Three kinds of people to be avoided

সুখত থাকিব বিচাৰিলে ৩ ধৰণৰ মানুহৰ পৰা ১০০ ফুট দূৰৈত থাকক !!

 You are the average of five people you have spent the most time with . এই বিখ্যাত উক্তিৰ অৰ্থ হৈছে আপুনি যি পাঁচজন মানুহৰ সতে চলা ফুৰা কৰে আপুনিও তেনে ধৰণৰ হৈ পৰে গঢ় লৈ উঠে । এই৫ জনৰ ভিতৰত যদি কোনোবা ভাল বা কোনো বেয়া তেন্তে আপুনিও এই ৫ জনৰ ভাল বেয়া সকলো গুণসমূহ অর্জন কৰিব আৰু যদি ৫ জন মানুহ বেয়া তেন্তে আপুনিও বেয়া ধৰণৰ হৈ পৰিব আৰু সকলোঁজন ভাল হ’লে আপুনি ভাল গুণ সমূহে আহৰণ কৰিব। সেয়ে কোৱা হয় সৎ সংগত স্বৰ্গবাস আৰু অসৎ সংগত সৰ্বনাশ।

Walking style identify characters of a girl

মানুহ সমাজ প্রিয়, আমি ইচ্ছা কৰিলেও অকলশৰীয়া থাকিব নোৱাৰো। সমাজত বসবাস কৰোঁতে বহু মানুহৰ সৈতে বন্ধুত্ব আৰু সংযোগ স্থাপন কৰিবলৈ দৰকাৰ হৈ পৰে। বহুসময়ত আমি জানো আৰু বুজি পাওঁ যে মানুহজন মিছলিয়া বা ফাঁকিবাজ, তেওঁৰ আগত ভাল কথা কলেও ঋণাত্মক উত্তৰ দিয়ে তথাপিও আমি বন্ধুত্ব আৰু সম্পৰ্কৰ খাতিৰত আমি সম্পৰ্ক ৰাখোঁ ; কিন্ত যদি আমি নিজকে সফল কৰিবলৈ হয় তেন্তে তলত উল্লেখ কৰা তিনি ধৰণৰ পুৰুষ মহিলাৰ সৈতে সম্পৰ্ক ত্যাগ কৰিব লাগিব, তেওঁলোকৰ সৈতে দূৰত্ব বজাই ৰাখিব লাগিবই।

১) Emotionally blackmailer :- কাৰোবাক ব্লেকমেইল কৰাটো অপৰিপক্কতাৰ পৰিচায়ক ; যেনেদৰে শিশুক যেতিয়া কিবা বস্তুৰ প্ৰয়োজন হয় আৰু অভিভাৱকে দিবলৈ অমান্তি হয় তেতিয়া সেই শিশুৱে কন্দা কটা আৰম্ভ কৰে , সেয়া শিশুৰ বাবে প্ৰযোজ্য হ’ব পাৰে যি শিশু সুলভ মনৰ আবেগৰ বহিঃপ্ৰকাশ বুলি অভিহিত কৰা হয়, কিন্তু প্ৰাপ্তবয়স্ক লোকে যদি এনে আচৰণ কৰে সেয়া কোনো পধ্যে গ্রহণযোগ্য নহয়। এনে লোকৰ পৰা দূৰত্ব বজাই ৰখা উত্তম নহ’লে আপুনি যদি এবাৰ কাৰোবাৰ emotional blackmail ৰ চিকাৰ হৈ যায় তেনেহলে আপোনাক বাৰে বাৰে  কৰাৰ চেষ্টা ৰাখিব আৰু আপোনাক বিপদৰ মুখে ঠেলি দিব।

২) অভিযোগকাৰী :- এই ধৰণৰ মানুহ বোৰ প্ৰতি বিষয়তে, প্ৰতি কথাতে অভিযোগ কৰি থাকে, কোনো কথাতে তেওঁ একো ভাল বিচাৰি নাপাই আনকি ভাল সমূহকো বেয়া বুলি প্ৰতিপন্ন কৰিবৰ চেষ্টা কৰে। এনে লোকে নিজৰ যিখিনি আছে তাতে সন্তুষ্ট নাথাকে ফলত তেওঁলোকে সদায় নিজকে দুখী অনুভৱ কৰি থাকে। অভিযোগ কৰা মানুহে মাত্ৰ অভিযোগ কৰিব জানে কেতিয়াও নিজক পৰিৱৰ্তন কৰিবলৈ চেষ্টা নকৰে। ডাঙৰ ডাঙৰ কম্পেনী সমূহে অভিযোগৰ প্ৰতি – অভিযোগ নকৰে মাত্ৰ অভিযোগৰ সমাধান সূত্ৰ উলিয়াই, ফলতে তেওঁলোকে বজাৰত তিষ্ঠি থাকিবলৈ সক্ষম হয় । সেয়ে আপুনি যদি এই অভিযোগকাৰী মানুহৰ সৈতে উঠাবহা কৰি আছে আজিয়ে তেওঁলোকৰ পৰা দূৰত্ব বঢ়াই দিয়ক। এই শ্ৰেণীৰ মানুহৰ সৈতে আপুনি সম্পৰ্কত থাকিলে জীৱনৰ সুবিধা আৰু সুযোগ সমূহ হেৰুৱাব লাগিব আৰু কেতিয়াও সুখী হ’ব নোৱাৰিব আপোনাৰ বৰ্তমানত থকা সা সুবিধা সমুহক লৈ।

causes of hair fall

৩) এলেহুৱা লোক :- আমাৰ সকলোৰে পৰিচিত এনে দুই এজন লোক আছে যিসকল এলেহুৱা, অৰ্থাৎ তেওঁলোকে সদায় কৈ থাকে কিবা এটি ডাঙৰ কাম আৰম্ভণি কৰিব বুলি কিন্তু তেওঁলোকে কেতিয়াও কামটো আৰম্ভ নকৰে , মাত্ৰ অজুহাত দেখাই আজি কৰিব, কালি কৰিব বুলি কৈ ফুৰে। এই লোকে কেতিয়াও একো কৰাৰ সামৰ্থ নাৰাখে মাত্ৰ ভাবি ভাবি কটাই দিয়ে সময়। এনে লোকৰ পৰা দূৰত্ব ৰাখিব লাগে কাৰণ এলাহ এটা সংক্ৰমক ৰোগ , ই অইন মানুহৰ দেহলৈ দ্ৰুতগতিত বিয়পে। উদাহৰণ স্বৰূপে আপোনাৰ এজন বন্ধু আছে যাৰ বয়স ২৫ বছৰ আৰু তেওঁ দেউতাৰ টকা খৰচ কৰি আৰামৰ জীৱন কটাই আছে আৰু সেইটো যদিহে আপুনি দেখি থাকে সদায়ে, লাহে আপোনাৰো মন যাব তেওঁৰ দৰে এলেহুৱা হৈ পৰিবলৈ। মানুহ এলেহুৱা হোৱা কাৰণ হৈছে এলেহুৱা হৈ ভাল লাগে, এলেহুৱা হ’বলৈ সহজ আৰু যেতিয়াই বিচাৰে তেতিয়া আপুনি এলেহুৱা হৈ পৰিব পাৰে। আৰু মানুহৰ মগজুৱে বিচাৰে যে আপুনি এলেহুৱা হওঁক, কোনো কাম নকৰি বহি থাকক।

টোপনীৰ ভংগীত স্ত্ৰীৰ চৰিত্ৰ চিনিবলৈ তলত ক্লিক কৰি পঢ়ক

টোপনিৰ ভঙ্গীতে বুজিব পাৰি স্বামী স্ত্ৰীৰ সম্পৰ্কৰ দৃঢ়তা !

হিট কমেদি ভিডিঅ’👇👇 – পুলিচ signal 😂😂

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *