এবাৰ এজন ৰজাই নিজৰ ৰাজ্যৰ এজন সন্ন্যাসীক নিজৰ ৰাজ মহললৈ মাতি আনিছিল আৰু কৈছিল, ” হে সন্ন্যাসী , যদি মই তোমাৰ পৰা কিবা বস্তু এটি বিচাৰো তেন্তে মোক দিবানে “? সন্ন্যাসীয়ে উত্তৰ দিছিল, ” অৱশ্যে দিম, কওঁক আপুনি কি বিচাৰে “? লগে লগে ৰজাই সেই সন্ন্যাসীৰ হাতত থকা ভিক্ষাৰ পাত্ৰটো খুজিছিল। সন্ন্যাসীয়ে পলম নকৰি কোনো ধৰণৰ অনুসূচনা নোহোৱাকৈ ৰজাক পাত্ৰটি দিছিল যদিও তেওঁৰ সম্পত্তি বুলি তেওঁ পিন্ধি থকা পোছাক জোৰ আৰু মাত্ৰ সেই ভিক্ষা পাত্ৰটিয়ে আছিল । সন্ন্যাসীৰ কাৰ্য্যত ৰজা সন্তুষ্ট হৈছিল আৰু বিনিময়ত ৰজাই সেই সন্ন্যাসীক এটি সুন্দৰ সোণৰ পাত্ৰ দান কৰিছিল যি পাত্ৰৰ চাৰিওফালে হীৰা লাগি আছিল। কিছুক্ষণ পিছত ৰজাৰ অনুমতি লৈ সন্ন্যাসী এক জংঘলৰ ৰাস্তাৰে নিজৰ জুপুৰীৰ ফালে ধাৱমান হৈছিল। ঘন জংঘলেৰে গৈ থাকোঁতে সেই সন্ন্যাসীক এটি মাৰ্ঘট চোৰে দেখা পাইছিল আৰু সন্ন্যাসীৰ হাতত সোণৰ পাত্ৰটি দেখি সেই চোৰজনে সন্ন্যাসীক অনুসৰণ কৰিছিল। হঠাতে সন্ন্যাসীজনে চোৰ টিক প্রত্যক্ষ কৰিছিল আৰু অনুমান কৰি লৈছিল যে সোণৰ পাত্ৰটিৰ বাবেই চোৰজনে তেওঁক অনুসৰণ কৰিছিল । সন্ন্যাসীয়ে অনুভৱ কৰিছিল যে ক্ষন্তেক আগতে পোৱা সেই সোণৰ পাত্ৰটিয়ে তেওঁৰ মানসিক শান্তি নষ্ট কৰি পেলাব সেয়ে তেওঁ পাত্ৰটি চোৰ জনক দি দিবলৈ মনতে ঠিৰাং কৰি পেলাইছিল। সন্ন্যাসীয়ে নিজৰ জুপুৰিটোত সোমোৱাৰ আগতে পাত্ৰটি বাহিৰত পেলাই থৈ জুপুৰীৰ ভিতৰত প্ৰৱেশ কৰিছিল।
চোৰ জনেও এডাল গছৰ পিছত লুকাই থাকি সমগ্ৰ দৃশ্য চাই আছিল। সন্ন্যাসী জুপুৰীত সোমোৱা দেখি চোৰ জনে ওচৰ চাপি গৈ পাত্ৰটো হাতত তুলি লৈ চিন্তা কৰিছিল যে সন্ন্যাসীয়ে যেতিয়া সোণৰ পাত্ৰ এটি বাহিৰত পেলাই ৰাখিব পাৰে নিশ্চয় জুপুৰীৰ ভিতৰত আৰু বহুত সোণৰ পাত্ৰ বা তাতোকৈ মূল্যবান বস্ত্ৰ থাকিব পাৰে।
তাকে ভাবি সন্ন্যাসী জুপুৰীৰ ভিতৰত মনে মনে প্ৰৱেশ কৰিছিল আৰু তাৰ ভিতৰত গৈ দেখিছিল যে সন্ন্যাসী গভীৰ তপস্যাত ইতিমধ্যে বিভোৰ হৈছে। তাকে দেখি চোৰে জুপুৰীৰ চাৰিওফালে মনে মনে কত কি আছে বিচাৰিছিল যদিও জুপুৰীত একো দেখা নগৈছিল। তাকে দেখি সন্ন্যাসী আৰু বেছি অবাক হৈছিল আৰু ভাবিছিল যে যদিহে জুপুৰীত একো নাই তেন্তে সন্ন্যাসীয়ে ইমান মূল্যবান সোণৰ পাত্ৰটি কিয় বাহিৰত পেলাই দিছে ! চোৰজনে কিবা ৰহস্য নিশ্চয় আছে বুলি অনুমান কৰিছিল। অৱশেষত চোৰে ঠিৰাং কৰিছিল যে সন্ন্যাসীৰ জুপুৰীত কিবা থাকক বা নাথাকক তেওঁ পাত্ৰটি চোৰ কৰি লৈ যাবই। পাত্ৰটি লৈ দুই তিনি খোজ দিয়াৰ পিছত চোৰজনৰ মূৰত পুনৰ এটি প্ৰশ্ন আহিছিল যে ইমান মূল্যবান পাত্ৰটি যে সন্ন্যাসীয়ে বাহিৰত পেলাই ৰাখিব পাৰিছিল তেওঁৰ কি বস্তু আছে যাৰ বাবে তেওঁ ইমান মূল্যবান সম্পদ বাহিৰত পেলাই ৰাখিবলৈ মোহ লগা নাছিল, ইমান মূল্যবান বস্তু বাহিৰত ৰাখি তেওঁ ধ্যানত মগ্ন হ’ব পৰিছিল।
চোৰৰ মনত এই প্ৰশ্নৰ উত্তৰ জানিবৰ প্ৰবল ইচ্ছা জাগি উঠিছিল সেয়ে চোৰজন কোঠালিৰ ভিতৰত পুনৰ সোমাই গৈছিল আৰু সন্ন্যাসীৰ সন্মুখত বহি পৰিছিল। বহু দেৰি পিছত যেতিয়া সন্ন্যাসীৰ ধ্যান ভাগিছিল তেতিয়া প্ৰত্যক্ষ কৰিছিল যে চোৰজন তেওঁৰ সন্মুখত বহি আছে , তাকে দেখি সন্ন্যাসীয়ে হাঁহি মাৰি প্ৰশ্ন কৰিছিল, ” তুমি ঘূৰি আহিছা”? চোৰজনে উত্তৰ দিছিল, ” বাবা, মই গোটেই ৰাস্তা আপোনাৰ পিছে পিছে আহিছিলো আপোনাৰ এই মূল্যবান পাত্ৰটি চুৰি কৰাৰ বাবে আৰু পাত্ৰটি মই সহজতে পায়ো গৈছোঁ কিন্ত কিয় নাজানো মোৰ মনটোৱে এটা কথা জানিবলৈ ইমান ইচ্ছা প্ৰকাশ কৰিছে যে আপোনাৰ লগত একো নোহোৱাৰ পিছতো আপুনি ইমান মূল্যবান পাত্ৰটি বাহিৰত কিয় পেলাই ৰাখিছিল “?
হে মহাত্মা, ” আপোনাৰ সৈতে এনে কি সম্পদ আছে যি এই পাত্ৰতকৈ মূল্যবান”? প্ৰশ্ন শুনি সন্ন্যাসী মিঠা হাঁহিৰে উত্তৰ দিছিল, ” মোৰ লগত এনে এটি মূল্যবান সম্পদ আছে যিটো তুমি দেখিবলৈ নোপোৱা, মোৰ সৈতে ধ্যানৰ সম্পদ আছে যাৰ সন্মুখত পৃথিৱীৰ সকলো ধন সম্পদ অতি নগণ্য”। এইটো শুনাৰ পিছত চোৰ জনে সন্ন্যাসীৰ ভৰিত আঁঠু লৈছিল আৰু কৈছিল, ” হে মহাত্মা মোক ক্ষমা কৰি দিব, মই এজন চোৰ আৰু মই আপোনাৰ পৰা চুৰি কৰিবলৈ আহিছিলোঁ, মই আজিৰ পৰা আৰু একো চুৰি নকৰো ; আপুনি যদি দয়া কৰি আপোনাৰ পৰা অলপ ধ্যান মোক দান কৰে তেন্তে মই ধৈন্য হৈ পৰিম আৰু মনত শান্তি পাম”।
শৰীৰৰ কোন তিনি অংগত তিল থাকিলে মানুহ ভাগ্যশালী হয় জানিবলৈ তলত ক্লিক কৰক
Continue reading main post…
তাকে শুনি সন্ন্যাসী হাঁহিছিল আৰু কৈছিল, ” তুমি যদি বিচৰা তেতিয়া তুমিও ধ্যানৰ অমূল্য সম্পদ আহৰণ কৰিব পাৰিবা মাত্ৰ তাৰ বাবে তোমাক লাগিব প্ৰচণ্ড ধৈৰ্য শক্তি “। চোৰ জনে মান্তি হোৱাত সন্ন্যাসীয়ে তেওঁক ধ্যান কেনেকৈ কৰিব লাগে শিকাই দিছিল । আৰু লগতে কৈছিল যে এই ধ্যানৰ ফলত তোমাৰ মনৰ সকলো চিন্তা দূৰ হৈ যাব আৰু তেতিয়াই তোমাৰ মন শান্ত হৈ পৰমাত্মাৰ সৈতে সংযোগ হৈ পৰিব ফলতে তোমাৰ ভিতৰৰ লোভ, ক্ৰোধ আৰু মায়া নিয়ন্ত্ৰণ হৈ পৰিব। সন্ন্যাসীৰ কথাত আশ্বস্ত হৈ তেওঁ ধ্যান কৰা আৰম্ভ কৰিলে আৰু চুৰি কাৰ্য্যৰ পৰা বিৰত হৈ পৰিছিল , সময়ৰ গতিত সেই চোৰৰ জীৱন সম্পূৰ্ণ সলনি হৈ পৰিছিল।
আমাৰ চাৰিওফালে আমি এনে কিছু লোক দেখা পাওঁ যিয়ে ধ্যান কৰিবলৈ ইচ্ছা কৰে আৰু ধ্যান কৰেও কিন্তু ধ্যান কেনেকৈ কৰিব লাগে নাজানে। ধ্যান বিভিন্ন ধৰণে কৰা যায় কিন্তু সকলো প্ৰকাৰৰ ধ্যানৰ ভিতৰত আটাইতকৈ সহজ পদ্ধতি হৈছে নিজৰ চকু বন্ধ কৰি আসনত বহিলৈ নিজৰ সম্পূৰ্ণ মনোযোগ নিজৰ উশাহ নিশাহৰ গতিত সীমাবদ্ধ ৰাখি পৰমাত্মাক স্মৰণ কৰা। আৰু যেতিয়া ধ্যান সদায় কৰিব তেতিয়া আপোনাৰ শৰীৰ আৰু মনক পৃথকে অনুভৱ কৰিব পাৰিব, আৰু সেইটোৱেই এটা স্তৰ যত মানুহৰ মনৰ পৰা চিন্তা, দুখ আৰু কষ্ট দূৰ হৈ যায় । মনত ৰখা উচিত যে ধ্যান সকলোয়ে কৰিব পাৰে নিজৰ মনক শান্ত কৰি ৰাখিবলৈ আৰু নিয়ন্ত্ৰণত ৰাখিবলৈ। ধ্যানৰ লগত ধর্মৰ কোনো সম্পৰ্ক নাই ; আপুনি যদি দুখ , কষ্ট আৰু চিন্তা মুক্ত এক জীৱন জিয়াব বিচাৰে তেন্তে আজিৰ পৰা ধ্যান কৰা আৰম্ভণি কৰক । কথাবোৰ ভাল লাগিলে বিলাই দিবলৈ নাপাহৰিব। ধন্যবাদ।