TIPS TO PROTECT KIDNEY

এই অভ্যাসৰ পৰা নষ্ট হয় কিডনী ! ৯৯% মানুহে নাজানে ভালে ৰখাৰ উপায়।

   দহ ধৰণৰ খাদ্য আৰু সাতোটা বেয়া অভ্যাসৰ বাবে নষ্ট হৈ পৰে মানুহৰ কিডনী। অথচ ৯৯% মানুহে নাজানে কিডনী দুটি ভালে ৰখাৰ উপায়। কিডনী ৰোগৰ মূল কাৰণ হৈছে মানুহৰ দৈনন্দিনৰ খোৱা লোৱা। প্ৰতিদিনে মানুহে এনে কিছুমান খাদ্য গ্ৰহন কৰে যাৰ ফলত লাহে লাহে কিডনী দুটি বিকল হৈ পৰে।

Advertisement

কিডনী দুটিয়ে মূলতে মানৱ দেহ বিষ মুক্ত কৰে , দেহৰ ভিতৰ ভাগ পৰিস্কাৰ – পৰিচন্নতা কৰাৰ কাম কিডনী দুটিয়ে কৰে। দেহৰ ভিতৰৰ ক্ষতিকাৰক পদাৰ্থ সমূহ চেকি বাহিৰ কৰি দিয়ে কিডনী দুটিয়ে। সেয়ে কিডনী দুটি মানৱ শৰীৰৰ বাবে অতি মূল্যবান অংগ আৰু তাৰ বাবেই আমি এই কিডনী দুটিৰ যত্ন লোৱা অৱশ্যে দৰকাৰী।

কিছুমান খাদ্য আছে যিসমূহ মানুহে খুব কমকৈ খাব লাগে আৰু কিছুমান খাদ্য আছে যাক একেবাৰে খাব নালাগে যদিহে এই অমূল্য কিডনী দুটি চিৰদিন ভালে ৰাখিবলৈ হয়। সেই সমূহ হৈছে

10 tips to control diabetes

১) Instant nodules :- যেনে মেগী, গুড ডট, চিন লাইট, তপমিন আদি পেকেটবোৰ একৰ পৰা তিনি মিনিটৰ ভিতৰত বনাই খাব পাৰি। কিন্তু এই নডিউলছ বোৰত এনে কিছুমান চডিয়াম মিহলোৱা থাকে যিয়ে লাহে লাহে কিডনী দুটি বিকল কৰে যদিহে কোনোবাই প্ৰায়ে সেৱন কৰে।

২) শীতল পানীয় আৰু শক্তিদায়ক পানীয় (Cold drinks and energy drinks) :- যি ধৰণৰ বজাৰত পোৱা আৰু পেকেটত পোৱা পানীয় হওঁক বা ফলৰ জুইছ কেতিয়াও গ্ৰহণ কৰিব নালাগে আৰু নিজৰ শিশুক কেতিয়াও খুৱাব নালাগে । এইবোৰত মিহলাই ৰখা সংৰক্ষক দ্ৰব্য কিডনীৰ বাবে অহিতকৰ।

৩) ফাষ্টফুড ( Fast food ) :- ঘৰত প্ৰস্তুত কৰা হওঁক বা বজাৰত এই ফাষ্টফুড প্ৰস্তুত কৰোঁতে এনে কিছুমান উপাদানৰ প্ৰয়োজন যিয়ে কিডনীক বহুত কষ্ট দিয়ে। অকল কিডনীয়ে নহয় অত্যাধিক ভাজি কৰি খোৱা এই ফাষ্টফুডৰ পৰা উচ্চ ৰক্তচাপ, মধুমেহ, হৃদৰোগ আদি সকলো ৰোগ হ’ব পাৰে।

৪) চিপছ্ ( Chips ) :- এই চিপছ আলু বা কেঁচা কল বা চাউলৰ গুৰি যাৰ পৰাই প্ৰস্তুত কৰা নহওঁক কিয় এয়া কিন্ত অতিশয় উষ্ণতাত প্ৰস্তুত কৰা হয় যাৰ ফলত এই চিপছৰ খাদ্য উপাদান নষ্ট হৈ পৰাৰ উপৰিও দেহৰ বাবে বিষাক্ত হৈ পৰে। লগতে বহুদিন এই সমূহ পেকেটত ৰাখিবলৈ যি সংৰক্ষক দ্ৰব্য মিহলাই দিয়া হয় সেয়া মানৱ দেহৰ বাবে ভয়ানক। সেয়ে উপৰোক্ত চাৰিবিধ খাদ্য কোনোৱে গ্ৰহণ কৰা অনুচিত। আৰু তলত উল্লেখিত খাদ্য ছয়বিধ হিচাপত খাব লাগিব কিন্তু অৰ্ধেক নহয়।

৫) ভিটামিন C সমৃদ্ধ খাদ্য :- এজন মানুহক দৈনিক ৫০০ মিলিগ্ৰাম ভিটামিন C ৰ প্ৰয়োজন। কিন্তু এই পৰিমাণৰ বেছি খালেও কিডনীয়ে কষ্ট পাই।

WHY KIDNEY STONES REOCCUR REPETEDLY IN ONE MAN

৬) মাংস ( Meat ) :- মাংসত অত্যাধিক পৰিমানে প্ৰটিন থাকে। আৰু প্ৰটিন হ’ল দেহ গঠনকাৰী এবিধ উপাদান। আৰু এই প্ৰটিনে শাৰিৰীক বৃদ্ধি, মাংসপেশী গঠন আৰু কিডনীৰ বাবে প্ৰয়োজনীয় কিন্ত যদি এই প্ৰটিন অত্যাধিক খোৱা হয় তেতিয়া বিপাকীয় ক্ৰিয়াত ব্যাঘাত জন্মে আৰু কিডনীত কুপ্ৰভাৱ পৰে। সেয়ে মাংস দৈনিক ৭০ – ১০০ গ্ৰামতকৈ বেছি খাব নালাগে।

৭) লৱন ( Salt) :- চডিয়াম আৰু পতাচিয়ামে তেজৰ ইলেক্ট্ৰলাইটৰ ভাৰসাম্যতা নিয়ন্ত্ৰণ কৰে । আৰু কিডনীৰ ক্ৰিয়া ঠিকে ৰাখে কিন্তু অধিক লৱন খালে কিডনী সোনকালে বিকল হোৱাৰ সম্ভাৱনা বাঢ়ে। দৈনিক এজন মানুহে ৫ গ্ৰামতকৈ বেছি নিমখ খোৱা কিডনীৰ বাবে হানিকৰ।

৮) বাদাম :- এবিধ খুব ভাল খাদ্য আৰু সুস্থ্য থাকিবলৈ সকলোৱে বাদাম খাব লাগে। কিন্তু অত্যাধিক বাদাম অৰ্থাৎ দৈনিক ১০ – ১২ টিৰ বেছি খাই সেয়া হব পাৰে কিডনীৰ ক্ষতিকাৰক।

৯) দুগ্ধজ্জাত খাদ্য :- গাখীৰ, পনীৰ, ঘি আদি হিচাপত খাব লাগে কিয়নো ই কেলচিয়ামৰ দ্বাৰা ভৰপূৰ। এইবোৰ নাখালে শৰীৰে পুষ্টি নাপাই কিন্তু যদি কোনোবাই ইতিমধ্যে কিডনী ৰোগত আক্ৰান্ত হৈছে তেন্তে তেওঁ এই খাদ্য খোৱাৰ পৰা বিৰত থকা উচিত। আৰু কিডনী ৰোগ নোহোৱা লোকেও এই খাদ্য মাত্ৰাধিক খোৱা অনুচিত।

১০) কফি ( Coffee ) :- কফি  স্বাস্থ্যৰ বাবে ভাল যত কেফেইন থাকে, কিন্তু এই কফি অত্যাধিক সেৱন কৰিলে কিডনী পাথৰ হ’ব পাৰে। সেয়ে দৈনিক ২ – ৩ কাপতকৈ বেছি কফি খোৱা অনুচিত । আৰু এই দুই তিনি কাপ চেনী আৰু গাখীৰ নিদিয়াকৈ খোৱা উত্তম।

লগতে কিছু বেয়া অভ্যাস আছে যিবোৰৰ পৰা কিডনী নষ্ট হোৱা সম্ভাৱনা বাঢ়ে। সেইবোৰ :-

CAN FREQUENT MICTURATION BE THE SYMPTOMS OF KIDNRY FAILURE?

১) পানী কম খোৱা । দৈনিক ৮-১০ গিলাচ পানী সেৱন অত্যন্ত দৰকাৰী। আৰু অত্যাধিক ঘাম ওলালে এই পানীৰ পৰিমাণ বঢ়াই দিয়া উচিত।

২) দীঘলীয়া সময় পেচাব ধৰি ৰখা । এই ভুল কেতিয়াও কৰিব নালাগে । ইয়াৰ ফলত কিডনীয়ে অতিৰিক্ত চাপ বহন কৰিবলগীয়া হয়।

৩) অকণমান বিষ হলেই বিষনাশক ঔষধ সেৱন কৰা কিডনীৰ বাবে বিপদজনক।

৪) মদ্যপান, ধূম্ৰপান কিডনীৰ বাবে ভয়ানক।

৫) ৰাতি টোপনি নোযোৱা, ইচ্ছা কৰি টোপনি নামাৰিলে কিডনীয়ে বহুত কষ্ট ভোগ কৰে। সেয়ে দৈনিক ৭-৮ ঘণ্টা টোপনি স্বাস্থ্য হিতকৰ।

এটি বুদ্ধিমান শিশু জন্ম দিবলৈ অন্তসত্বা মাতৃয়ে কি কৰা উচিত জানিবলৈ তলত ক্লিক কৰক

এটি বুদ্ধিমান শিশু জন্ম দিবলৈ অন্তঃসত্তা মাতৃৰ কৰণীয় কি ?

হিট কমেডি ভিডিঅ’ 👇👇 কেম্বা কাইৰ হোলী 😂😂

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *