Relationship :- ভুলটো নিজৰ স্বামীক এই কথা নকব ! অমৃত বাণী।

 বৈবাহিক সম্পৰ্ক ভালে ৰাখিবলৈ হলে, দাম্পত্য জীৱনৰ সুখ শান্তি বজাই ৰাখিবলৈ হলে দম্পত্তি সকলে কিছু নহয় কিছু কথা মানি চলা খুব দৰকাৰী। অভিজ্ঞতা সম্পন্ন দম্পত্তিয়ে এই কথাও কয় যে সম্পৰ্ক এটি সুমধুৰ কৰি ৰাখিবলৈ হ’লে বহু সৰু সৰু মিছা কথাও কবলগীয়া থাকে, অৱশ্যে তেনে মিছা কথাহে যিবোৰে কাৰো ক্ষতি নকৰে বা যিবোৰ অতি সৰু বিষয়। সেইবুলি মনত ৰখা উচিত যে কোনো সম্পৰ্ক ডাঙৰ ডাঙৰ মিছা কথাত আৰু অবিশ্বাসত গঢ় লৈ উঠিব নোৱাৰে। যি হওঁক সম্পৰ্ক ঠিক ৰাখিবলৈ হ’লে কোনো কোনো সময়ত সংগীৰ পৰা কিছু কথা গোপন ৰখা দৰকাৰী। বুদ্ধিমান স্ত্ৰীয়ে অত্যন্ত গোপন কথা বা বিষয় সমূহ বাদ দি সকলো কথাই নিজৰ স্বামীৰ আগত প্ৰকাশ কৰে। তাৰে ভিতৰতে এনে কিছুমান কথা থাকে যিসমূহ স্ত্ৰীয়ে কেতিয়াও স্বামীৰ আগত প্ৰকাশ কৰিব নালাগে, লগতে এনে কিছুমান কথা থাকে যিসমূহৰ বিষয়ত কেতিয়াও স্বামীক প্ৰশ্ন কৰিব নালাগে। অন্যথা স্বামীয়ে স্ত্ৰীক হেয় জ্ঞান কৰা নিশ্চিত আৰু যাৰ ফলত সংসাৰ এখন, সম্পর্ক এটি ঠুনুকা হৈ পৰিব পাৰে। জানো আহক বিস্তাৰিত ভাবে।

relationship tips

ৰোজগাৰ আৰু আয়ক লৈ এই কথাবোৰ নকব !

সকলোৰে মাহেকীয়া আয় একে নহয় লগতে প্ৰত্যেক মাহতে সমানে উপাৰ্জন কৰিব পৰা নাযায়। এই কথা ঠিক যে এটি ভাল জীৱন যাপনৰ বাবে মানুহক টকা পইচাৰ প্ৰয়োজন। তথাপিও কিছুমান কথা মানি চলা দৰকাৰী। টকা পইচা সকলোকে প্ৰয়োজন লগতে সকলোৱে স্বামীৰ উপাৰ্জনৰ কথা জানি লৈয়ে বিবাহত বহে। তাৰ মাজতে বিবাহৰ পিছত যদি নিজৰ স্বামীৰ কেতিয়াবা আৰ্থিক দান্যতা আহে সেই সময়ত স্বামীৰ সৈতে সহযোগ কৰা উচিত আৰু তেওঁৰ সৈতে সহযোগিতা কৰা অত্যন্ত প্ৰয়োজনীয় ; সেই বেয়া সময়ত তেওঁক কেতিয়াও টান কথা কোৱা অনুচিত। অন্যথাই স্বামীৰ মনত স্ত্ৰীৰ প্ৰতি বেয়া ধাৰণাৰ সৃষ্টি হ’ব পাৰে।

expectations of wife from husband

এই কথা কলে সম্পৰ্ক আউল লাগিব আৰু সংসাৰ ভাঙিবই !

স্বামী স্ত্ৰীৰ সৰু সুৰা কাজিয়া পেছাল থাকিব, যিসমূহে বৰং বহুসময়ত সম্পৰ্ক এটি দৃঢ় কৰে। কিন্তু সেই কাজিয়াৰ সময়ত ইজনে সিজনক আঘাত কৰিবলৈ গৈ প্ৰত্যুত্তৰ দিবলৈ গৈ খঙতে বহু সৰু ডাঙৰ কথা কৈ দিয়াৰ প্ৰৱণতা মানুহৰ থাকে। কাৰণ প্ৰতিজনে মানুহে জেদত জিকাৰ ইচ্ছা ৰাখে। কিন্তু মনত ৰাখিব কাজিয়া যিমানে নকৰক যাতে ভুলটো স্বামীৰ ওচৰত স্ত্ৰীৰ প্ৰাক্তনৰ কথা কব নালাগে, নিজৰ স্বামীৰ সৈতে প্ৰাক্তনক তুলনা কৰিব নালাগে। এনে কৰিলে স্বামীৰ মনত নিজৰ স্ত্ৰীৰ প্ৰতি বেয়া ধাৰণাৰ সৃষ্টি হয়, সম্পৰ্ক বেয়ালৈ যাব পাৰে, আনকি সুখৰ দাম্পত্য জীৱন নষ্ট হৈ পৰিব পাৰে।

expectations of wife from husband

আনে কি কৈছে সেয়া নকব !

প্ৰত্যেক পৰিয়াল আৰু আন আন বন্ধু বৰ্গৰ আনৰ সম্পৰ্ক আৰু দাম্পত্যৰ প্ৰতি আগ্ৰহ থাকে, লোকৰ কথা, আনৰ দাম্পত্য জীৱনৰ কথা আলোচনা কৰা ইত্যাদিবোৰ ঘটি থাকে মানুহৰ মাজত , আনকি বহু লোকে এইবোৰ কৰি স্ফূৰ্তি পায়। আপোনাৰ বন্ধু সকলৰো আপোনাৰ দাম্পত্য আৰু সংসাৰৰ প্ৰতি কিছু ধাৰণা আৰু মন্তব্য অৱশ্যে থাকে , স্ত্ৰী হিচাপে সেইবোৰ কথা বা লোকৰ মন্তব্য যদি আপুনি শুনিছে সেইবোৰ আপোনাৰ মাজতে ৰাখক, কেতিয়াও স্বামীৰ আগত প্ৰকাশ নকৰিব। বেয়া খিনি বাদেই আনকি ভালখিনিও প্ৰকাশ নকৰিব। কিয়নো আনে সমালোচনা কৰা নেতিবাচক কথাই আপোনাৰ স্বামীৰ মনত কষ্ট দিব পাৰে।

স্বামী স্ত্ৰীয়ে এই গোপন কথাত মন দিলে বিবাহিত জীৱনত ভৰপুৰ ৰোমাঞ্চ থাকে ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

স্বামী স্ত্ৰীয়ে এই গোপন কথাত মন দিলে বিবাহিত জীৱনত ভৰপুৰ ৰোমাঞ্চ থাকে !

স্বামীৰ পৰিয়াল বৰ্গৰ এইসমূহ কথা নকব!

কোনোদিনে নিজৰ স্বামীক তেঁওৰ পৰিয়াল আৰু বংশ কুটুমৰ বিষয়ে বিৰূপ মন্তব্য বা কথা দাঙি নধৰিব। ইয়াৰ ফলত তেওঁৰ আপোনাৰ প্ৰতি বেয়া ধাৰণাৰ সৃষ্টি হ’ব পাৰে। তেওঁৰ পৰিয়ালৰ কোনো সদস্যক আপোনাৰ পছন্দ নহয় তেনে কথা স্ত্ৰী হিচাপে আপুনি মন্তব্যৰ পৰা বিৰত থকা বাঞ্চনীয়। বিপৰীতে যদি তেওঁৰ পৰিয়ালৰ কোনো সদস্যই আপোনাক বেয়া ব্যৱহাৰ কৰিছে, আঘাত কৰিছে সেই কথা অৱশ্যে নিজৰ স্বামীক প্ৰকাশ কৰাটো কোনো ভুল কথা নহয়। আনকি অন্যায় মানি লোৱাটোও উচিত নহয়। তেওঁৰ পৰিয়ালৰ কি কথা কব, কি কব নালাগে সেয়া সিদ্ধান্ত আপোনাৰ আৰু বিবেচনাধীন হোৱা উচিত।

relationship tips

বিচনাত কোন কেনে !

যৌনজীৱন বিবাহিত আৰু বিবাহিতা দম্পত্তিৰ বাবে এক অপৰিহাৰ্য বিষয়। সম্পৰ্কৰ মধুৰতা এই বিষয়ৰ ওপৰত বহুগুণে নিৰ্ভৰশীল। কিন্তু প্ৰতিদিনে মানুহৰ জীৱন একে নাথাকে ; বহু সময়ত মানুহৰ ষ্ট্ৰেছ, মানসিক চাপ, কামৰ হেঁচা ইত্যাদি বহু বিষয় থাকে যিয়ে যৌনতাৰ ওপৰত প্ৰভাৱ পেলাই। যাৰ ফলতে স্বামীৰ এই বিষয়ত কিছু অনীহা দেখিলেই তেওঁক সৰু ডাঙৰ কটু কথা শুনালে স্বামীৰ মনত বিষণ্ণতা আহিব পাৰে। কিন্তু যদি দিন প্ৰতিদিনে একে অনীহা থাকে তেতিয়া কিন্তু তেওঁৰ সৈতে বহি আলোচনা কৰা উচিত। তেতিয়া নিশ্চিত ভাবে উভয়ে ভুলবোৰ বুজিব পাৰিব, আৰু লাগিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *