Physical signs of rich man

শৰীৰৰ এই তিনি অংগত তিল থাকিলে লোক অত্যন্ত ধনী হয় !

  প্ৰাচীন হিন্দু গ্ৰন্থ সমুদ্ৰ শাস্ত্ৰত উল্লেখ আছে যে মানুহৰ দেহৰ অংগ সমূহৰ গঠন আৰু অংগসমূহত থকা কিছুমান বিশেষ চিহ্নৰ পৰা তেওঁৰ ভৱিষ্যত বাণী কব পৰা যায়। প্ৰাচীন ঋষি সকলে বিশ্বাস কৰিছিল যে গ্ৰহৰ স্থিতিৰ আৰু প্ৰভাৱত মানুহৰ শৰীৰৰ ভিন্ন ঠাইত তিল দেখিবলৈ পোৱা যায়। আৰু এই তিলৰ স্থিতি আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰে সেই ব্যক্তিৰ ভৱিষ্যত জীৱনৰ বহু কথা।

Advertisement

সমুদ্ৰ শাস্ত্ৰ অনুসৰি মূৰত যদি তিল থাকে সেয়া বহুতেই শুভ। বহুত কম মানুহৰ মূৰত তিল থাকে , এই লোক বুদ্ধিমান হোৱাৰ লগতে অত্যন্ত অৰ্থ সাম্ৰাজ্যৰ অধিকাৰী হয়। কিন্তু এইটো বেছি দৰকাৰী যে মূৰৰ কোন ঠাইত তিল আছে। যদিহে মূৰৰ বাওঁফালে তিল থাকে সেই লোকৰ বয়সৰ লগতে আৰ্থিক পৰিস্থিতি সলনি হয় আৰু তেওঁলোকৰ বাবে বিদেশ ভ্ৰমণৰ পথ প্ৰশস্ত হয়। যদিহে মূৰৰ সোঁওফালে তিল থাকে সেই ব্যক্তি ধন কুৱেৰৰ শাৰীত পৰিব, বহু অৰ্থ সাম্ৰাজ্যৰ অধিকাৰী হলেও অৰ্থ খৰছ কৰিব বা আনক দিবলৈ অপাৰগ থাকে এই ব্যক্তিৰ। এনে লোকে আনক সহায় নকৰে। আৰু যদি মূৰৰ সোঁমাজত তিল থাকে সেই ব্যক্তি ভৱিষ্যতে মহান ব্যক্তি ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। এনে লোকৰ বাবে খুব ভাল আৰু সৎ জীৱন সংগীৰ যোগ থাকে।

Symbolic signs of girl to be lucky !!

চকুৰ পতাত তিল থকাটো ভাগ্যশালী মান্যতা দিয়া হয় । যি মহিলাৰ দুয়ো চকুৰ পতাত তিল থাকে তেওঁক অতি ভাগ্যশালী মান্যতা দিয়া হয়। এই মহিলা যি ঘৰলৈ বিবাহ হৈ যায় সেই ঘৰত সুখ আৰু সমৃদ্ধি বিৰাজ কৰে। সেই গৃহত ধন আৰু ধানৰ অভাৱ নঘটে।

যদিহে চকুৰ পতাৰ বাওঁফালে বা সোঁওফালে তিল থাকে সেই ব্যক্তি বিবাহৰ আগত বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে কিন্ত বিবাহৰ পিছতে এওঁলোকৰ ভাগ্য সলনি হৈ পৰে। বিবাহৰ পিছত এওঁলোকৰ আকস্মিক ধনৰ প্ৰাপ্তি হয়।

হিট কমেদি ভিডিঅ’ 👇👇

Continue reading main post ..

বুকত তিল থকা এক ভাগ্যৰ চিহ্ন। যি মহিলাৰ বুকুত তিল থাকে তেঁওলোকৰ ভাগ্যত চৰকাৰী চাকৰিৰ যোগ থাকে। পুৰুষৰ বুকুত তিল থাকিলে সেই পুৰুষ শক্তিশালী আৰু মহা – আকাংশী হয়। এনে পুৰুষ বহুত পৰিশ্ৰমী স্বভাৱৰ হয়।

সমুদ্ৰ শাস্ত্ৰ অনুসৰি কাণত তিল থকা লোক বহুত জ্ঞানী স্বভাৱৰ হয়। এওঁলোকৰ হাতত ধন টকাৰ অভাৱ নঘটে আৰু এওঁলোকে ধন টকাৰ সৎ ব্যৱহাৰ কৰে যাৰ বাবে তেওঁলোক ভৱিষ্যতে বহু আগবাঢ়ি যাব পাৰে।

Physical signs of rich women

ওঠত তিল থাকিলে মানুহ বহুত ভাগ্যশলী হয়। সমুদ্ৰ শাস্ত্ৰ অনুসৰি এনে লোকৰ ভাগ্য নিজৰ আয়ত্বৰ ভিতৰত সীমাবদ্ধ থাকে। এওঁলোকে আকমান যত্ন আৰু পৰিশ্ৰম কৰিলেই জীৱনত ৰত্ন লাভ কৰে। ভৱিষ্যত জীৱনত এনে লোক বহুত ধনী হয়।

কান্ধত তিল থাকিলে বহুত ভাল বুলি মান্যতা দিয়া হয় সমুদ্ৰ শাস্ত্ৰত। পুৰুষৰ কান্ধত তিল থাকিলে তেনে পুৰুষ কঠোৰ অনুশাসন আৰু উদ্দমী হয়। এনে পুৰুষে নিজৰ দায়িত্ব খুবেই ভালকৈ পালন কৰে। সোঁ কান্ধত তিল থাকিলে খুব কম বয়সতে মানুহ প্ৰতিষ্ঠিত হ’ব পাৰে আৰু বাওঁ কান্ধত তিল থাকিলে কিছু দেৰি লাগিলেও মানুহ সফল জীৱন লাভ কৰে।

সমুদ্ৰ শাস্ত্ৰ অনুসৰি সোঁ হাতৰ তলুৱাত তিল থাকিলে মানুহ অতি ধনী হোৱাৰ যোগ থাকে।

সম বয়সৰ লৰা -ছোৱালীৰ বিবাহৰ ফলত কি অসুবিধা দেখা দিয়ে জানিবলৈ তলত ক্লিক কৰক

সম বয়সৰ লৰা, ছোৱালীৰ বিবাহে দাম্পত্য জীৱনত সৃষ্টি কৰে অশান্তি !

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *