সৰু কথাই দিয়ে জীৱনত বৰ ডাঙৰ শিক্ষা !

 এদিন এজন শিক্ষকে তেওঁৰ শ্ৰেণীকোঠাত সোমাই আকস্মিক ভাৱে ছাত্ৰ ছাত্ৰীক এটি পৰীক্ষা লব বুলি কৈ পেলালে। ছাত্ৰ ছাত্ৰী সকল অস্বস্তিত পৰিল যদিও শিক্ষকৰ কথা শুনিবই লাগিব বাবে মান্তি হৈ গল সকলো ছাত্ৰ । শিক্ষক জনে প্ৰত্যেকজন ছাত্ৰক একোখনকৈ প্ৰশ্ন কাকত যোগান ধৰিলে । প্ৰশ্ন কাকত চাই ছাত্ৰ ছাত্ৰী সমূহ অবাক হৈ পৰিল, কাৰণ সকলো প্ৰশ্ন কাকতৰ সোঁমাজত মাত্ৰ এটা বিন্দুহে আঁকি থোৱাৰ বাহিৰে কোনো প্ৰশ্ন নাছিল। ছাত্ৰ ছাত্ৰী সকল অবাক হোৱা দেখি শিক্ষক জনে কৈছিল যে তেওঁ বিচাৰিছে যে প্ৰশ্ন কাকতত যি আছে তাৰ আধাৰতে উত্তৰ কৰা উচিত। আচৰিত হৈ পৰা ছাত্ৰ ছাত্ৰীয়ে উপায় নাপাই উত্তৰ লিখা আৰম্ভণি কৰিলে।

20 amazing facts of woman

নিৰ্দিষ্ট সময়ৰ পিছত শিক্ষক জনে উত্তৰ বহি সমূহ সংগ্ৰহ কৰি উত্তৰ বহি সমূহ শ্ৰেণী কোঠাতে নিৰীক্ষণ কৰি কৰি উত্তৰ সমূহ উচ্চাৰণ কৰি পঢ়িলে । শিক্ষক জনে লক্ষ্য কৰিলে যে সকলো ছাত্ৰই প্ৰশ্ন কাকতত থকা কলা বিন্দুটোৰ বিষয়ে বিভিন্ন কথা লিখিছিল কোনোবাই যদি বিন্দু এটাৰ সূত্ৰ লিখিছে, কোনোৱে বিন্দু এটিৰ ব্যৱহাৰৰ কথা লিখিছে , কোনোৱে বিন্দুটিৰ স্থিতিৰ বিষয়ে লিখিছে।

যেতিয়া সকলো ছাত্ৰৰ প্ৰশ্ন কাকত পৰীক্ষা কৰা সম্পূৰ্ণ হ’ল তেতিয়া শিক্ষক জনে প্ৰত্যেক ছাত্ৰক উদ্দেশ্যে কৰি কিছু গুৰুত্বপূৰ্ণ কথা কৈছিল যি কথাত প্ৰত্যেক ছাত্ৰৰ জীৱন আৰু ভৱিষ্যত অনুভৱ কৰাৰ বহু কথাই অন্তৰ্নিহিত হৈ আছিল। আৰু অনাগত ভৱিষ্যতে শিক্ষাগুৰুৰ সেই বহুমূলীয়া কথাই সেই সকলো ছাত্ৰ ছাত্ৰীৰ জীৱন সলনি কৰি পেলাইছিল। শিক্ষক জনে কোৱা বহুমূলীয়া কথাখিনি আছিল, ” তোমালোক প্ৰত্যেকজনেই মাত্ৰ সেই কলা বিন্দুটিক কেন্দ্র কৰিয়ে উত্তৰ লিখিছাঁ , সেয়ে তোমালোক কোনোৱে নম্বৰ পাবলৈ সক্ষম নহ’লা , কাৰণ প্ৰত্যেক জনে মাত্ৰ সেই কলা বিন্দুটিকে focus কৰিলা কিন্ত বিন্দুটি অংকন কৰি থোৱা কাগজ খনৰ কথা একো নিলিখিলা, আৰু সেইটোৱেই মানুহৰ প্ৰবৃত্তি ; আমি প্ৰত্যেক মানুহে মাত্ৰ আমাৰ কলা অৰ্থাৎ বেয়া খিনিক focus কৰোঁ , কিন্তু বগা অৰ্থাৎ ভাল খিনিক focus কৰিবলৈ পাহৰি যাওঁ বা অৱহেলা কৰোঁ” ।

Student study motivational talk

শিক্ষক জনৰ কথাৰ ভাৱমূৰ্তি এইটোৱে আছিল যে আমাৰ প্ৰত্যেক মানুহৰ জীৱন হৈছে এখন বগা কাগজ, কিন্তু আমি বেছিকৈ মনোযোগ দিওঁ আমাৰ এই বগা কাগজত থকা black spot সমূহত। আমাৰ জীৱন হৈছে ঈশ্বৰে দিয়া এক উপহাৰ , আৰু এই জীৱনত উপভোগ আৰু উদযাপন কৰিবলৈ বহু কথাই থাকে যদিও আমি আমাৰ বেয়া খিনিক দেখি আৰু অনুভৱ কৰি স্তম্ভিত হৈ পৰো। আমি আমাৰ জীৱনক উদযাপনৰ কাৰণ আছে কিয়নো আমাৰ পৰিয়াল আছে , বন্ধু আছে আৰু আমি জীয়াই আছো। বিপৰীতে আমি কি কৰোঁ আমি আমাৰ জীৱনৰ অন্ধকাৰ দিশ বোৰক focus কৰোঁ, ধান ধনৰ বাবে হতাশা, আপোন লোকৰ সৈতে কাজিয়া, পৰিয়ালৰ সৈতে সম্পৰ্কৰ দূৰত্ব, লোভ, ঈৰ্ষা , ego এই সকলোবোৰে আমাৰ জীৱনক কোঙা কৰিছে। কিন্ত যদি আমি প্ৰত্যেকেই এটি দৃষ্টিভংগী সলনি কৰাৰ চেষ্টা কৰোঁ তেতিয়াই আমি পাম যে আমাৰ জীৱনত যি আছে সেয়া বহু যথেষ্ট আৰু সেই dark spot বা black dot সমূহ এটি বিন্দুহে মাথোঁ। আৰু যদি এই black dot সমূহক আমি এৰাই চলি মাথোঁ white part খিনিক focus কৰো তেতিয়াই আমি বিচাৰি পাম জীৱনৰ আচল প্ৰমূল্যবোধ। এই জীৱনত বহু সুবিধা থাকে বহু আনন্দৰ স্থল থাকে যাৰ তুলনাত এই কলা বিন্দু সমূহ অৰ্থহীন। Never cry because its over, smile because it happens . কথাখিনি ভাল লাগিলে বিলাই দিব।

সুখত থাকিবলৈ কোন মানুহৰ পৰা দুৰৈত থাকিব লাগে জানিবলৈ তলত ক্লিক কৰি পঢ়ক 

সুখত থাকিব বিচাৰিলে ৩ ধৰণৰ মানুহৰ পৰা ১০০ ফুট দূৰৈত থাকক !!

হিট কমেডি ভিডিঅ’ খাটাৰনক চোৰ

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *