New inventions in future

এই নৱ আবিষ্কাৰে পৃথিৱী সলনি কৰি দিব , শীঘ্ৰে ব্যৱহাৰ কৰিব লাগিব সকলোৱে !

   এবাৰ ভাবি চাওঁকচোন আজিৰ পৰা ৫০ বছৰ আগতে পৃথিৱীৰ সকলো প্ৰযুক্তিবিদ্যা কি স্তৰত আছিল , আজি কি অৱস্থা পাইছে আৰু অনাগত ৫০ বছৰ পিছত এই প্ৰযুক্তিবিদ্যা কি স্তৰ পাবগৈ ! বিজ্ঞানীসকলে ভৱিষ্যত প্ৰযুক্তিৰ বিষয়ে চকু ৰাখি নতুন কিছু সামগ্ৰীৰ আবিষ্কাৰৰ বাবে অহৰহ ভাবে লাগি আছে। আৰু অনুমান কৰা হৈছে এই আৱিষ্কাৰে বৰ্তমানৰ পৃথিৱীক ভৱিষ্যতে সলনি কৰি দিব। আৰু সেই আৱিষ্কাৰ সমূহ সকলোৱে হয়তো ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ পৰিব। আজি এনে কিছু আবিষ্কাৰৰ বিষয়ে পূৰ্বনুমান দিবলৈ চেষ্টা কৰা হৈছে। কিয়নো বিজ্ঞানীসকলে এই বস্তু সমূহ নতুন প্ৰজন্মৰ বাবে তালিকাভুক্ত কৰি ৰাখিছে আৰু এই বস্তু সমূহ সকলোৰে ঘৰে ঘৰে থাকিব।

১) দা ক্ৰিপ্টইড স্নিকাৰ্চ ( cryptoid sneakers) :- এই নৰম প্ৰকৃতিৰ জোতা অকল মাত্ৰ দেখিবলৈ অস্বাভাৱিক আৰু পিন্ধিবলৈ আৰামৰ বাবেই প্ৰস্তুত কৰা হোৱা নাই। এই জোতা বিধ এবিধ 3D প্ৰিণ্টেড আৰু এবিধ বিশেষ পলিমাৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে যিয়ে নমনীয়তা, স্থিতিস্থাপকতা, প্ৰসাৰণ শক্তিক সমতুল্য কৰি ৰাখে।

Cryptoid sneakers imageCryptoid sneakers image

এই জোতাই ২১৯.২ ডিগ্ৰী F লৈ উষ্ণতা সহিব পাৰে । এই জোতাৰ ডিজাইনাৰ জাৰ্মানীৰ ষ্টেফেন হেন্দিক। এই জোতা বিভিন্ন গৰম ঠাইত ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা হৈছে। এদিডাচ কোম্পানীৰ এই জোতা এযোৰৰ দাম প্ৰায় ১০৯৮ ডলাৰ যি ভাৰতীয় মূল্যত প্ৰায় এক লাখৰো অধিক।

২) দ্ৰোণগান ( Drone gun ) :- দ্ৰোণ বৰ্তমান বহুত কামত ব্যৱহাৰ হয়। বহু সময়ত ফটোগ্ৰাফী, ভিডিঅ’গ্ৰাফী আৰু কেতিয়াবা স্পাই কেমেৰা হিচাপে দ্ৰোণ ব্যৱহাৰ কৰা হয়।

new invention

 কিন্তু কিছুমান ঠাই যেনে দেশ এখনৰ সীমাৱৰ্তী অঞ্চল সমূহত দ্ৰোণ নিষিদ্ধ থাকে আৰু এই অঞ্চলতো উগ্ৰপন্থী বা শত্ৰু পক্ষই দ্ৰোণ কেমেৰাৰে সেই অঞ্চল নজৰ বন্দী কৰি ৰাখিবলৈ চেষ্টা কৰে । এই দ্ৰোণ গানৰ দ্বাৰা এনেধৰণৰ স্পাই দ্ৰোণ কেমেৰাক টাৰ্গেট কৰি তাক ধ্বংস নকৰাকৈ নমাই আনিবলৈ সক্ষম হ’ব দেশৰ সেনা বাহিনীয়ে।

Advertisement

৩) আউটান টা বি ০২ :- এই ধৰণৰ device সোনকালেই ব্যৱহাৰ হ’বলৈ গৈ আছে। এই device আঁঠু আৰু কঁকালত পৰিধান কৰিলে এজন ব্যক্তিয়ে এক টন পৰ্যন্ত ওজন উঠাবলৈ সক্ষম হৈ পৰিব বুলি জাপানৰ বিজ্ঞানীয়ে দাবী কৰিছে।

New scientific device

লগতে এজন ব্যক্তিয়ে এই device পিন্ধিলে অনায়াসে এখন পৰ্বত বগাব পাৰিব আৰু বহু দূৰ দৌৰিবলৈ সক্ষম হৈ পৰিব। সেয়ে এই device বিধ ডেলিভাৰী কৰ্মী আৰু গধুৰ ওজন উঠোৱা লোকৰ মাজত সোনকালে জনপ্ৰিয় হৈ পৰিব।

৪) লকলি চিকিউৰ প্ৰ’ :- আমি সাধাৰণতে ঘৰত যিবোৰ তলা চাবি ব্যৱহাৰ কৰোঁ সেইবোৰ অতি সাধাৰণ আৰু এই তলা খুলিবলৈ চাবিৰ প্ৰয়োজন ; এই তলা চাবিৰ বিকল্প হিচাপে ব্যৱহাৰ হ’ব এই device বিধ । যেতিয়া আমি ঘৰত তলা মাৰি কৰবাত যাওঁ আৰু সেই সময়ত ঘৰলৈ আলহী বা কোনো আত্মীয় মানুহ আহিল তেতিয়া পুনঃ ঘূৰি গৈ চাবিটোৰে তলা খুলি ঘৰটো খুলি দিব লাগে যত আমি কোনো গুৰুত্বপূৰ্ণ কাম compromise কৰিবলগীয়া হয়। কিন্তু এতিয়াৰ পৰা এই সমস্যাৰ ওৰ পেলাব এই লকলি চিকিউৰ প্ৰ’ নামৰ device বিধে। এই device যেতিয়া ঘৰত install কৰিব ইয়াক পৰিচালনা কৰিব পাৰিব আপুনি যতেই নাথাকক সেই ঠাইৰ পৰা। পাছৱৰ্ড চিকিউৰিটি থকা এই device আপোনাৰ মোবাইল ফোনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰিব।

 প্ৰয়োজনত temporary password জেনেৰেট কৰি ঘৰত ৰৈ থকা আত্মীয়ক পঠিয়াই দিলে আপোনাৰ অনুপস্থিতিত আত্মীয়ই নিজে দৰ্জা খুলি ঘৰত প্ৰৱেশ কৰিব পাৰে । আৰু যেতিয়া ঘৰৰ দৰ্জা খোলা বা বন্ধ হৈ যায় তেতিয়া সেই মোবাইল ফোনলৈ এটি push notification পঠাই এই device য়ে। আৰু তেতিয়াই আপুনি বুজিব পাৰিব ঘৰৰ দৰ্জা কোনে কিমানবাৰ খুলিছে বা বন্ধ কৰিছে। ইয়াৰ উপৰিও এই device ত biometric option থাকিব আৰু প্ৰয়োজনত finger print ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব। লগতে google assistant ৰ সহায়ত দৰ্জা খুলিব আৰু বন্ধ কৰিব পাৰিব।

৫) প্ৰ’ দ্ৰোন পি ডি 6 এ ডব্লিউ এ আৰ এম :- দুই বাহু বিশিষ্ট বিশ্বৰ প্ৰথমটো পূৰ্ণ দ্ৰোণ জাপানৰ এটি বিশেষজ্ঞ দলে প্ৰস্তুত কৰিছে। এই দ্ৰোণৰ ওজন ৪৪ পাউণ্ড । আৰু এই দ্ৰোণে নিজৰ বাহুত ২২ পাউণ্ড ওজনৰ বস্তু বান্ধি কঢ়িয়াই লৈ যাব পাৰিব। আৰু এই দ্ৰোণৰ সৰ্বোচ্চ গতিবেগ হ’ব ৩৬ মাইল/ঘণ্টা। এই গতিযুক্ত দ্ৰোনে এজন দ্ৰুতগতিত পানীত ডুবি যোৱা লোকক অনায়াসে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব। এই দ্ৰোণ এবাৰ চার্জ কৰিলে ৩০ মিনিটৰ বাবে উৰিবলৈ সক্ষম হয় । আৰু ৩.৫ মাইল পৰ্যন্ত উচ্চতালৈ এই দ্ৰোণ উৰিবলৈ সক্ষম বুলি বিশেষজ্ঞ সকলে দাবী কৰিছে। এই দ্ৰোনে উচ্চ উচ্চতাত আৰু অধিক ওজন বস্তু কঢ়িয়াই মানুহক বিপদকালীন সময়ত সাহাৰ্য কৰিবলৈ সক্ষম হ’ব।

৫) মেটাৰনেট ষ্টেছন :- তেজৰ পৰীক্ষা কৰা পৰীক্ষাগাৰ সমূহত এনে হয় যে তেওঁলোকে কিছু পৰীক্ষা নিজৰ পৰীক্ষাগাৰত কৰিব নোৱাৰিলে অইন পৰীক্ষাগাৰলৈ পঠিয়াই দিয়ে , কিন্তু বহুক্ষেত্ৰত নমুনা গৈ পাওঁতে দেৰি হৈ যায় ফলতে ৰিপোৰ্ট দেৰি হয় আৰু তেজৰ নমুনা নষ্ট হৈ যায়। কিন্ত এই automatic মেটাৰনেট ষ্টেছন নিজৰ পৰীক্ষাগাৰত স্থাপন কৰি পৰীক্ষাৰ বাবে জমা হোৱা তেজৰ নমুনা দ্ৰোণৰ দ্বাৰা এটা বৰফৰ বাকচত পঠিয়াই দিব পাৰিব সেই পৰীক্ষাগাৰলৈ যত তেওঁলোকৰ ও এটা landing automatic মেটাৰনেট ষ্টেছন থাকে। সেই ঠাইত গৈ উভয় পক্ষক এটা automatic বাৰ্তা দ্ৰুতভাৱে পঠিয়াই দিব যাৰ ফলত তেওঁলোকে দ্ৰুতভাবে নমুনা সংগ্ৰহ কৰিব পাৰিব।

 

New scientific inventionsএই প্ৰযুক্তিবিদ্যাই সমগ্ৰ বিশ্বক আচম্বিত কৰিছে , অকল এয়াই নহয় ইয়াৰ পিছত এনেধৰণৰ food delivery অথবা goods delivery মেটাৰনেট ষ্টেছনৰ প্ৰচলন হ’ব বুলি বিজ্ঞানীসকল আশাবাদী।

৬) ইমাৰ্জি হোম :- মাৰ্কিন যুক্তৰাষ্ট্ৰত তৈয়াৰী এই panel device য়ে বিভিন্ন virtual বস্তু দেখিবলৈ আৰু স্পৰ্শ কৰিবলৈ সহায় কৰিব। এই device সৰল তৰংগৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। সুন্দৰ এটি লেপটপ আকাৰৰ এই device ৰ দ্বাৰা বিভিন্ন জন লোকৰ সৈতে যোগাযোগ ৰক্ষা কৰিব পাৰিব।

৭) প্ৰিংকাৰ এছ্ :- বহু মানুহে টেঁটু আঁকি বহুত ভাল পাই । আৰু যিজনে টেঁটু আকাৰ বাবে টকা আৰু সময় বচাবলৈ বিচাৰে তেন্তে এই প্ৰযুক্তিৰ কাম আহিব । এই device বিধ অতি সহজতে চলাব পাৰিব সকলোয়ে আৰু ইয়াত থাকে এটি App সংযোজিত ব্যৱস্থা যি app ত সংযোজন হ’ব বিভিন্ন ৰং আৰু ডিজাইন, যাৰ ফলত ব্যক্তি বিশেষে নিজৰ ইচ্ছা অনুসৰি টেঁটু আঁকিব পাৰিব। লগতে ডিজাইন সমূহ নিজে সজাই লব পাৰিব যত থাকিব Cosmetic ink , যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়। লগতে waterproof ink ৰ ব্যৱস্থা সংযোগ কৰিব পাৰিব ।

৮) লৰিয়াল কালাৰচনিক :- ফৰাছী বিজ্ঞানী সকলৰ বাবে চুলিৰ ৰঞ্জনবিদ্যা এক বিপ্লৱ। এই লৰিয়াল কালাৰচনিক device ৰ দ্বাৰা ঘৰতে ইচ্ছা অনুযায়ী এটি বিশেষ app ত নিজেই ৰং আৰু চুলিৰ shape বাচনি কৰাৰ সুবিধা থাকিব।

 

new inventionsআৰু নিজেই নিজৰ ইচ্ছা আৰু ৰুচি অনুসৰি চুলিৰ ৰং আৰু আৰু shape দি লব পাৰিব। ইতিমধ্যে এই device বিক্ৰীৰ বাবে বজাৰত মুকলি হৈছে।

চৰিত্ৰহীন নাৰী চিনিবলৈ তলত ক্লিক কৰক

চৰিত্রহীন মহিলাৰ পৰিচয় কেনেকৈ পাব ? –

হিট কমেডি ভিডিঅ’ 👇👇মহা কৃপন 😂😂

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *