Nick Vujicic story

পৰাজয় হৈ ছাল ছিঙি যোৱাৰ পিছতো এই কথা মনত পেলাব !

যদি আপোনাক হাত ভৰি বান্ধি জলাশয়ত পেলাই দিয়া হয় বাছি থাকিব পাৰিবনে ? নিশ্চয় নোৱাৰিব নহয়নে ? কিন্তু পৃথিৱীত এনে এজন ব্যক্তি আছে যিয়ে জীয়াই থাকিব পাৰে  সেয়া আকস্মিক ভাবে এবাৰ নহয় বাৰে বাৰে পাৰে ; যাৰ কথা আপুনি হয়তো শুনা নাই বা বহুতে শুনিব পাৰে । তেওঁৰ জন্মৰ পৰা দুই হাত , দুই ভৰি অগঠিত আৰু অসম্পূৰ্ণ যাক “টেট্ৰা এমেলিয়া ছিন্দ্ৰ’ম” বুলি কোৱা হয় । পৃথিৱীৰ মাত্ৰ সাতজন লোক এই ৰোগত আক্ৰান্ত । তেওঁৰ সম্পত্তিৰ পৰিমাণ পাছ লাখ ডলাৰ যি আজিৰ তাৰিখত ভাৰতীয় টকা হিচাপত ৩ কোটি ২২ লাখ। আৰু সেইজনে হৈছে ১৯৮২ চনত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ জন্ম হোৱা নিক ভূজীচিছ ( Nick Vujicic ) যিজনে বাল্যকালত খুব দুখ কৰিছিল হাত দুখন আৰু ভৰি দুখন সক্ৰিয় নোহোৱা বাবে। কিয়নো শাৰীৰিক ভাবে প্ৰতিবন্ধী হোৱা হেতুকে তেওঁ বহু সমস্যাৰ সন্মুখীন হৈছিল। আৰু এই যন্ত্ৰণাময় জীৱনত আগুৱাই চলিবলৈ তেওঁ বিচাৰিছিল আত্মনিৰশীল হোৱাৰ পথ মাত্ৰ দহ বছৰ বয়সতে।

Nick Vujicic life storyNck Vujicic life story

অৱশ্যে তেওঁ আগুৱাই যোৱাত কিছুমান মানুহে বিশেষ ভূমিকা লৈছিল যেনে প্ৰথমে তেওঁৰ মা।  তেওঁ মাত্ৰ ১৯ বছৰ বয়সত প্ৰথম বাৰৰ বাবে এটি বক্তৃতা দি সকলোৰে সমাদৰ পাইছিল আৰু তাৰ পিছতে তেওঁ পৃথিৱীৰ বিভিন্ন ঠাইলৈ আমন্ত্ৰণ ৰক্ষা কৰি প্ৰেৰণামূলক ভাষণ দিবলৈ ভ্ৰমণ কৰিছিল। আনকি বহু মানুহক তেওঁ নিজৰ কাহিনী শুনাই অনুপ্ৰাণিত কৰিছিল। ২০০৫ চনত তেওঁ এটি স্বেচ্ছাসেৱী সংস্থা ” Life without limbs” ৰ প্ৰতিস্থাপন কৰে। আৰু সেই বছৰে তেওঁ Young Australian Award লাভ কৰে। আৰু বৰ্তমান কিন্তু তেওঁ এজন অভিনেতা যাৰ এখন চুটিছবি ” The butterfly circus ” য়ে শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ পাই ২০০৯ চনত আৰু ২০১০ চনত তেওঁৰ এই ছবি The best short film বুলি ঘোষিত হয় আৰু নিক ভূজীচিছ য়ে লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ। তেওঁ এজন সফল গায়কো হয়।

Nick Vujicic life story

তেওঁ বহু গীত গাইছে যি গীত সমূহে তেওঁৰ বক্তৃতাৰ দৰে মানুহক সদায় প্ৰেৰণা দিয়ে । তেওঁৰ বিখ্যাত গীত সমূহৰ ভিতৰত Something more , life, Dear lord , Never give up আদিবোৰ বহু জনপ্ৰিয়। তেওঁ বহু কিতাপ লিখিছে । নিক ভূজীচিছৰ এখন কিতাপ Life without limit যিখন ২০১০ চনত প্ৰকাশ হৈছিল সেইখন গোটেই পৃথিৱীত বিক্ৰী হৈছিল ( প্ৰায় দহ লাখ কপি ) আৰু এই গ্ৰন্থখন পৃথিৱীৰ ৩০ টি ভাষাত অনুবাদ কৰা হৈছে । তেওঁৰ জনপ্ৰিয় কিতাপ সমূহ হৈছে life without limit, The unstoppable, the power of unstoppable faith, Love without limits, Stand strong আদি প্ৰধান। ইয়াৰ উপৰিও তেওঁ Sky diving আৰু ছবি অঁকাত পাৰ্গত। ২০১২ চনত তেওঁ বিবাহ হয় তেওঁৰ dream girl কেনাইমিয়া হাৰাকৰ সৈতে। বৰ্তমান তেওঁ চাৰিটা সন্তানৰ পিতা।

Nick Vujicic life story

নিকে তেওঁৰ বাওঁ ভৰিৰ আঙুলিৰে লিখিব পাৰে, টাইপ কৰিব পাৰে আৰু ইয়াৰ উপৰিও তেওঁ ২. ৩০ মিনিট পানীৰ তলত ডুবি থাকিব পাৰে যি এজন সৰ্ব সাধাৰণ লোকৰ বাবে অসম্ভৱ। এই নিক সেইজন, যিজনক সৰুতে মানুহে দেখি টামাছা বজাইছিল আৰু এতিয়া নিক এনে এজন ব্যক্তি যাক দেখি আজি মানুহে জীয়াই থকাৰ প্ৰেৰণা লাভ কৰে। নিক এনে এজন ব্যক্তি যিজনে অত্যাধিক লোকৰ সৈতে সাৱটি ধৰি চিনাকি হোৱাৰ ৰেকৰ্ড কৰিছে। তেওঁ ভাবিছিল যে তেওঁৰ কেতিয়াও বিয়া নহ’ব কিন্ত তেওঁ বৰ্তমান চাৰিটা সন্তানৰ পিতৃ।

এই গল্পটোৰ পৰা এটা কথা খাটাং যে প্ৰতিবন্ধতা যিমান ডাঙৰে নহওঁক জীৱনত আগুৱাই যাবলৈ কেতিয়াও বাধা হ’ব নোৱাৰে প্ৰয়োজন মাথোঁ একাগ্ৰতা, লক্ষ্য আৰু মনত প্ৰচণ্ড জেদ।

জীৱনত দুখ কষ্টৰ পৰা দুৰৈত থকাৰ উপায় জানিবলৈ তলত ক্লিক কৰক

দুখ কষ্টৰ পৰা দূৰৈত থকাৰ ১০ টি গেৰাণ্টি টিপছ্ ..

হিট কমেডি ভিডিঅ’ 👇👇পৰকীয়া প্ৰেম 😁😁

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *