Golden night of marriage

ফুলশয্যা নিশা প্ৰত্যেক স্বামীয়ে স্ত্ৰীৰ পৰা আশা কৰে এইকেইটা বস্তু !!

    বিয়াৰ প্ৰথম নিশা, ফুলশয্যা নিশা হৈছে মানুহৰ জীৱনৰ এক বিশেষ নিশা ; যি নিশা স্ত্ৰীয়ে নিজৰ জীৱন, যৌৱন আৰু ভৱিষ্যত আত্মসমৰ্পণ কৰে স্বামীৰ হাতত ; নিজৰ সকলো দায়িত্ব অৰ্পণ কৰে স্বামীৰ হাতত। স্ত্ৰী যিমানে স্বাধীন চেতিয়া নহওঁক কিয় স্বামীয়ে বিচাৰে যে তেওঁৰ পত্নীয়ে তেওঁক বিশ্বাস কৰক, ভৰসা কৰক । ফুলশয্যা নিশা লগতে আন কিছু কামৰ দ্বাৰা স্বামী সন্তুষ্ট হয় , সুখী হয় নিজৰ স্ত্ৰীৰ ওপৰত। সেই কথা সমূহ হৈছে :-

golden night of marriage

১) এই নিশা স্ত্ৰীক এজনী অপ্সৰাৰ অৰ্থাৎ অপেশ্বৰীৰ দৰে দেখিব খোজে। জীৱন কালত বহু মানুহে এবাৰ বিয়া কৰে , বাৰ বাৰ নহয় , আৰু এই বিশেষ দিন সকলোৰে বাবে বাৰে বাৰে ঘূৰি নাহে। সেয়ে হয়তো এই নিশা পুৰুষে নিজৰ স্ত্ৰীক নিজৰ সপোনৰ প্ৰেয়সী অর্থাৎ অপেশ্বৰিৰ দৃষ্টিৰে চাব খোজে আৰু পৃথিৱীৰ আটাইতকৈ সুন্দৰী ৰমণী ৰূপে জ্ঞান কৰে।

২) এই নিশা পুৰুষে নিজৰ স্ত্ৰীক কিছু লাজুকী , কিছু মাৰ্জিত হোৱা আশা কৰে। লাজ হৈছে নাৰীৰ অলংকাৰ। আৰু লাজ ফুলশয্যা ৰাতিৰ বাবে আটাইতকৈ ডাঙৰ সত্য কথা। বিয়া হয়তো প্ৰেম বিবাহ বা পাৰিবাৰিক যিয়ে নহওঁক এই ফুলশয্যা নিশা স্বামীয়ে পত্নী কিছু লাজুকী হোৱা কামনা কৰে।

Ask these few question to him to whom you are going to marry

৩) এই নিশা পুৰুষে স্ত্ৰীৰ পৰা সমৃদ্ধিশালী জীৱনৰ আশ্বাস বিচাৰে । এই নিশাৰ পৰাই দুটি মন দুটি প্ৰাণ আৰু দুটি আত্মা এক হৈ পৰাৰ সংকল্প গ্ৰহণ কৰা অতি দৰকাৰী । অতীতৰ সকলো খিনি বিসৰ্জন কৰি নতুন জীৱনৰ সংকল্পবদ্ধ পৰিকল্পনাৰ বিষয়ে স্ত্ৰীৰ মুখত পুৰুষে শুনিবলৈ পালে সেই পুৰুষ অত্যন্ত সুখী হয়।

৪) নিজৰ প্ৰশংসা স্ত্ৰীৰ মুখত শুনিব বিচাৰে। পুৰুষে নিজৰ প্ৰশংসা স্ত্ৰীৰ মুখত শুনি আনন্দিত হয় আৰু ফুলশয্যা নিশা বাৰুকৈয়ে এই আশা পুৰুষে কৰে।

first golden night of marriage

৫) স্ত্ৰীৰ জীৱনৰ তেওঁ প্ৰথম পুৰুষজন হোৱা কামনা কৰে। অধিকাংশ পুৰুষে আশা কৰে যে তেওঁৰ স্ত্ৰীৰ সতীত্বৰ কোনো সন্দেহ নাথাকক। অৰ্থাৎ তেঁও তেওঁৰ স্ত্ৰীৰ জীৱনৰ প্ৰথম পুৰুষজন হবলৈ আশা কৰে ।

আপোনালোকৰ বহুমূল্য মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।

বিয়াৰ আগতে লৰা ছোৱালী উভয়ে কি কথা জানিব লাগে জানিবলৈ তলত ক্লিক কৰক

বিয়াৰ আগত লৰা ছোৱালী উভয়ে কি কি কথা জনা উচিত ?

 

Share it with:

4 Comments

  1. বিয়া যিহেতু পৰিয়ালৰ বংশ বা ঘৰখন ধৰি ৰাখিবলৈ বাবে সময়ত সিদ্ধান্ত ডাঙৰ সকলে কৰে। তাতে কিছু জানিব লগা কথা থাকে, আৰু ভুল কৰে। আমাৰ হিন্দু ধর্ম মতে পুৰুষ ৰ পাছ আৰু মহিলা ৰ তিনি পীৰিয়া পাৰ হৈ যোৱাৰ পাছত তেজৰ লগত সম্পক থকা বা বংশ গত বিয়া পতাটো নিষিদ্ধ আন ধমক লোকে পাতে বা যিসকল হিন্দু ৰ মাজত এনে দৰে বিয়া বাৰু হয় তেওঁ লোকৰ সন্তান বোৰ শাৰীৰিক মানসিক ভাবে কমজোৰ হয়। জেনেটিক ৰ অভাব, বংশ গত অসমতা দেখা দিয়ে, সমাজ ত ভাল মানুহৰ অভাব হয়।

  2. কেবল পুৰুষেই এই সকলো খিনি বিচাৰাৰ আধিকাৰ আছে নেকি?
    আমি কি মাইকী মানুহৰ মন বোলা বস্তু একো এই নাই নেকি

  3. What about women? What about her feelings and thinking ? Women are also need same thing. They also need husband give her respect, priority in his life .. Don’t think side of gender…think as a human beings feelings

Leave a Reply

Your email address will not be published. Required fields are marked *