how to avoid foul smell from mouth cavity

মুখৰ গোন্ধ ওলাই নেকি ? কেনেকৈ দূৰ কৰিব ? ঘৰুৱা দিহা !

বহু লোকৰ মুখৰ ভীষণ দুৰ্গন্ধ থাকে আৰু তেনেলোকৰ ওচৰত কথা পাতিলে অইন লোকে বহু অস্বস্তি বোধ কৰে। অকল অইন লোক জনে নহয় তেওঁ নিজেও ভীষণ অস্বস্তি অনুভৱ কৰে। এই দুৰ্গন্ধ কিয় হয় আৰু কি ঘৰুৱা উপাদানেৰে ইয়াৰ সমাধান পাব পাৰি তাকে জনাবলৈ চেষ্টা কৰা হৈছে।

How to avoid foul smell from mouth cavity

কবলৈ গলে যেনেদৰে সকলো ৰোগৰ এটি কাৰণ থাকে মুখৰ দুৰ্গন্ধ ওলোৱাৰ মূল কাৰণ হৈছে পেটৰ সমস্যা। যি লোকৰ বেছিকৈ গেছৰ সমস্যা, উদগাৰ অহা, পেটফুলা, খাদ্য খোৱাৰ বহু সময়ৰ পিছতো পেট ভৰা ভৰা লাগি থকা, লিভাৰৰ সমস্যা আদি সমস্যা থাকে তেতিয়া চৰম মাত্ৰাত মুখৰ দুৰ্গন্ধ ওলাব পাৰে। তাৰ উপৰিও যি লোকৰ মুখমণ্ডলৰ লেলাওটি সোনকালে সোনকালে শুকাই যায় তেতিয়াও মুখৰ দুৰ্গন্ধ ওলাব পাৰে কিয়নো এই লেলাওটি য়ে যেনেকৈ হজমত সহায় কৰে ঠিক তেনেকৈ মুখমণ্ডল পৰিষ্কাৰ কৰে, মুখমণ্ডলৰ বেক্টেৰিয়া নিয়ন্ত্ৰণ কৰে। সেই কাৰণেই মানুহৰ মুখমণ্ডলত প্ৰাকৃতিক লেলাওটি উৎপাদন কমি গলে মুখৰ দুৰ্গন্ধ ওলাই। তাৰোপৰি মুখমণ্ডলত বীজাণু সংক্ৰমণ, মুখত ঘাঁ লগা, নিয়মিত দুবাৰ কৈ দাঁত ব্ৰাছ নকৰা আদিৰ বাবেও দুৰ্গন্ধ আহিব পাৰে।

Deep breathing exercise improve brain power

তাৰোপৰি হাওঁফাওঁৰ ৰোগ যেনে বীজাণু সংক্ৰমণৰ ( lung infection) পৰাও উশাহ নিশাহত মাৰাত্মক মুখৰ দুৰ্গন্ধ আহিব পাৰে। বহুদিনৰ চাইনাচাইটিছ ( sinusitis) সমস্যাৰ বাবেও মুখৰ দুৰ্গন্ধ আহে।

এই মুখৰ দুৰ্গন্ধ নাইকিয়া কৰিবলৈ নিয়মীয়া দুবাৰকৈ দাঁত ব্ৰাছ কৰা অতি দৰকাৰী। গৰম পানীৰ সৈতে নেমুৰ ৰস চেপি লৈ সেই পানীৰে মুখমণ্ডল পোখালি তাৰ পিছত অৱশিষ্ট সেই নেমুপানী খিনি পেলাই নিদি খাই দিলে মুখৰ দুৰ্গন্ধ দূৰ হোৱাৰ উপৰিও দেহৰ চৰ্বি বিনাশতো সহায়ক হয়। এই কাম ৰাতিপুৱা আৰু আবেলি দুবাৰকৈ কৰিলে অৱশ্যে উপকৃত হ’ব পাৰি।

আধা চামুচ ডালচিনি গুৰি এগিলাচ পানীৰ সৈতে মিহলাই লৈ সেই পানীত দুটি ইলাচীৰ ডানা আৰু এটি তেজপত্ৰ দি ভালদৰে উতলিবলৈ দি পানীখিনি কিছু ঠাণ্ডা হ’বলৈ দি দিনে দুবাৰকৈ মুখ পোখালিলে উপকৃত হ’ব পাৰি । এই উপকৰণে মুখৰ দূৰ্গন্ধ দূৰ কৰাৰ উপৰিও চৰ্দিৰ সমস্যা দূৰ কৰাটো সহায় কৰে। লগতে এই পানীৰ অৱশিষ্ট খিনি খাই পেলাবও পাৰি।

How to avoid foul smell from mouth cavity

এটাকৈ লবঙ্গ দিনত এবাৰ হলেও চোৱাই খালে মুখৰ দুৰ্গন্ধ দূৰ হৈ যায়। ইয়াৰ উপৰিও পানৰ সৈতে খোৱা ছপ্ এক চামুচ চোৱাই খাই দিলেও ভালেখিনি মুখৰ দূৰ্গন্ধ দূৰ হৈ যায়।

বেকিং চ’দাই চমৎকাৰী ভাবে মুখৰ দুৰ্গন্ধ দূৰ কৰিব পাৰে। এই চ’দা পানীত মিহলাই লৈ মুখ পোখালিলে নাইবা এই চ’দাৰে টুথব্ৰাছৰ সহায়ত দাঁত মাজিলেও মুখৰ দুৰ্গন্ধ দূৰ হয়। আৰু এনে কৰিলে মুখমণ্ডল বহুত ফ্ৰেছ ( freshness) হৈ যায়।

ইয়াৰ উপৰিও আপেল চিদাৰ ভিনেগাৰ খাব পাৰে। অলপ পানীত যদি আপেল চিদাৰ ভিনেগাৰ মিহলাইল মুখ পোখালে বা খাই দিয়ে নিশ্চিতভাৱে মুখমণ্ডল পৰিষ্কাৰ হৈ পৰিব আৰু দুৰ্গন্ধ দূৰ হ’ব।

কিন্তু মনত ৰাখিব ইমান বোৰ কৰাৰ পিছতো যদি মুখৰ দুৰ্গন্ধ দূৰ নহয় তেন্তে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লবলৈ নাপাহৰিব। কথাবোৰ ভাল লাগিলে নিশ্চিতভাৱে আনলৈ ভাগৱতৰা কৰিব বুলি আশা থাকিল।

Assamese sad video…

ৰাতি দেৰিকৈ শুলে কি বিপদ হয় জানিবলৈ তলত ক্লিক কৰি পঢ়ক 👇👇

ৰাতি দেৰিকৈ শুলে এই বিপদ আহিবই ! ডোপামিন কম ক্ষৰণ হৈ হ’ব ডিপ্ৰেছন !

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *