আদৰ্শ নাৰী চিনি লওঁক এই ৫ লক্ষণৰ পৰা !

 নাৰী শব্দটো শুনিলে হয়তো বহুজনৰ মনত পৰে সেই বৰ্বৰ যুগৰ কথা, যি সময়ত নাৰী বেচা কিনা হৈছিল, নাৰীক চাকৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল, যি সময়ত কন্যা সন্তানক জীৱন্তে মাটিত পুতি থোৱা হৈছিল, নাছিল তেওঁলোকৰ কোনো মৰ্যাদা । কিন্তু ৫৭০ খ্ৰীষ্টাব্দৰ পিছত নাৰীয়ে পৃথিৱীত বিশেষ মৰ্যদা পালে। আৰু তেতিয়াৰ পৰা মান্যতা দিয়া হ’ল যে সমগ্ৰ পৃথিৱীৰ আটাইতকৈ মূল্যবান সম্পদ হৈছে নাৰী আৰু নাৰীয়ে হৈছে সৃষ্টিৰ মূল। আৰু এই নাৰীৰো কিন্তু আদৰ্শ আৰু গুণ সমানে প্ৰয়োজন হৈ পৰিছে বৰ্তমানৰ এই আধুনিক সমাজত। এগৰাকী আদর্শবান নাৰী অথবা স্ত্ৰীৰ গুণ সময় হৈছে :-

Advertisement

১) ধৈৰ্য্য :- এজনী আদর্শ নাৰীৰ বৈশিষ্ট্য হৈছে ধৈৰ্যশীলতা। এনে নাৰীয়ে পৰিয়ালৰ সকলোকে মাৰাত্মক বিপৰ্যয়ৰ পৰা ৰক্ষা কৰাৰ সামৰ্থ্য ৰাখে আৰু যথাসময়ত সকলোকে সৎ উপদেশ দিব পাৰে। এওঁলোকে পিতা মাতা আৰু স্বামীৰ সৈতে অযথা তৰ্ক আৰু বিতৰ্কত লিপ্ত নহয়। আৰু যি সমস্যাই আহি নপৰক কিয় ধৈৰ্য ধৰি সমাধানৰ সূত্ৰ বিচাৰি আনে।

2) সত্যবাদী আৰু কোমলতা :- এয়া হৈছে নাৰীৰ প্ৰধান অলংকাৰ । এগৰাকী উত্তম আচৰণকাৰী আৰু মিঠা মুখৰ নাৰী পৰিয়ালৰ বাবে এক উপহাৰ স্বৰূপ। এনে নাৰীক ভগৱন্তই খুব পছন্দ কৰে।

৩) লাজ আৰু চৰম :- এগৰাকী সম্ভ্ৰান্ত আৰু আদৰ্শ নাৰীৰ অলংকাৰ হৈছে লাজ। এই লাজ আৰু চৰমে নাৰীৰ মাজত ভক্তি ভাৱ যোগাই আৰু যৌন অপকৰ্মৰ পৰা নাৰীক বচাই ৰাখে।

Walking style identify characters of a girl

৪) অল্পতুষ্টি :- যি নাৰী অলপতে সন্তুষ্ট হয় সেয়া নাৰী হৈছে আদৰ্শ নাৰী। যদিও সমাজত নাৰীৰ ভৰণ পোষণৰ দায়িত্ব স্বামীৰ ওপৰত অৰ্পিত তথাপিও স্ত্ৰীয়ে স্বামীৰ উপাৰ্জনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি নিজৰ প্ৰয়োজন পূৰণ কৰাটো এজনী আদৰ্শবান নাৰীৰ চৰিত্ৰ।

৫) ভাল আচাৰ ব্যৱহাৰ :- যি স্ত্ৰীয়ে তেওঁৰ স্বামী আৰু নিকটাত্মীয়ক উত্তম ব্যৱহাৰ কৰে, সমাজত সেই নাৰী উত্তম বুলি বিবেচিত হয়। তেওঁলোক এই পৃথিৱীত শান্তিৰ প্ৰতীক হৈ ৰয় আৰু তেওঁলোকৰ পৰকাল ধৈন্য হৈ হয়।

৬) আনুগত্য :- বিয়াৰ পিছত নাৰী এগৰাকী স্ত্ৰী হৈ পৰে আৰু সৎ চৰিত্ৰৰ নাৰীয়ে বিয়াৰ পিছত স্বামীৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ যত্নপৰ হয়।

৭) স্বামীৰ সম্পদক নিজৰ সম্পদ বুলি মানি ৰক্ষণাবেক্ষণ কৰা এগৰাকী আদৰ্শবান স্ত্ৰীৰ দায়িত্ব। আৰু স্বামীৰ অজ্ঞাতে স্বামীৰ ধন খৰছ নকৰে এগৰাকী আদৰ্শবান স্ত্ৰীয়ে।

৮) সন্তানক ভালদৰে শিক্ষা দিয়া এগৰাকী স্বামী আৰু স্ত্ৰীৰ উভয়ৰে দায়িত্ব । আৰু স্ত্ৰীয়ে সন্তানক আদৰ্শবান কৰি তোলাৰ চেষ্টা কৰে। ভাল আৰু বেয়া কামৰ পাৰ্থক্যৰ বিষয়ে সৰু কালতে আদৰ্শ স্ত্ৰীয়ে নিজৰ সন্তানক শিক্ষা দিয়ে আৰু ফলত সন্তান ডাঙৰ হৈ আদৰ্শবান হয়।

৯) পৰিষ্কাৰ পৰিচন্নতা :- এগৰাকী আদৰ্শ নাৰীয়ে নিজৰ গৃহ পৰিষ্কাৰকৈ ৰাখে । আৰু এই গৃহত মা লক্ষ্মীৰ প্ৰৱেশ ঘটে, লেতেৰা আৰু কদৰ্যময় গৃহত নহয়।

১০) পৰিনিন্দা আৰু পৰচর্চাৰ পৰা দূৰৈত থাকে। বেছিভাগ নাৰী পৰনিন্দা আৰু পৰচর্চাত ব্যস্ত থকাৰ বিপৰীতে এগৰাকী আদৰ্শ নাৰীয়ে সদায় ইয়াক এৰাই চলে। আদৰ্শ নাৰীয়ে নিজৰ কামত ব্যস্ত থকাৰ ফলতে তেওঁৰ অদৰকাৰী আড্ডাৰ সময় নাথাকে।

  সেয়ে কোৱা হয় “সংসাৰ সুখে থাকে ৰমনীৰ সুখে”। তাৰ কাৰণে আমাৰ সকলোৰে দায়িত্ব আমাৰ পৰিয়ালত থকা নাৰীক আদৰ্শবান কৰি গঢ়ি তোলাৰ। তেওঁলোকক সঠিককৈ লালন পালন কৰিলে নিশ্চিত ভাবে এই পৃথিৱীৰ ৰং সলনি হৈ পৰিব আৰু এই ধৰা সুখ আৰু শান্তিৰে ভৰি পৰিব।

Causes of premature hair fall and remedies

লগতে আদৰ্শ নাৰী চিনি পাবলৈ চাব লগীয়া ৫ টি লক্ষণ হৈছে :-

১) স্ত্ৰী অতি লোভীয়া নেকি ? ২) স্ত্ৰী এলেহুৱা নেকি ? ৩) স্ত্ৰী অতি অপৰিষ্কাৰ নেকি ? ৪) স্ত্ৰী স্বামীৰ যুক্তিত অবাধ্য নেকি ? ৫) স্ত্ৰীৰ লাজ নাই নেকি ? যদি এই ৫ লক্ষণ ৰ আটাইকেইটাত যদি স্বামী সন্তুষ্ট হয় তেন্তে জানিব তেওঁ এগৰাকী আদৰ্শবান নাৰী।

অভদ্ৰ মানুহ চিনাৰ উপায় জানিবলৈ তলত ক্লিক কৰক

এই ৬ টি লক্ষণ থাকিলে জানিব লোকজন অভদ্ৰ ! – অমৃত বাণী ।

হিট কমেদি ভিডীঅ’ 👇👇কেম্বা কাইৰ হোলীত লাগিল শণি 😂😂

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *