Excellant tips to give birth brilliant baby

  সকলো মা পিতাই আশা কৰে যে তেওঁলোকৰ এটি সুস্থ – সুঠাম আৰু বুদ্ধিমান সন্তান জন্ম হওঁক। কিন্তু এটি শিশু বুদ্ধিমান হোৱা নোহোৱা বেছিখিনি নিৰ্ভৰ কৰে তাৰ “জিন” ( genes ) ৰ ওপৰত। শিশু বিশেষজ্ঞৰ ভাষ্য অনুসৰি এটি শিশু যিটো জিন লৈ জন্ম গ্ৰহণ কৰে সেইটোৱেই শিশুটিৰ চাৰিত্ৰিক আৰু বৌদ্ধিক গুণসমূহ নিৰূপণ কৰে। কিন্তু নতুনকৈ গৱেষণাত প্ৰকাশ যে এটি শিশুৰ “আই কিউ” ( Intelligent quotient) অৰ্থাৎ বুদ্ধিমত্তা নিৰ্ভৰ কৰে ৫০ শতাংশহে তেওঁৰ জিনৰ ওপৰত আৰু বাকীখিনি নিৰ্ভৰ কৰে শিশুৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত।

Antenatal and post natal care in Assamese language

গৱেষক সকলে কিছু নতুন নতুন কথা প্ৰকাশ কৰিছে কি কৰিলে এটি শিশু বুদ্ধিমান হিচাপে জন্ম লাভ কৰিব। সেই কথাসমূহ সম্পূৰ্ণ বিজ্ঞান সন্মত ভাৱে যুগুতাই দিয়া হৈছে ।

মাৰ বাবে পুষ্টিকৰ খাদ্য :- এটি অন্তঃসত্তা মাতৃৰ পেটত থকা শিশুৰ মগজুৰ বিকাশৰ বাবে অতিকৈ প্ৰয়োজন উপাদান হৈছে অমেগা ৩ ফেঁটী এচিড। এই দ্ৰৱ্য বেছিকৈ থাকে মাছ, পালেং শাক, চয়াবিন, ব্রকলি, বাদাম আৰু ৱালনাট , গঁজালি মেলা বুট , মগুমাহ, গাখীৰ , কণী প্ৰায় বোৰ সেউজীয়া শাক পাচলি , গাজৰ, বিত আদিত। এই খাদ্যভাগ অন্তঃসত্তা মাতৃয়ে যথেষ্ট পৰিমাণে খোৱা উপকাৰী।

ইয়াৰ উপৰিও অন্তঃসত্তা শিশুৰ বৌদ্ধিক বিকাশৰ বাবে প্ৰয়োজনীয় এটি উপাদান হৈছে “দি এইচ এ ” ( DHA ) । এই উপাদান বিধো এক ধৰণৰ অমেগা ৩ ফেঁটী এচিড হয় যাক পোৱা যায় বেছিকৈ কণী আৰু চয়াবিনত।

বৰ্তমান বজাৰত উপলব্ধ প্ৰটিন পাউদাৰ আৰু মাতৃ হৰলিকছত এই উপাদান মিহলোৱা থাকে। সেয়ে এই দ্ৰৱ্য চিকিৎসকৰ পৰামৰ্শ অনুসৰি অন্তঃসত্তা কাল আৰু শিশুৰ দুগ্ধপান কালত মাকে খোৱা অত্যন্ত জৰুৰী।

তাৰোপৰি চিকিৎসকৰ পৰামৰ্শ অনুসৰি ভিটামিন D , ফলিক এচিড, আইৰন আৰু কেলচিয়াম সেৱন অত্যন্ত জৰুৰী।

tips to give birth a intelligent baby

লঘু শৰীৰ চৰ্চা :- কমেও সপ্তাহত তিনিদিন আধাঘন্টাকৈ খোজকাঢ়া অন্তঃসত্তা মাতৃৰ বাবে প্ৰয়োজনীয়। যিসকলে গৰ্ভৱতী অৱস্থাৰ আগৰ পৰাই শৰীৰ চৰ্চা কৰে তেওঁলোকে গৰ্ভৱতী অৱস্থাত শৰীৰ চৰ্চা বন্ধ কৰাৰ কোনো প্ৰয়োজন নাই। লাগিলে চিকিৎসকৰ পৰামৰ্শ নিশ্চয় গ্ৰহণ কৰক। গৱেষণাত প্ৰকাশ যে অন্তঃসত্তা মাতৃয়ে শৰীৰ চৰ্চা কৰিলে গৰ্ভস্থ শিশুৰ মগজুৰ নিউৰণৰ সংখ্যা প্ৰায় ৪০ শতাংশ বৃদ্ধি হয় যাৰ ফলত শিশুৰ স্মৃতি শক্তি বৃদ্ধি হয়।

গৰ্ভস্থ শিশুৰ সৈতে বাৰ্তালাপ :- গৱেষণাত প্ৰকাশ যে অন্তঃসত্তা অৱস্থাত মা সদায় আনন্দ , স্ফূৰ্তিত থাকিব লাগে । এই সময়ত ভাল গীত শুনা, ভাল কথা কোৱা, ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে সদাচাৰ কৰা শিশুৰ বাবে লাভজনক। কোৱা হয় জন্মৰ পিছত শিশুৰ সেই আচৰণ সমূহ মনত পৰে। গৰ্ভস্থ হোৱাৰ তিনিমাহ পিছৰ পৰাই শিশুৱে মাকৰ কথা শুনিব আৰম্ভণি কৰে আৰু মনত ৰাখে।

অন্তঃসত্তা হোৱাৰ ২০ সপ্তাহ পিছৰ পৰা শিশুৱে মাকৰ পেটত হাত ৰাখিলে অনুভৱ কৰিব পৰা হয়। সেয়ে মাজে মাজে মাকৰ পেটত মৃদু মালিচ কৰি দিয়া প্ৰয়োজন।

আপোন সন্তান অবাদ্ধ হ’লে কি কৰা উচিত জানিবলৈ তলত ক্লিক কৰক 

সন্তান অবাধ্য হৈছে যদিহে কৰক এই উপায় –

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *