যি মানুহৰ এই দোষ সমূহ থাকে তেওঁ কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে !

  মানুহে নিজৰ বিফলতা ঢাকিবলৈ মাত্ৰ ভাগ্য আৰু  সময়ক দোষ দিয়ে । কিন্তু মনত ৰখা উচিত যে ভাগ্য আৰু ভাল সময়তো যদি কোনোবাই হাত সাৱটি বহি থাকে লক্ষ্য আৰু উদ্দেশ্যত কেতিয়াও উপনীত হ’ব নোৱাৰে। ভগৱন্তই দিব দিব বুলি আশা কৰি হাত সাৱটি বহি থাকিলেও একো পোৱা নাযায়। তাৰোপৰি এনে কিছুমান দোষ আৰু স্বভাৱ থাকে যিসমূহৰ বাবে ভাগ্য আৰু ঈশ্বৰৰ কৃপা থাকিলেও মানুহে সফলতাৰ মুখ কেতিয়াও দেখিবলৈ নাপায় ।

Advertisement

যিসমূহ লোকে প্ৰতি সময়তে আনক ঘৃণা কৰা আৰু ঘৃণা বিয়পোৱাত ব্যস্ত থাকে তেওঁৰ জীৱনত কেতিয়াও উন্নতি নহয়। অবশেষত তেও নিজেই আনৰ ঘৃনাৰ পাত্ৰ হৈ পৰে।

যি লোক সদায় অসন্তুষ্ট হৈ থাকে আৰু সকলো কথাতে খং কৰে তেনে লোকৰ জীৱন অতি যন্ত্ৰণাদায়ক আৰু এনে লোকে জীৱনত কেতিয়াও সুখৰ মুখ নেদেখে ।

যি লোক সদায় ভয় খাই থাকে আৰু সকলোতে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে তেনে লোক কেতিয়াও সুখী হ’ব নোৱাৰে। যেনেকৈ উদিত সূৰ্য্য তাম্ৰ বৰণৰ হয় ঠিক তেনেদৰে অস্ত যোৱাৰ সময়তো তাম্ৰ বৰণৰে হৈ পৰে তেনেদৰে মহৎ লোক সকলেও কোনো ৰং পৰিৱৰ্তন নকৰে। তেওঁ বিপদৰ দিনটো একে থাকে আৰু ভাল দিনটো একে আচৰণ কৰে। কাৰণ এজন মহান ব্যক্তিয়ে জানে তেওঁ কি সময়ত কেনে আচৰণ কৰা দৰকাৰী।

Ways to overcome bad days

অৰ্থ উপাৰ্জনৰ বাবে বহুতে বিদেশলৈ যায় কিন্তু যোৱাৰ আগতে জানি লোৱা উচিত যে সেই দেশ আচলতে কেনেকুৱা, নহলে সেই দেশলৈ গৈ যাতে কোনো কষ্ট ভোগ কৰিব নালাগে।

বিয়াৰ আগত নিজৰ পত্নী কেনে হ’ব তাক বিচাৰ কৰি বিয়া নকৰিলে জীৱনত বহু দুখ ভোগ কৰিব লাগে।

যি শিষ্যৰ পঢ়া শুনাত মন নাই তেনে শিষ্যক পঢ়োৱা গুৰুৰ জীৱন দুখৰ হয় , সেয়ে তেনে শিষ্যক বুদ্ধিৰে ত্যাগ কৰা উচিত কাৰণ তেনে শিষ্যক পঢ়া শুনা শিকাই কোনো গুৰুৱে কেতিয়াও যশস্যা লাভ কৰিব নোৱাৰে।

নিজৰ কাম হোৱাৰ পিছত যদি সেই ঠাইত বিপদৰ আশংকা দেখে সেই স্থান অতি শীঘ্ৰে ত্যাগ কৰা উচিত, নহলে পিছৰ মুহূৰ্ততে আপুনি বিপদত পৰা নিশ্চিত।

Never do these ill practices otherwise premature hair fall will begin !

যি লোকে ত্যাগ কৰিব নোৱাৰে তেওঁৰ জীৱন অনৰ্থক। মহান ব্যক্তি সকলে যিকোনো বস্তু যিকোনো সময়তে ত্যাগ কৰাৰ সামৰ্থ্য ৰাখে কাৰণ তেওঁলোকৰ কোনো বস্তুতে লোভ নাথাকে।

নিজৰ গৃহত শত্ৰু আহিলেও তেওঁ লোকক অতিথ্য আৰু সন্মান দিয়া উচিত যেনেকৈ এডাল গছে সকলো লোককে ছায়া প্ৰদান কৰে আনকি কাটিবলৈ অহা লোকজনকো।

সম বয়সৰ লৰা – ছোৱালীৰ বিবাহ কৰিলে দাম্পত্য জীৱনত কি অসুবিধা হয় জানিবলৈ তলত ক্লিক কৰি পঢ়ক 

সম বয়সৰ লৰা, ছোৱালীৰ বিবাহে দাম্পত্য জীৱনত সৃষ্টি কৰে অশান্তি !

চুপাৰহিট অসমীয়া ভিডিঅ’ চাওঁক – সৰু লোকৰ ডাঙৰ মন 👇👇

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *