Walking style identify characters of a girl

খোজ কাঢ়াৰ ষ্টাইলত চিনি লওঁক ছোৱালীৰ চৰিত্ৰ কোন কেনে !

 জানেনে প্ৰত্যেক ছোৱালীৰ খোজ কাঢ়াৰ ষ্টাইল বেলেগ বেলেগ, কোনোৱে খৰকৈ খোজকাঢ়িবলৈ পছন্দ কৰে , কোনোৱে লাহে লাহে খোজকাঢ়িব পছন্দ কৰে, কোনোৱে কাণত হেডফোন লগাই খোজকাঢ়িবলৈ ভাল পায় আৰু কোনোৱে মূৰ জোকাৰি জোকাৰি খোজকাঢ়িবলৈ পছন্দ কৰে, কিছুমানে তলমূৰ কৰি খোজ কাঢ়ে আৰু কিছুমানে কঁকাল ঘূৰাই ঘূৰাই খোজকাঢ়ি ভাল পায়। গৱেষণা অনুযায়ী ছোৱালীৰ এই খোজকাঢ়াৰ ধৰণতে গম পোৱা যায় তেওঁৰ ব্যক্তিত্ব , অনুমান কৰিব পাৰি তেওঁলোকৰ মানসিক স্থিতিৰ কথা ।

Walking style identify characters of a girl

গৱেষণা অনুযায়ী যিসকল ছোৱালী দ্ৰুতগতিত খোজকাঢ়ে ( Fast walker ) তেওঁলোকে মানুহৰ কথাক কোনো ভ্ৰূক্ষেপ নকৰে, তেওঁলোক সদায় নিজৰ কামত ব্যস্ত থাকে , তেওঁলোকে খুব কম কথা কয়। এনে ছোৱালী অধিক পৰিশ্ৰমী স্বভাৱৰ হয় যদিও অতিৰিক্ত কোনো কাম কৰিবলৈ পছন্দ নকৰে। এনে ছোৱালীয়ে নিজৰ পৰিয়ালক খুব ভাল পায় আৰু যাৰ সৈতে থাকে তেওঁক বিশ্বাসঘাটকতা নকৰে। এনে ছোৱালীক ইমপ্ৰেছ কৰা ভীষণ কঠিন আৰু তেওঁলোক সহজতে প্ৰেমত নপৰে।

যিসকল ছোৱালীয়ে লাহে লাহে খোজকাঢ়ে (Slow walker) তেওঁলোকে কাৰোবাৰ সৈতে কথা কৈ কৈ খোজকাঢ়ি ভাল পায়, তেওঁলোকে আনক সোনকালে বিশ্বাসত নলয়, তেওঁলোকে চিন্তা বেছি কৰে । এনে ছোৱালী স্বাৰ্থপৰ নহয় আৰু আনক সহায় কৰি খুব আনন্দ পায়। এওঁলোকে ধীৰ গতিত খোজকাঢ়াৰ লগতে কাম – কাজসমূহো ধীৰ গতিত কৰে । সেয়ে এওঁলোকে যি কাম কৰে আত্মবিশ্বাসৰ জৰিয়তে খুব নিয়াৰিকৈ কৰে।

এনে কিছুমান ছোৱালী দেখিব যিয়ে মনে মনে খোজকাঢ়ি ভাল নাপায় , খোজকাঢ়ি গৈ থাকোঁতে তেওঁলোকে পৰিচিত সকলোকে হাঁহি মুখে মাতবোল কৰি গৈ থাকে (Acting while walking) । এনে ছোৱালী চঞ্চল স্বভাৱৰ হয় যদিওবা সমাজত নিজৰ পৰিচয় আৰু প্ৰভাৱ কেনেদৰে বজাই ৰাখিব লাগে , কাক কিমান গুৰুত্ব দিব লাগে সেইটো ভালদৰে জানে।

কিছু ছোৱালী দেখিব যিয়ে খোজকাঢ়ি গৈ থাকিলে কথা নকয় আৰু কাকো মাতবোল নকৰে । প্ৰয়োজনীয় কাম নাথাকিলে এওঁলোক বাহিৰলৈ নাযায়, এবাৰ বাহিৰ ওলালে সমস্ত কাম শেষ কৰিহে ঘৰ সোমাই ( Multitasker) । এনে ছোৱালী বহুত জেদি স্বভাৱৰ হয়। এনে ছোৱালী নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে সকলো কৰিবলৈ কুণ্ঠাবোধ নকৰে।

যিসকল ছোৱালী লাহে লাহে খুব আৰামত খোজকাঢ়ে তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী জীৱন যাপন কৰিবলৈ পছন্দ কৰে। এওঁলোক সামাজিক অভিজ্ঞতাৰে পৰিপুষ্ট হয় আৰু কাৰো সতে বিবাদত লিপ্ত হবলৈ পছন্দ নকৰে। এওঁলোকে নিজৰ দুখ আৰু গোপন খিনি কাকো শ্বেয়াৰ নকৰে। আনক এওঁলোকে খুব ভাল পৰামৰ্শ দিব পাৰে। এওঁলোক শান্ত স্বভাৱৰ (Relaxed soul) হোৱা বাবে এওঁলোকৰ বন্ধুৰ সংখ্যা অনেক আৰু সকলোৱে এওঁলোকক ভাল পাই।

কিছু ছোৱালী খোজকাঢ়ি গৈ থাকোঁতে কিছু চিন্তা কৰি গৈ থাকে তেওঁলোক নিজৰ ভৱিষ্যত জীৱনক লৈ চিন্তিত থাকে ( Thinker)। এওঁলোকে গান শুনি ভাল পায়। কাম কাজ সুচাৰুভাৱে কৰিবলৈ পছন্দ কৰে, এওঁলোকে সপোন ডাঙৰ ডাঙৰ দেখে, বহুসময়ত এওঁলোকে খোজকাঢ়ি গৈ থাকোঁতেই সপোনত হেৰাই যায়। প্ৰেম ভালপোৱাত এওঁলোক বহু বিশ্বাসী হয় কিন্তু এওঁলোকক ইমপ্ৰেছ কৰিবলৈ খুব কঠিন। এওঁলোকে প্ৰত্যেক পদক্ষেপ নিজে ভাবি চিন্তি গ্ৰহণ কৰে । নিজৰ জীৱনত কাৰোবাক স্থান দিয়াৰ আগতে এওঁলোকে দহবাৰ চিন্তা কৰে।

Walking style identify characters of a girl

যিসকল ছোৱালী খোজকাঢ়ি গৈ থাকোঁতে মাটিত জোৰকৈ শব্দ হয় ( Stompers) তেওঁলোক খুব খঙাল আৰু ৰাগী হয়। এওঁলোকৰ স্বভাৱ শিশুৰ দৰে থাকে , এওঁলোকে সৰু কথাতে খং কৰে। কোনোৱে এওঁক অপমান আৰু ঠাট্টা কৰিলে হজম কৰিব নোৱাৰে।

যিসকল ছোৱালীয়ে হাতদুখন আগফালে বান্ধি ( Arm crossed) খোজকাঢ়ি ভাল পাই তেওঁলোক বহুত ভাবুক বিধৰ হয়, নতুন কোনো ঠাইলৈ যাবলৈ অনেকবাৰ চিন্তা কৰে, এওঁলোকে কাকো বিশ্বাস আৰু ভৰসা নকৰে ।

যিসকল ছোৱালীয়ে মূৰ ওখ কৰি নিৰ্ভয়ে খোজকাঢ়ি ভাল পাই তেওঁলোক স্বাধীন চিন্তাধাৰাৰ হয়, তেওঁলোকে খোজকঢ়াৰ সময়ত আনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে, এওঁলোকে মূৰ ওখ কৰাৰ লগতে কঁকাল হিলাই খোজকাঢ়ে । এনে ছোৱালীক সহজতে বিশ্বাস কৰিলে বিপদ যদিও তেওঁলোকৰ অন্তৰ বহুত কোমল হয়। এনে ছোৱালীয়ে কিন্তু জীৱন জিকিবলৈ সক্ষম ( won the world) হয় ।

ফুলশয্যা নিশা পতিয়ে স্ত্ৰীৰ পৰা কি বিচাৰে জানিবলৈ তলত ক্লিক কৰক

ফুলশয্যা নিশা প্ৰত্যেক স্বামীয়ে স্ত্ৰীৰ পৰা আশা কৰে এইকেইটা বস্তু !!

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *