Old age care

বৃদ্ধাৱস্থাৰ মানসিক সমস্যা, চিকিৎসা আৰু পৰিয়ালৰ দায়িত্ব কি ?

বৃদ্ধাৱস্থা বা বাদ্ধক্য এটা বিশ্বজনীন প্ৰক্ৰিয়া। চুলি পকিলে,দাঁত সৰিলে,ছাল সোঁতৰা হ’লে আমি বুজি পাওঁ যে বাৰ্দ্ধক্য আহিল। কিমান বয়সত মানুহৰ বাৰ্দ্ধক্য আহে ? ধৰা বন্ধা এটা বয়সৰ কথা কোৱা টান। ব্যক্তি বিশেষে ইয়াৰ তাৰতম্য হ’ব পাৰে। দৰাচলতে ৬৫ বছৰ বয়সীয়াল এগৰাকী ব্যক্তিক বাৰ্দ্ধক্যত উপনীত হোৱা বুলি ধৰা হয়।

জীৱন ধাৰণৰ মান উন্নত হৈ অহাৰ লগে লগে আৰু চিকিৎসা বিজ্ঞানৰ প্ৰভূত উন্নতিৰ ফলত মানুহৰ গড় আয়ুস বৃদ্ধি পোৱাৰ ফলত সমাজত বৃদ্ধ সকলৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিছে। বৰ্তমান সময়ত দেশত গড় আয়ুস ৭০ বছৰৰ ওপৰৰ ব্যক্তিৰ সংখ্যা বহু পৰিমানে বৃদ্ধি পাইছে। আনহাতে যৌথ পৰিয়ালবোৰ লোপ পোৱা, সতি- সন্ততি সকলৰ অত্যাধিক  কৰ্ম ব্যস্ততা অথবা বিদেশ গমন আদিবোৰ কাৰণত সমাজত ককা আইতাসকলৰ প্ৰাপ্য আদৰ যত্নৰ পৰা বঞ্চিত হোৱাও দেখা গৈছে।আধুনিক সমাজত  মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয়েও  এই ক্ষেত্ৰত অৰিহণা যোগাইছে।

বাৰ্দ্ধক্য আমি এক স্বাভাৱিক আৰু অৱধাবিত জৈৱিক  প্ৰক্ৰিয়া বুলি গন্য কৰা উচিত। লগে লগে এই অৱস্থাৰে জড়িত শাৰীৰিক, মানসিক আৰু সামাজিক সমস্যা সমূহ প্ৰতিৰোধ কৰিবলৈ আমি যত্নপৰ হ’ব লাগিব।

বাৰ্দ্ধক্যৰ কেইটিমান উল্লেখযোগ্য পৰিণতি হল :-

১) চকুত চানি পৰা ,

২) গ্লুকোচা,

৩) স্নায়বিক বাৰ্ধক্য ,

৪) কেলচিয়ামৰ অভাৱত হোৱা হাড়ৰ দুৰ্বলতাৰ বাবে স্বাভাৱিক চাল চলনত বাধা জন্মা ,

৫) হাওঁফাওঁৰ বিকাৰ ,

৬) অন্যান্য ইন্দ্ৰিয়বোৰ বিকল হোৱা আৰু

৭) মানসিকতাৰ পৰিৱৰ্তন হোৱা ।

মানসিক সমস্যাসমূহ:-

সন্দেহ হোৱা, অকোৰগোজ স্বভাৱৰ হোৱা, পৰিৱৰ্তন সহ্য  কৰিব নোৱাৰা,খং উঠা আদি লক্ষণ দেখা দিয়ে। উপাৰ্জন কৰা ব্যক্তিৰ উপাৰ্জন বৃদ্ধ অৱস্থাত কমি যায় (বিশেষকৈ অৱসৰ প্ৰাপ্ত   চাকৰিয়াল সকলৰ) যিয়ে হতাশাৰ জন্ম দিব পাৰে।

কিন্তু বৃদ্ধ অৱস্থাৰ আতাইতকৈ ডাঙৰ সমস্যাটো হল:-

স্মৃতি ভঙ্গ :- ক্ৰমশঃ স্মৃতি শক্তি লোপ পোৱাটো হ’ল স্মৃতি ভঙ্গ ৰোগৰ প্ৰধান লক্ষণ । এই ৰোগক দুই শ্ৰেণীত ভাগ কৰা যায়:-

Always love and your mom and papa

১) ভ্ৰূণ এলজাইমাৰ স্মৃতি ভ্রংশ (Alzheimer’s dementia) আৰু

২) ৰক্ত সঞ্চালনৰ ক্ৰুটিজাত স্মৃতিভ্রংশ ।

স্মৃতি ভ্রংশ লক্ষণ সমূহ:-

স্মৃতিভ্রংশ ৰোগীৰ স্মৃতি শক্তি ক্ৰমশঃ কমি যায়। নতুনকৈ কোনো কথা শিকাটো অসম্ভৱ হৈ পৰে। প্ৰথমতে সাম্প্ৰতিক কালৰ কথাবোৰ ভুল কৰে। ক্ৰমশঃ পুৰণি কথাবোৰ ভুল হ’ব পাৰে।

Always respect your parents

তলৰ লক্ষণবোৰ দেখিলে স্মৃতি ভ্রংশ হ’ব পাৰে বুলি বুজিব লাগে:-

১) তাৎক্ষণিক স্মৃতি ( immediate memory) কমিবলৈ ধৰা।

২) দৈনন্দিন অভ্যস্ত কামত ভুল হোৱা।

৩) পৰিচিত ব্যক্তিক চিনিব নোৱাৰা।

৪) এঠাইত বস্তু ৰাখি পাহৰি যোৱা।

৫) কৰ্ম ক্ষমতা কমি যোৱা।

৬) সমস্ত স্থান – কালৰ গোলমাল হোৱা।

৭) ব্যক্তিত্ব ,আবেগ আৰু চিন্তা ভাৱনাৰ বহুত পৰিৱৰ্তন।

কাৰণসমূহ :- স্মৃতি ভ্রংশ মগজুৰ এটি ৰোগ। মগজুৰ কোষবিলাক কোনো কাৰণত নষ্ট  হৈ গলে বা ধ্বংস হৈ গলে স্মৃতি ভ্রংশ হয়। ই ৰাসায়নিক কাৰণ বা বাদ্ধক্যৰ কাৰণে হ’ব পাৰে। মগজুত ৰক্তসঞ্চালন ব্যাহত হলেও কোষবিলাকৰ ক্ষয় হ’ব পাৰে।উচ্চ ৰক্তচাপ, মধুমেহ বা হৃদৰোগ থাকিলে মগজুৰ ৰক্তসঞ্চালনৰ সমস্যাই দেখা দিয়ে।

# চিকিৎসা আৰু পৰিয়ালৰ কাৰণীয়সমূহ:-

স্মৃতিভ্রংশ ৰোগ দৰবৰ দ্বাৰা আৰোগ্য কৰিব পৰা নাযায়। কিন্তু আবেগৰ বিকাৰ, টোপনি অস্বাভাৱিক ইত্যাদি লক্ষণ বোৰ দৰবৰ সহায়ত কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায়। এই ৰোগৰ পৰিচৰ্যাৰ প্ৰধান দায়িত্ব পৰিয়ালৰ। সহানুভূতিৰে ৰোগীৰ দৈনন্দিন কাজ কৰ্মত সহায় কৰিব লাগিব। যি বিলাক বিষয়ত বিশেষ মনোযোগ দি সহায় কৰিব লাগিব এখন তালিকা দিয়া হল:-

*খাদ্য গ্ৰহণত,

*পৰিষ্কাৰ পৰিচন্নতা বজাই ৰখাত,

*কাপোৰ পিন্ধাত,

দৈনন্দিন কাজ কৰ্মত , স্মৃতি মনত ৰখাত সহায়ক হোৱাকৈ কিছুমান সাময়িক ব্যৱস্থা কৰিব পাৰি যেনে:- ৰোগীৰ দৈনন্দিন ৰুটিন এখন ডাঙৰ কাগজত লিখি বেৰত আৰি থবও পাৰি।

● বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত :- যিহেতু স্থান কালৰ গোল মাল হ’ব বাবে অকলে বাহিৰলৈ যাব  দিব নালাগে।

● মলমূত্ৰ ত্যাগত:- যিহেতু ৰোগীয়ে এই স্বাভাৱিক প্ৰক্ৰিয়াৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাই গতিকে তেওঁক সহায়ৰ প্ৰয়োজন।

ঘৰত লবলগীয়া সাৱধানতা সমূহ:-

ঘৰত উজ্জ্বল পোহৰ থকা উচিত । ডিয়াচলাই, লাইটাৰ, কীটনাশক ইত্যাদি হাতৰ ওচৰত ৰাখিব নালাগে। দৰব খোৱাৰ দায়িত্ব ৰোগীক দিব নালাগে।গাড়ী চলোৱা, যন্ত্ৰপাটিৰ ব্যৱহাৰ  বন্ধ কৰা উচিত।

#প্ৰতিৰোধক ব্যৱস্থা সমূহ:-

ধূমপান আৰু যিকোনো মাদক দ্ৰৱ্য বৰ্জন কৰি চলিলে বৃদ্ধ অৱস্থাৰ শাৰীৰিক আৰু মানসিক সমস্যা সমুহ সৃষ্টি হোৱাত বাধা দিব পাৰি। শাৰীৰিক ব্যায়ামৰ ওপৰত গুৰুত্ব দিব লাগে। দৈনিক এঘণ্টা খোজ কঢ়া আটাইতকৈ উত্তম আৰু ফলপ্ৰসু শাৰীৰিক ব্যায়াম।

বয়োজ্যেষ্ঠসকলে যাতে দৰিদ্ৰ, ভগ্ন স্বাস্থ্যৰ কৱলত নপৰে আৰু সমাজৰ এটি কাৰ্যক্ষম , দায়িত্বশীল অংশ হিচাবে বৰ্তি থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো সমাজৰ দায়িত্ব। তেওঁলোকৰ বাবে উপযুক্ত বাসগৃহৰ ব্যৱস্থা, সুষম আহাৰ যোগান ধৰিব লাগিব। শাৰীৰিক আৰু মানসিক চাপ মুক্ত কৰি ৰাখিব লাগিব। কিতাপ পত্ৰৰ অধ্যয়নৰ বাবে পুথিভঁৰাল, লগ সমনীয়াৰ কিছু আলোচনাৰ বাবে সংঘ আৰু বিশেষ ক্ষেত্ৰত বৃদ্ধাবাস আদিৰ প্ৰয়োজনীয়তা আছে। নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ দ্বাৰা কোনো ৰোগ হ’লে তৎকালেই চিনাক্তকৰণ কৰি উপযুক্ত চিকিৎসা আৰম্ভ কৰাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিব লাগে।

মানৱীয় প্ৰমূল্যবোধ সমূহৰ ক্ষয় ৰোধৰ বাবে আধাত্মিক চিন্তাৰ প্ৰয়োজন। যোগ ধ্যান আদিয়ে ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত ধনাত্মক প্ৰভাৱ পেলাই বুলি গৱেষণাত পোৱা গৈছে।অতীত ভাৰতৰ বানপ্ৰস্থ আৰু সন্যাস আশ্ৰমৰ অন্তৰ্নিহিত দৰ্শনৰ প্ৰাসঙ্গিকতা বহুতো দেশে আজি নতুনকৈ উপলব্ধি কৰিছে।

                                                                                                              ডাঃ মুনীন্দ্ৰ মেধি ,মানসিক ৰোগ বিশেষজ্ঞ।

ডায়েবেটিচ ৰোগৰ সোনালী দিহা জানিবলৈ ক্লিক কৰক

ডায়েবেটিচ ৰোগীৰ বাবে ১০ টা সোণালী টিপছ্ !! অকল ঔষধে নহয় !

হিট কমেডি  ভিডিঅ’ 👇👇 পৰকীয়া প্ৰেম 😁😁

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *