত প্ৰয়োগ কৰিব। আপুনি আজি লোৱা প্ৰত্যেকটি সিদ্ধান্তই আপোনাৰ ভৱিষ্যত তৈয়াৰ কৰিব। সেয়ে এই কথাসমূহৰ সৈতে আপুনি একমত যদি এই কথা সমূহ নিজৰ জীৱনত প্ৰয়োগ নিশ্চয় কৰিব। মনত ৰাখিব যিয়ে সুন্দৰ যৌৱন টোপনি মাৰি অপব্যয় কৰে তেওঁ বাৰ্ধক্য কালত কন্দা কটা কৰিব লাগিব সেয়ে সকলো সময়ত আপোনাৰ লক্ষ্য আৰু উদ্দেশ্যক আগত ৰাখি এটি ধনাত্মক চিন্তাৰে আগুৱাই যাওঁক সফলতা এনেই পাব।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *