10 golden rules to control diabetis

ডায়েবেটিচ নিয়ন্ত্ৰণ কৰিবলৈ ১২ টা সোণালী টিপছ্ !! এনেদৰে ডায়েবেটিচক হাতৰ মুঠিত ৰাখক !

 

  ডায়েবেটিচ ৰোগী এজনক চিকিৎসকে এটা বা দুটা ঔষধি খাই থাকিবলৈ উপদেশ দিয়ে আৰু সেই উপদেশ মৰ্মে ৰোগীয়ে আগবাঢ়ি গৈ থাকে। ঔষধিৰ লগতে ডায়েবেটিচ ৰোগীয়ে কিছুমান আন পৰামৰ্শও পালন কৰিলেহে এই ৰোগক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হয়।

10 golden tips to control diabetes

 ব্যক্তি বিশেষৰ দেহত ডায়েবেটিচৰ লক্ষণ দেখা দিয়াৰ পিছত তেঁওৰ এই ৰোগৰ লগত যুদ্ধ বা সংগ্ৰাম খন গোটেই জীৱনৰ বাবে অব্যাহত থাকে কাৰণ এই ৰোগ আন কিছুমান ৰোগৰ দৰে কিছুদিন ঔষধ খেৱনৰ পিছতে ভাল হৈ নাযায়। সেয়ে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণত ৰাখিবলৈ যাওঁতে অকল ঔষধৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিলেই নহব ; এই দৰবৰ লগতে তেওঁ তেওঁৰ জীৱন পৰিক্ৰমা কিছু নিয়মৰ মাজেৰে আগবঢ়াই নিব লাগিব, তেতিয়াহে বাৰে বাৰে ঔষধৰ মাত্ৰা বৃদ্ধি কৰিব লগাৰ পৰা পৰিত্ৰাণ পাব, ডায়েবেটিচৰ ফলত হব পৰা ৰোগৰ জটিলতাৰ পৰা বাছি থাকিব পাৰিব। উচিত ভাবে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলত হোৱা জীৱন সংকুল ডায়েবেটিচৰ জটিলতা (Diabetic complication) সমূহ হৈছে :- ডায়েবেটিক গেষ্ট্ৰপেৰেছিছ, ডায়েবেটিক ৰেটিনোপেথি, ডায়েবেটিক ফুট আলচাৰ, কৰণাৰী হৃদৰোগ আৰু ডায়েবেটিচৰ দ্বাৰা হোৱা বৃক্ক বিকল আদি বহুতো।

ডায়েবেটিচ বিশেষজ্ঞ সকলে আগবঢ়োৱা এই অতি প্ৰয়োজনীয় নিয়ম সমূহ হৈছে :-

১) নিয়মীয়া ভাবে নিজেই শৰ্কৰা পৰীক্ষা কৰা :-

   ইয়াৰ বাবে প্ৰতিজন ৰোগীক লাগে এটা গ্লুকোমিটাৰ ( Glucometer ) লগতে ইয়াৰ দ্বাৰা শৰ্কৰা পৰীক্ষা কৰিবলৈ শিকি লব লাগিব। আৰু এই যন্ত্ৰটিক তেওঁ নিজৰ এন্দ্ৰইড মোবাইল ফোনটোৰ নিচিনাকৈয়ে গুৰুত্ব দিব লাগিব। এই যন্ত্ৰটোৰে সপ্তাহত তিনিদিন শৰ্কৰা মাত্ৰা নিজেই জুখি তাক এখন কাগজত লিপিবদ্ধ কৰি ৰখাৰ অভ্যাস গঢ়ি তুলিব লাগিব। শৰ্কৰা এটা দিনতে তিনিবাৰ জুখিব লাগিব , এবাৰ ৰাতিপুৱা খালিপেটত এবাৰ ৰাতিপুৱা পেট ভৰাই খাদ্য গ্ৰহণৰ ১ ঘণ্টা ৪৫ মিনিট পিছত আৰু এবাৰ ৰাতি পেট ভৰাই খাদ্য খোৱাৰ আগত। এনেকৈ সপ্তাহত তিনিদিন কিন্ত মাহটোত দুটা সপ্তাহ  জুখি লিপিবদ্ধ কৰা অতি দৰকাৰী। আৰু এই কাম কৰোঁতে মাহৰ প্ৰথম আৰু তৃতীয় সপ্তাহ নাইবা দ্বিতীয় আৰু চতুৰ্থ সপ্তাহ নিজৰ মতে নিৰ্ধাৰণ কৰিব পাৰে।  এনেকৈ নিজে নিজৰ শৰ্কৰা জুখি লিখি ৰখাৰ ফলত আপোনাৰ চিকিৎসকৰ আপোনাৰ বাবে ডায়েবেটিচৰ দৰৱৰ মাত্ৰা নিৰ্ধাৰণ কৰাত সহায়ক হৈ পৰিব।

২) হাইপ’গলাইছেমিয়াৰ বিষয় শিকি লওঁক আৰু সদায় মনত ৰাখক।

  ডায়েবেটিচ ৰোগী সকলৰ বাবে এটি অতি প্ৰয়োজনীয় শব্দ হৈছে হাইপ’গলাইছেমিয়া। যাৰ অৰ্থ হৈছে ডায়েবেটিচ ৰোগীয়ে দৰৱ খাই থকা অৱস্থাত হঠাতে তেওঁৰ শৰ্কৰা প্ৰয়োজনীয় মাত্ৰাতকৈ হ্ৰাস হৈ যোৱা। এই পৰিঘটনা বেছিকৈ নতুনকৈ ধৰা পৰা ডায়েবেটিচ ৰোগী সকলৰ ক্ষেত্ৰত সংঘটিত হয়। যেতিয়া হাইপ’গলাইছেমিয়া সংঘটিত হয় তেতিয়া বুকুৰ ঢপঢপনি বৃদ্ধি হব, শৰীৰত অতিমাত্ৰা ঘাম নিৰ্গত হোৱা, মূৰ ঘুৰনি , জিভা শুকুৱা, বেহুচ হৈ পৰা ইত্যাদি। আৰু বহুজন ডায়েবেটিচ ৰোগীয়ে এই লক্ষণ সমূহক উচ্চ ৰক্তচাপ বৃদ্ধি পোৱা বুলি পুনঃ উচ্চ ৰক্তচাপৰ ঔষধ খাই দিয়ে। এনে লক্ষণ দেখিলে  এটি গ্লুক’মিটাৰেৰে  শৰ্কৰা মাত্ৰা লগে লগে  পৰিক্ষা কৰি নিশ্চিত কৰা দৰকাৰী। যদিহে শৰ্কৰাৰ মাত্ৰা ৮০ মিলিগ্ৰামত কৈ কম হৈ যায় লগে লগে ১৫ গ্ৰাম চেনী বা মৌ নাইবা তিনি চাৰিটা চকলেট হলেও খুৱাই দিব লাগে বা খাব লাগে আৰু আধা ঘন্টা পিছত আকৌ শৰ্কৰা পৰীক্ষা কৰিব লাগে যদি শৰ্কৰা ৮০ মিলিগ্ৰামৰ তলতে থাকে পুনঃ ১৫ মিলিগ্ৰাম চেনী বা মৌ বা এইবোৰ নাপালে ৩ – ৪ টা চকলেট হলেও খুৱাই দিয়া বা খোৱা দৰকাৰী আৰু পুনঃ আধাঘন্টাৰ পিছত শৰ্কৰা আকৌ পৰীক্ষা কৰা উচিত , যদি তেতিয়াও শৰ্কৰা ৮০ মিলিগ্ৰামতকৈ কম ওলাই তেতিয়া ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ লোৱা অত্যন্ত দৰকাৰী। কিয়নো এই হাইপ’গলাইছেমিয়াই কেতিয়াবা প্ৰাণনাশ কৰিব পাৰে।

know hypoglycemia to control diabetes

এই হাইপ’গলাইছেমিয়া সাধাৰণতে ডায়েবেটিচৰ দৰৱ সেৱনৰ পিছত খাদ্য খাবলৈ পাহৰা বা বিশেষ ব্যস্ততাৰ বাবে ঔষধ খোৱাৰ আধাঘন্টা ভিতৰত খাদ্য গ্ৰহণ নকৰা, ৰাতিপুৱা একো খাদ্য নোখোৱাকৈ বহু বেছি শাৰীৰিক ব্যায়াম কৰা, দিনৰ দুসাজ খাদ্য গ্ৰহণৰ মাজৰ ব্যৱধান বৃদ্ধি হোৱা ইত্যাদি আদি।

৩) যদিহে ডায়েবেটিচ নতুনকৈ ধৰা পৰিছে তেন্তে চাৰি ঘণ্টা তকৈ অধিক সময় লঘোন নাথাকিব।

  যদিহে আপোনাৰ নতুনকৈ ডায়েবেটিচ ধৰা পৰিছে আৰু আপুনি দৈনিক এটা বা দুটা টেবলেট খোৱা আৰম্ভ কৰিছে তেন্তে দিনত চাৰি ঘণ্টাতকৈ বেছি সময় লঘোন দিয়া অনুচিত। অৰ্থাৎ নিয়মীয়া গুৰু ভোজনৰ উপৰিও প্ৰত্যেক চাৰি ঘণ্টাৰ ভিতৰত কিবা লঘু আহাৰ গ্ৰহণ কৰিব লাগে। লঘু আহাৰ কওঁতে চাহ একাপ বিস্কুট এখন বা ফলমুল ইত্যাদি। এই অভ্যাসে ভোক কমাই ৰাখিব আৰু গুৰু ভোজনৰ সময়ত বেছিকৈ খাদ্য খাই দিয়াৰ পৰা বিৰত ৰাখিব। আৰু এই অভ্যাসে শৰ্কৰা নবঢ়াই ; বৰং নিয়ন্ত্ৰণ কৰি ৰাখিব।

৪) কেতিয়াও খালী পেটত কঠিন ব্যায়াম নকৰিব।

  ডায়েবেটিচ ৰোগীয়ে নিয়মিত কমে ৩৫ মিনিট ব্যায়াম কৰা খুব উপকাৰী কিন্তু একেবাৰে খালিপেটত কেতিয়াও গধুৰ ব্যায়াম কৰিব নালাগে। এনে কৰিলে হাইপ’গলাইছেমিয়া হৈ যাব পাৰে। কাৰণ গধুৰ ব্যায়াম কৰিলে যথেষ্ট শক্তিৰ প্ৰয়োজন হয় যাৰ বাবে দেহত থকা শৰ্কৰাৰ বিপাক বৃদ্ধি হয় । সেয়ে কিবা এটা খাই লোৱাৰ পিছতহে গধুৰ ব্যায়াম কৰা উচিত।

) নতুনকৈ যদি ডায়েবেটিচ দেখা দিছে আৰু দুই এপদ ঔষধি ব্যৱহাৰ কৰি আছে তেন্তে লঘোন নিদিব বা উপবাস নধৰিব নহ’লে হাইপ’গলাইছেমিয়া হব পাৰে।

৬) খাদ্য গ্ৰহণৰ সময় কিছু সলনি কৰক।

   যদিহে আপোনাৰ ডায়েবেটিচ আছে আৰু ঔষধ ব্যৱহাৰ কৰি আছে তেন্তে দৈনিক গ্ৰহণ কৰা খাদ্য তালিকা সলনি কৰিব লাগিব। মানুহে দৈনিক তিনিটা গুৰুভোজন কৰে কিন্তু ডায়েবেটিচ ৰোগীয়ে এই একেখিনি গুৰু ভোজনক চাৰিটা মধ্যম ভোজনত ভাগ কৰি লব লাগে যত ব্ৰেকফাষ্টত থাকিব লাগে বেছি প্ৰটিন আৰু ফলমুল, মধ্যম মাত্ৰাৰ কাৰ্বহ্যড্ৰেট অৰ্থাৎ ভাত বা ৰুটি আৰু অতি নগণ্য চৰ্বী ।

৭) ৰুটি যদি খাইছে তেন্তে বগা আটা বা মৈদাৰ নহয় মাত্ৰ ৰঙা আটাৰহে খাব।

  কিয়নো বগা বা ৰিফাইন আটা , মৈদাত পোষক দ্ৰব্য বহু পৰিমানে কম থাকে। এই বগা আটা, মৈদাক খাদ্য নলীৰ আঠা ( glue of gut ) কোৱা হয়। যাৰ ফলত এই খাদ্য খালে কোষ্ঠ কাঠিন্য হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। 

৮) চেনী আৰু চেনীৰে প্ৰস্তুত কৰা খাদ্য কেতিয়াও খাব নালাগে।

৯) চিগাৰেট আৰু মদ্যপান আজিয়ে পৰিহাৰ কৰক।

   নতুনকৈ ধৰা পৰা ডায়েবেটিচ ৰোগীয়ে চিগাৰেট হুপা আৰু মদ্যপান কৰা ডায়েবেটিচ গম পোৱাৰ দিনাই এৰিব লাগে। ডায়েবেটিচ আৰু ধূম্ৰপান এটি এনে বিষাক্ত সংযোগ  যিয়ে যিকোনো মুহূৰ্তত হৃদযন্ত্ৰ বিকল কৰি পেলাৱ পাৰে।

১০) নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাবলৈ নাপাহৰিব।

   এজন নতুনকৈ ধৰা পৰা ডায়েবেটিচ ৰোগীয়ে প্ৰতি ছয় মাহৰ মূৰে মূৰে তেজৰ কলেষ্টৰলৰ মাত্ৰা, লিপিডি প্ৰফাইল, ইউৰিক এচিড, ইউৰিয়া আৰু ক্ৰিয়েটেনিন পৰীক্ষা কৰা অতি গুৰুত্বপূৰ্ণ। লগতে প্ৰতি বছৰত এখন ই চি জি কৰোৱা বাঞ্চনীয়। এই পৰীক্ষা সমূহে কিডনী আৰু হৃদযন্ত্ৰৰ স্থিতি নিৰ্ণয় কৰিব আৰু জানি লোৱা দৰকাৰী যে ডায়েবেটিচ নিয়ন্ত্ৰণ নহ’লে প্ৰথমে হৃদযন্ত্ৰ আৰু কিডনীত বিৰূপ প্ৰভাৱ পেলায়।

10 tips to control diabetes10 tips to control diabetes

   লগতে টোপনি ক্ষতি কৰা, অতিমাত্ৰা চিন্তা কৰা, মানসিক অশান্তি, অতি লোভ আদি পৰিহাৰ কৰা অতি প্ৰয়োজন এজন ডায়েবেটিচ ৰোগীৰ বাবে । এই কাৰক সমূহে মগজুৰ পৰা কৰটিছল হৰমনৰ ক্ষৰণ বৃদ্ধি কৰিব যাৰ ফলত দেহৰ কোষ সমূহত অতিৰিক্ত পানীভাগ জমা হৈ কোষবোৰ ফুলিব যাৰ ফলতে শৰ্কৰা অভাৱনীয় ভাবে বৃদ্ধি পাব পাৰে । নিয়মীয়া ৭ -৮ ঘন্টা সুন্দৰ টোপনিয়ে বহু পৰিমাণে ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখে।

আৰু পঢ়ক  তলত ক্লিক কৰি —-

উচ্চ ৰক্তচাপ যদিহে আছে গুৰুত্ব দিয়ক এই ভয়ানক তিনি লক্ষণ !!

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *