Do these before sleep

টোপনিৰ আগত কি কি কৰা উচিত আৰু তাৰ পিছত চাওঁক চমৎকাৰ !

  ইমানদিনে শুনিছে টোপনিৰ আগত কি কি কৰা অনুচিত কিন্তু আজি জানি লওঁক কি কি কৰা উচিত আৰু তাৰ পিছত চাওঁক চমৎকাৰ !

আপুনি জানেনে এই পৃথিৱীত সফল ব্যক্তি এজনে ৰাতি টোপনি যোৱাৰ আগত কি কি কৰে ? নে তেওঁ এজন সাধাৰণ লোকৰ দৰেই কোনো পৰিকল্পনা নকৰাকৈ শুই যায় ; নে টোপনিৰ আগতে এনে কিছুমান কাম কৰে যাৰ আঁৰত লুকাই থাকে তেওঁৰ সফলতাৰ কিছু কাহিনী ?

জানি থওঁক যে এজন সফল ব্যক্তি টোপনিৰ আগতে কিছু পৰিকল্পনা নিশ্চয় কৰে আৰু এনে ধৰণৰ ভিন্ন ধৰ্মী কিছুমান অভ্যাসৰ বাবে তেওঁলোকে জীৱনত কিছুমান ডাঙৰ সফলতা অৰ্জন কৰে। কিন্তু তাৰ বিপৰীতে আমাৰ দৰে সাধাৰণ লোকে টোপনিৰ আগতে টিভি চাওঁ নাইবা হেডফোনত গান শুনি শুনি নাইবা মোবাইলত ভিডিঅ’ চাই শুই যাওঁ। প্ৰথমে সফল ব্যক্তি সকলৰ এই অভ্যাস সমূহ জানি লওঁ আহক ।

১) কিতাপ পঢ়া :- সকলো সফল ব্যক্তিয়ে টোপনিৰ আগত কিতাপ পঢ়ে যি কিতাপ তেওঁৰ ব্যৱসায় বাণিজ্য কেন্দ্ৰিক হ’ব পাৰে , অনুপ্ৰেৰণামূলক কিতাপ হ’ব পাৰে নাইবা আন কোনো বিশেষ ব্যক্তিৰ জীৱন বুৰঞ্জীৰ কিতাপো হ’ব পাৰে।

do-these-before-sleep

কিয়নো এই কিতাপ সমূহৰ পৰা তেওঁলোকে ধনাত্মক শক্তি আহৰণ কৰিব বিচাৰে আৰু যাৰ ফলত তেওঁলোকে পিছদিনা সকলো কাম ধনাত্মক শক্তিৰে কৰিব সামৰ্থ হয়। বিল গেটছৰ নাম সকলোয়ে নিশ্চয় শুনিছে যিয়ে গোটেই জীৱন এই কাম কৰি আহিছে। সেয়ে কোৱা হয় যে টোপনিৰ আগতে কিতাপ পঢ়িলে জীৱনত কিবা নহয় কিবা ভাল ঘটিবলৈ গৈ আছে।

২) ডায়েৰী লিখা :- অধিকাংশ সফল ব্যক্তিয়ে টোপনিৰ আগতে দিনটোৰ কিছু দৰকাৰী আৰু কিছু পৰিকল্পনাৰ কথাৰ লগতে নিজৰ শুভ আৰু ধনাত্মক চিন্তাসমূহ নিজৰ ডায়েৰীত লিপিবদ্ধ কৰি ৰাখে। লগতে ইতিমধ্যে দিনটোত কি ভাল কাম হৈছে সেয়াও লিপিবদ্ধ কৰি ৰাখে। ফলত ইয়াৰ পৰা তেওঁ নিৰ্ণয় কৰি উলিয়াব পাৰে কি কি কাম ইতিমধ্যে কৰা হৈছে আৰু কি বাকী ৰৈছে।

do-these-before-sleep

সেয়ে কোৱা হয় যদি আপুনিও ডায়েৰী লিখে তেন্তে আপোনাৰ জীৱন বুৰঞ্জী আন কোনোবাই ভৱিষ্যতে পঢ়িবলৈ পাব।

৩) অহাকালিৰ বাবে পৰিকল্পনা কৰা :- সফল ব্যক্তি সকলে সময়ক বৰ গুৰুত্ব দিয়ে আৰু যিকোনো কাম সময়ৰ আগতে কৰাৰ চেষ্টা কৰে। সেইকাৰণে তেওঁলোকে পিছদিনাৰ কামৰ তালিকা আগৰ দিনা ৰাতিয়ে যুগুতাই ৰাখে। আৰু কাম সমূহ গুৰুত্বৰ ওপৰত ভাগ কৰি সময় সীমা নিৰ্ধাৰণ কৰি ৰাখে। ইয়াৰ উদ্দেশ্য এইটোৱে যে তেওঁলোকে খুব শান্তিৰে ( Relax) হৈ শুব পাৰে।

৪) নিজৰ কামক মূল্যাংকণ কৰে। এজন সফল ব্যক্তিয়ে দিনটোৰ হৈ যোৱা সকলো কামক ৰাতি শোৱাৰ আগতে মূল্যাংকণ কৰে আৰু পিছদিনাৰ যি পৰিকল্পনা থাকে তাৰ ওপৰত ধাৰণা কৰে।

হিট অসমীয়া ভিডিঅ’ – নিজৰ ভনী Vs লোকৰ ভনীৰ দুখ 👇

মুখৰ গোন্ধ কেনেকৈ দূৰ কৰিব জানিবলৈ পঢ়ক এই সুন্দৰ বাৰ্তা 👇

মুখৰ গোন্ধ ওলাই নেকি ? কেনেকৈ দূৰ কৰিব ? ঘৰুৱা দিহা !

Continue reading main post …

৫) গভীৰ আৰু পৰ্যাপ্ত টোপনি :- নিজৰ জীৱনত সফল সকলো ব্যক্তিয়ে গভীৰ আৰু পৰ্যাপ্ত টোপনিক বিশ্বাস কৰে। এই গভীৰ আৰু পৰ্যাপ্ত টোপনিয়ে আগন্তুক দিনটোত এক শক্তিৰ উৎস হিচাপে কাম কৰে , ফলত আগন্তুক দিনটোত দেহত সতেজ অনুভৱ থাকে আৰু শৰীৰত ভাগৰ কমকৈ লাগে। বিপৰীতে যদি টোপনি কম হয় তেন্তে পিছৰ দিনটোত ভাগৰ আৰু ক্লান্তি আহে আৰু দিনটো অস্বস্তিত কটাব লগীয়া হয় , দিনটো টোপনি টোপনি লাগি থাকে।

অৱশেষত কবলৈ গলে জীৱনত অলপ বেলেগ কিবা কৰিবলৈ নিজৰ কৰ্মদক্ষতা আৰু সক্ৰিয়তা অটুট ৰাখিবলৈ কিতাপ পঢ়া দৰকাৰী, দিনটোৰ আৰু আগন্তুক দিনটোৰ কামৰ খতিয়ান ডায়েৰীত লিখা উচিত, পিছদিনাৰ কাম আগদিনাই পৰিকল্পনা কৰা , নিজৰ কামৰ মূল্যাংকণ লগতে পৰ্যাপ্ত টোপনি যোৱা আদি কাম ৰাতি নিত্যান্তই প্ৰয়োজন আৰু এইবোৰ হৈছে এজন সফল ব্যক্তিৰ পৰিচায়ক।

মহিলাৰ বগা স্ৰাব কিমান ক্ষতিকাৰক আৰু ইয়াৰ পৰিত্ৰাণ জানিবলৈ তলত ক্লিক কৰক👇

মহিলাৰ বগা স্ৰাব কিমান ক্ষতিকাৰক সকলো মহিলাই জানা উচিত !

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *