EXCELLANT TIPS TO OVECOME BAD DAYS

দুখ কষ্টৰ পৰা দূৰৈত থকাৰ ১০ টি গেৰাণ্টি টিপছ্ ..

   জীৱনত সফলতা অৰ্জন কৰিবলৈ কেতিয়াবা দুৰ্গম পথত খোজ দিবলগীয়া হয়। সফলতা খুজি খুজি ভাগৰি যোৱা পৰিলক্ষিত হয় বহুজনক, কোনোদিনে সফল হ’ব নোৱাৰে বহুজনে , যি কৰে সকলো বেয়াই হয় আকৌ বহুতৰ। অৰ্থাৎ “অভাগণে যিফালে চাই সাগৰো শুকাই যায়”। আৰু সেই সময়ত যদি ব্যক্তি বিশেষে নিজক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে, তেন্তে তেওঁ কোনোদিনে সেই অৱস্থাৰ পৰা পৰিত্ৰাণ নাপাই। যদি কাৰোবাৰ দিন বেয়া চলি থাকে, সকলোতে হতাশাই আগুৰি ধৰে তেন্তে তলৰ কথা দহটা মনত পেলোৱা অৱশ্যেই দৰকাৰী।

Ways to overcome bad days

১) এই জীৱন সাময়িক মাথোঁ ( Life is temporary ) :- কিনকিনিয়া বৰষুণ, ধুমুহা বৰষুণ সকলোৱে দেখিছে কিন্তু বছৰৰ প্ৰত্যেক দিনাই ধুমুহা বৰষুণ কোনোৱে দেখা নাই। ঠিক একেদৰে জীৱনত কোনো কথা, কোনো বস্তু দীৰ্ঘস্থায়ী নহয় ; চিৰস্থায়ী নহয়। সেয়ে জীৱনৰ বেয়া সময়ত দিশহাৰা হোৱা অনুচিত। বিশ্বাস ৰখা উচিত যে বেয়া সময়ৰ শেষ থাকে।

২) দুশ্চিন্তা আৰু দোষাৰোপে একো বস্তু সলনি কৰিব নোৱাৰে ( ill mental pressure and complains can not change anything) :- এনেকুৱা বহু লোক আছে যে তেওঁৰ লগত কিবা অঘটন আৰু বেয়া সময় আহিলে ,হয় অইন লোকক নহ’লে নিজকে দোষাৰোপ কৰে। আৰু নহ’লে মূৰত দুশ্চিন্তা সোমাই লৈ পৰিস্থিতি বেছিকৈ ভীষণ কৰি তোলে। সেয়ে দুশ্চিন্তা  বা দোষাৰোপ নহয় ; বৰং এই সময়ত নিজকে নিয়ন্ত্ৰণ কৰি ৰখা অতি গুৰুত্বপূৰ্ণ।

৩) বেয়াদিনে সদায় ভালৰ অপেক্ষাত থাকে ( Bad days wait for better ) :- অন্ধকাৰৰ শেষত যেনেকৈ পোহৰ আহে, ঠিক একেদৰে বেয়া দিন শেষ হৈ ভাল দিন নিশ্চিত ভাৱে আহে, সঠিক নিশ্চিত ভাৱে ঘটে ; মাত্ৰ অপেক্ষা সময়ৰ। সেয়ে বেয়া দিনত , দুৰ্যোগৰ কালত নিজৰ ধৈৰ্য্য আৰু সহিষ্ণুতা বঢ়াই তুলিব লাগে।  বিপদৰ সময়তো ঋণাত্মক খিনিক বেছিকৈ চিন্তা নকৰি, সামান্য হলেও ধনাত্মক খিনিকে গুৰুত্ব দিয়া উচিত ; সন্তুষ্টি লাভ কৰা প্ৰয়োজন।

৪) এইটো মই নোৱাৰিম , মোৰ দ্বাৰা নহ’ব বুলি কেতিয়াও পিছুৱাই নাযাব ( Be positive )। সময় যিমানে বেয়া নহওঁক, এইটো বিশ্বাস ৰাখিব লাগে যে আপোনাৰ সকলো কৰাৰ যোগ্যতা আছে। কিয়নো, সময় আপোনাৰ আৰু জীৱন আপোনাৰ ; লগতে সমস্যাৰ পৰা পৰিত্ৰাণ লোৱাৰ দায়িত্ব আপোনাৰে। সেয়ে আপোন বিশ্বাস কেতিয়াও হেৰুৱাব নালাগে।

Skill to overcome bad days

৫) বিপদৰ সময়ত নিজৰ যত্ন বেছিকৈ লব লাগে ( Be caring your own) । বিপদৰ পৰা পৰিত্ৰাণ লোৱাৰ দায়িত্ব আপোনাৰ সেয়ে এই সময়ত যদি আপুনি নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যত্ন নলয়,  বিপদ যোৱাৰ আগতে আপুনিয়ে শেষ হৈ থাকিব। সঠিক সময়ত খোৱা লোৱা কৰা, সঠিক সময় বিশ্ৰাম কৰা আৰু প্রিয় মানুহ আৰু পৰিয়ালৰ সৈতে সময় কটোৱা বহুত প্ৰয়োজন।

৬) নিজৰ আবেগ বোৰ ধৰি নাৰাখিব। বিপদৰ সময়ত আবেগ আৰু শোক ধৰি ৰখা, লুকাই ৰখাৰ প্ৰৱণতা পুৰুষৰ বেছি। যাৰ পৰিনীতি ভয়ংকৰ হৈ পৰে, মানসিক অসুস্থতাৰ পৰা আত্মহত্যা পৰ্যন্ত সংঘটিত হয় এই আবেগ, শোক ধৰি ৰাখিলে। এই দুখ আৰু শোক নিয়ন্ত্ৰণ কৰিবলৈ পৰিয়াল আৰু আত্মীয় লোকৰ সাহাৰ্য লোৱা দৰকাৰী, আনকি মানসিক ৰোগ বিশেষজ্ঞৰো দিহা পৰামৰ্শ গ্ৰহণ কৰা উচিত।

৭) বেয়া সময়ক স্বীকাৰ কৰি আগবাঢ়ি যোৱা উচিত। জীৱনত ভাল আৰু বেয়া উভয় বিৰাজমান। সেয়ে ভাল খিনি ভোগ কৰাৰ উপৰিও বেয়া খিনিকো মানি লবলৈ শিকিব লাগে, ভাগি নপৰি আগবাঢ়ি যাব লাগে। যিমান সহজে বেয়া দিনক আঁকোৱালি লব পাৰিব সিমান সোনকালে বেয়া দিনৰ পৰা পৰিত্ৰাণ পাব।

৮) ইতিবাচক চিন্তা বেছিকৈ কৰিব লাগে জীৱনৰ বেয়া দিনবোৰত। ইতিবাচক চিন্তা বেয়া সময় পাৰ কৰাৰ অন্যতম হাথিয়াৰ । চাকৰি গুচি গলে আশা ৰাখক যে আৰু ভাল চাকৰি আপোনাক ৰৈ আছে, প্ৰিয়জন গুচি গলে আশা ৰাখক কোনোবাই আপোনাক দুহাত মেলি ৰৈ থকা বুলি।

Way to overcome bad days

৯) নিজৰ ভুল ক্ৰুটি খিনি চিন্তা কৰি নতুনকৈ সঠিক পৰিকল্পনা কৰক বেয়া সময় পাৰ কৰিবলৈ হ’লে। আপুনি কি হেৰুৱালে, কিয় হেৰুৱালে সেইবোৰ চিন্তা নকৰি ভৱিষ্যত আপুনি কি কি অর্জন কৰাৰ যোগ্যতা ৰাখিছে তাকে পৰিকল্পনা কৰক। যি হেৰাই গল তাৰ ওপৰত অভিযোগ নকৰি কেনেকৈ পুনৰ ঘূৰাই পাব তাৰ পৰিকল্পনা কৰক।

১০) কঠিন সময়ৰ পৰা শিক্ষা লওঁক ( Learn a lesson from bad days )। আপোনাৰ বিপদৰ সময়ত আপুনি চিনি পাব আচলতে আপোনাৰ প্ৰকৃত আপোন কোন আৰু কোনে আপোন লোকৰ ভাও জুৰি আছিল অতদিনে। এই শিক্ষাই আপোনাক সঠিক পথত আগুৱাই লৈ যাব।

বেয়া সময়ক অভিশাপ বুলি নাভাবি , আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিব লাগে। কথাতে আছে “যিয়ে সহে তেওঁ ৰহে ” । জীৱনৰ এটি এটি বেয়া সময়ক এটি এটি সফলতাৰ চিৰি বুলি গ্ৰহণ কৰক, দেখিব খুব সহজে দুখৰ দিন বাগৰি যাব।

খুব ৰাতিপুৱা স্বামী স্ত্ৰী সাৱটি কমেও ৫ মিনিট শুই থাকিলে কি উপকাৰ হয় জানিবলৈ ক্লিক কৰক

ৰাতিপুৱা স্বামী – স্ত্ৰী কমপক্ষে ৫ মিনিট জোৰকৈ সাৱটি ধৰি শুই থকাৰ উপকাৰ !

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *