20 amazing facts of woman

ছোৱালীৰ বিষয়ে কোনোদিনে নুশুনা ২০ টি আচৰিত কথা !

যত্ন লোৱা প্ৰৱণতা আৰু আবেগ মহিলাৰ ক্ষেত্ৰত সহজে পৰিলক্ষিত হয়, মহিলাই আনৰ সুখ – দুখ খুব ভালকৈ বুজি পাই, সময়ত এই মহিলাই মা হৈ পৰে, কাৰোবাৰ ভনী আৰু কাৰোবাৰ সৈতে বন্ধুত্ব ভালকৈ পালন কৰে। মহিলাই সদায় সময় অনুযায়ী, অৱস্থান অনুসৰি, প্ৰয়োজনত বেলেগ বেলেগ ৰূপ ধাৰণ কৰিব পাৰে। এই মহিলাৰ ক্ষেত্ৰত এনে কিছুমান মনোবৈজ্ঞানীক কথা  আছে যিবোৰ শুনিলে হয়তো আপুনি আচৰিত হৈ পৰিব।

20 amazing facts of woman

১) এক গৱেষণা অনুসৰি পুৰুষৰ তুলনাত মহিলাৰ মগজুত দুগুন pain receptor cell ( বিষ আকর্ষক কোষ ) থাকে। এই receptor বেছি হোৱা মানে মনটোৱে বেছিকৈ দুখ আৰু কষ্ট মগজুলৈ প্ৰেৰণ কৰে । তথাপিও মহিলাৰ দুখ আৰু কষ্ট সহ্য কৰাৰ গুণ পুৰুষৰ তুলনাত অতি বেছি।

২) মহিলাই যিকোনো বিপদক সহজতে অনুভৱ কৰিব পাৰে। যদিহে বিশ্বাস নহয় তেন্তে এজনী মহিলাক কোনো অচিনাকি ব্যক্তিৰ সৈতে কথা পাতি থকাৰ সময়ত লক্ষ্য কৰক।

৩) মহিলাই পুৰুষৰ তুলনাত multi – tasking ( একে সময়তে একাধিক কাম) খুব ভালদৰে কৰে। বিশ্বাস নহলে মা যেতিয়া পাকঘৰত খানা প্ৰস্তুত কৰে তেতিয়া লক্ষ্য কৰক।

৪) গৱেষণা অনুসৰি নিজৰ কষ্ট আৰু দুখ কম কৰিবলৈ ৮০% মহিলাই অকলশৰে আৰু মনে মনে থাকিবলৈ পছন্দ কৰে। সেয়ে কোনো মহিলাক যদি শান্ত ভাবে ৰৈ থকা দেখিছে জানিব যে তেওঁ কোনো দুখ লুকাই ৰাখিছে।

৫) যদি কোনো মানুহৰ কথা মনত পেলাব লাগে সেই ক্ষেত্ৰত পুৰুষৰ তুলনাত মহিলাই কম সময়তে মনত পেলাব পাৰে।

৬) গৱেষণা অনুসৰি মহিলাই প্ৰথম শব্দটো আৰু প্ৰথম বাক্যটো কব আৰু পঢ়িব সোনকালে শিকে। সেয়ে কোৱা হয় মহিলাৰ learning ability পুৰুষৰ তুলনাত বেছি।

৭) পুৰুষে ইজনে সিজনৰ insult কৰে আৰু মহিলাই ইজনীয়ে – সিজনীৰ মিছা কথাক সঁহাৰি জনাই বন্ধুত্ব কৰে।

৮) মহিলা পুৰুষৰ তুলনাত বেছি আবেগিক হয় আৰু লোকৰ আবেগক সোনকালে বুজি পাই আৰু স্বীকাৰ কৰি ভুল মানুহৰ চিকাৰ হয়।

৯) মহিলাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে আনৰ যত্ন লোৱা গুণ। যাৰ ফলত মাতৃয়ে সদায় সন্তানৰ বাবে সকলো ত্যাগ স্বীকাৰ কৰিব পাৰে।

Life after 40 years

১০) পুৰুষৰ তুলনাত সিদ্ধান্ত লওঁতে মহিলাই বেছি সময় লয়। কিন্তু দৰকাৰী কথা এইটো যে যেতিয়া মহিলাই এবাৰ সিদ্ধান্ত লৈ পেলাই তেওঁ সোনকালে সেই সিদ্ধান্ত সলনি নকৰে ।

১১) মহিলাই সেইসকল লোকৰ সৈতে বেছিকৈ কথা পাতে যাৰ প্ৰতি তেওঁৰ আকৰ্ষণ বেছি থাকে, আৰু যাৰ প্ৰতি আকৰ্ষণ নাথাকে তেওঁলোকৰ সৈতে এক চেকেণ্ড সময়ো নষ্ট নকৰে।

১২) মানোবিজ্ঞান অনুসৰি পুৰুষে মহিলাৰ তুলনাত দুগুন মিছা কথা কয়। এজন পুৰুষে দিনটোত অতি কমেও ৬ টি মিছা কথা কয় যত এগৰাকী মহিলাই ৩ টি মিছা কথাৰ আশ্ৰয় লয়।

১৩) ছোৱালীৰ listening skill লৰা তুলনাত বেছি। কিয়নো লৰাৰ তুলনাত ছোৱালীৰ মগজুত ১১% বেছি নিউৰণ থাকে যিয়ে শুনা আৰু ভাষাক নিয়ন্ত্ৰণ কৰে, যাৰ বাবে মহিলাই বেছিকৈ শুনাৰ উপৰিও ভিন্ন আবেগিক কথাৰ পাৰ্থক্য সোনকালে উলিয়াব পাৰে।

১৪) এক গৱেষণা অনুসৰি মহিলাই নিজৰ মগজুৰ দুয়োটা ভাগ সমানে ব্যৱহাৰ কৰিব পাৰে যত পুৰুষে মগজুৰ বাওঁফাল ভাগটো বেছিকৈ ব্যৱহাৰ কৰে।

১৫) যি মহিলাৰ IQ বেছি তেওঁৰ বাবে নিজৰ জীৱন সংগী বিচাৰি উলিয়াবলৈ কঠিন হয় কাৰণ বুদ্ধিমান মহিলাই বেয়া মানুহৰ সৈতে জীৱন নিৰ্বাহ কৰাতকৈ অকলে থাকিবলৈ পছন্দ কৰে।

১৬) Venus আমাৰ সৌৰজগতৰ একমাত্ৰ গ্ৰহ যাৰ নাম কোনো দেৱীৰ ( goddesses of love) সৈতে তুলনা কৰা হয় বিপৰীতে আন বহু তৰা আৰু জোনৰ নামেৰে বহু মহিলাৰ নাম ৰখা হয়।

১৭) মহিলাই পুৰুষৰ তুলনাত বহু বেছি কথা কয়, এদিনত এজনী মহিলাই প্ৰায় 20000 শব্দ উচ্চাৰণ কৰে, যি এজন পুৰুষৰ তুলনাত প্ৰায় 13000 শব্দতকৈ বেছি।

Tips to be smart

১৮) এইটো কোৱা অনুচিত যে মহিলা বেছি অহংকাৰী। এটি গৱেষণা অনুসৰি মহিলা আৰু পুৰুষ সমানে অহংকাৰী হয়।

১৯) ৰাছিয়া এনে এখন দেশ যত পুৰুষৰ তুলনাত মহিলা বেছি। যত পুৰুষৰ তুলনাত 90 লাখ বেছি মহিলা আছে।

২০) মহিলাই এটি গোপন কথা মাত্ৰ 47 ঘণ্টা 15 মিনিটহে গোপন কৰি ৰাখিব পাৰে । আৰু এই সময় অতিক্ৰম কৰাৰ লগে লগে আনক কৈ পেলাই ।

আদৰ্শবান নাৰী চিনি পোৱাৰ ৫ টা টিপছ্ জানিবলৈ তলত ক্লিক কৰক

আদৰ্শ নাৰী চিনি লওঁক এই ৫ লক্ষণৰ পৰা !

অসমীয়া হিট ভিডিঅ’ – টকা থাকিলে মানুহ ব্যাস্ত 👇👇

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *