Thomas Edision biography in Assamese language

জীৱনত যেতিয়া অতি বেয়া সময় আহে এই কথ মনত পেলাব !

  এটা কথা আছে খিছিৰি যদি কেৰাহীত প্ৰস্তুত হয় সেই খিছিৰিয়ে এজন অসুস্থ লোককো সুস্থ কৰি তুলিব পাৰে আৰু যদি সেই খিছিৰি মগজুত তৈয়াৰ হয় তেতিয়া এজন সুস্থ লোককো অসুস্থ্য কৰিব পাৰে।

চিন্তা চিতাৰ সমান হয়, যেতিয়াই আপুনি কিবা বিষয়ত বেছিকৈ চিন্তা কৰিব সেই চিন্তাই আপোনাক ভিতৰৰ পৰা দূৰ্বল কৰি পেলাব। আমাৰ আটাইতকৈ ডাঙৰ আৰু ভাল বন্ধু আৰু আটাইতকৈ ডাঙৰ আৰু বেয়া শত্ৰু হৈছে আমাৰ মগজুত চলি থকা চিন্তাসমূহ।

Ways to overcome bad days

এদিন অকলে বহি আপুনি এটা কথা চিন্তা কৰক যে আপোনাৰ মৃত্যু হোৱাৰ দিনা কোনে কোনে দুখ কৰিব আৰু কোনে কোনে চকুলো টুকিব , মনত কষ্ট পাব ! যিসকল লোকে দুখ প্ৰকাশ কৰিব বুলি আপুনি ভাবিছে আজিৰ পৰা আপুনিও তেওঁলোকৰহে যত্ন লোৱা কৰক আৰু তেওঁলোকৰ কথা ভাবিবলৈ বাধ্য হওঁক আৰু বাকী সমূহ লোকৰ কথা সম্পুৰ্ণ ৰূপে এৰি চলক যাৰ ওচৰত আপুনি মৰি যোৱা আৰু জীয়াই থকাৰ কোনো মূল্য নাই ।

বিশ্বাস এনে এটি বস্তু যি ভাঙি যাবলৈ মাত্ৰ এটা চেকেণ্ড সময়ৰ প্ৰয়োজন আৰু ইয়াক প্ৰমাণ কৰিবলৈ গোটেই জীৱনৰ সময়ৰ প্ৰয়োজন । বিশ্বাস ইমানেই সূক্ষ্ম যে আপোনাৰ এটি সামান্য ভুলৰ বাবে আপোনাৰ প্ৰতি থকা আস্থা সকলো ভাঙি যাব পাৰে। সেয়ে কাৰোবাৰ বিশ্বাস এবাৰ ভাঙি পেলোৱাৰ আগত এইটো মনত পেলোৱা উচিত যে  বিশ্বাস গঢ়িবলৈ গোটেই জীৱনৰ সময় প্ৰয়োজন হৈ পৰিব।

সফলতাৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ই সদায় পৰিশ্ৰমী লোকৰ সৈতে থাকি ভাল পাই ।

যদি আপোনাক কোনোবাই অপমান কৰে তেন্তে সেই অপমানৰ প্ৰতিশোধ লগে লগে যুদ্ধ কৰি নলৈ তেঁওতকৈ সফল হৈ দেখুৱাই দেৰিকৈ লওঁক। যিদিনা আপুনি তেঁওতকৈ সফল হৈ পৰিব সিদিনাৰ পৰা আপোনাক তেওঁ অপমান কৰাৰ কথা বেলেগে মূৰ দাঙি চাবলৈকে সাহস নাথাকিব।

তেজপিঁয়াই পৰিস্থিতি দেখি দেহৰ ৰং সলনি কৰে কিন্তু মানুহে সুযোগ বুজি ৰং সলনি কৰে।

এবাৰ বিজ্ঞানী থমাছ এডিছনক সোধা হৈছিল, ” আপুনি ইমান বাৰ অসফল হৈছে তথাপিও আপোনাৰ মনত চিন্তা নহয় নেকি , আপুনি টেনশ্যন নলয় নেকি ” ? ” আপুনি নাভাবে নেকি যে আপুনি হাৰ মানি লোৱা উচিত” ? উত্তৰত থমাছ এডিছনে কৈছিল, ” হয় মই জানো মই বাৰ বাৰ বিফল হৈছোঁ আৰু এই বিফলতাৰ পৰা মই প্ৰত্যেকবাৰে কিবা এটি নতুন শিকিবলৈ পাওঁ, আৰু যিখিনি শিকিবলৈ পাওঁ সেইখিনি মোৰ গৱেষণাত প্ৰয়োগ কৰোঁ, মই যিমানেই বিফল হৈছোঁ সিমানে মোৰ লক্ষ্যৰ ফালে এখোজ আগুৱাই যাওঁ”। আৰু এই থমাছ এডিছনে অৱশেষত এদিন বিভিন্ন ধৰণৰ বৈদ্যুতিক সামগ্ৰী আবিষ্কাৰ কৰিছিল।

THOMAS ALVA EDISON LIFE STORY

এটা কথা মনত ৰখা উচিত যে প্ৰথম চেষ্টাত সফলতা অকল ভাগ্যবান লোকে অৰ্জন কৰে কিন্তু এই সফলতাত শিকিবলৈ কোনো সমল নাথাকে ; আৰু যিজনে বহুবাৰ বিফল হৈ সফলতা লাভ কৰে তেওঁৰ সফলতা তেওঁৰ সৈতে গোটেই জীৱন ৰৈ যায়। জীৱনত হাৰ মানিবলৈ হাজাৰ কাৰণ থাকে কিন্তু জীৱনত সফল হবলৈ এটা জেদ মাথোঁ যথেষ্ট। এটি পৰুৱাই যদি জেদ ধৰি লয় সি এটি হাতীকো মাৰি পেলাব পাৰে ঠিক একেদৰে যদি মানুহ এজনে জেদ কৰি লয় তেতিয়া ডাঙৰতকৈ ডাঙৰ লক্ষ্য অর্জন কৰিবলৈ সক্ষম হয়।

আদৰ্শ নাৰীৰ ৫ টি গুণ জানিবলৈ তলত ক্লিক কৰক

আদৰ্শ নাৰী চিনি লওঁক এই ৫ লক্ষণৰ পৰা !

হিট কমেডী ভিডিঅ’ , বুৰবক চোৰ 😂😂 👇👇

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *