CHILD MANAGEMENT TIPS BY PARENTS

আপোন সন্তানৰ সৈতে এই আচৰণ সমূহ কৰে নেকি আপুনি ?সাৱধান !-

 আমি আমাৰ সন্তানৰ ভালৰ বাবেই তেওঁলোকক কিছু গালি গালাজ কৰোঁ লগতে দুই এচাট দিও। হয়তো ভাবি লোৱা হয় যে অকণমান এনে আচৰণ কৰিলে সন্তানৰ ক্ষতি নহৈ লাভ হ’ব। বাস্তৱত কিন্তু ইয়াৰ পৰা কোনো উপকাৰ নহয় ; বৰং তেওঁৰ মন আৰু ব্যক্তিত্বত কিছু নেতিবাচক প্ৰভাৱ পৰিব, লগতে সন্তান আৰু পিতৃ মাতৃৰ সু সম্পৰ্কত ফাট মেলিব।

how to manage child by parent
পিতৃ মাতৃ আৰু অভিভাৱক সমূহে কিছু এনে কথা সন্তানক কৈ পেলায় যিবোৰ ভুলতেও মুখৰ পৰা ওলাব নালাগে। সেই কথা সমূহ হৈছে :-

১) পিতৃ মাতৃয়ে সন্তানক এনেকৈ কৈ পেলাই , ” আমাক বা মোক অকলশৰে থাকিবলৈ দিয়া” । প্ৰত্যেক মানুহৰ এনে সময় আহে যেতিয়া তেওঁ অকলশৰে কিছু সময় কটাবলৈ পছন্দ কৰে। কিন্ত সেইবুলি নিজৰ সন্তানক এনে আহ্বান কৰা অনুচিত। কিয়নো এনে কথাই সন্তানক নিৰাপত্তাহীনতা বোধ কৰাই। আৰু সন্তানে ভাবিব আৰম্ভ কৰে যে পিতৃ মাতৃয়ে তেওঁক ভাল নাপায়।

২) কেতিয়াবা কৈ পেলাই যে , ” তুমি তোমাৰ বাৰ নিচিনা নহ’লা বা দাদাৰ নিচিনা নহ’লা ” ! নিজৰ সন্তানক তেওঁৰ ভাই – ভনী, ওচৰ চুবুৰীয়াৰ সন্তানৰ সৈতে তুলনা কৰা খুবেই অনুচিত। কাৰণ প্ৰতিজন মানুহ, প্রতিটো সন্তান স্বতন্ত্ৰ। পিতৃ মাতৃৰ এনে আচৰণৰ ফলত সন্তানৰ ব্যক্তিত্বত কুপ্ৰভাৱ পৰে , তেওঁলোকক হীনমন্যতাত ভোগাই লগতে সন্তানৰ ভীষণ মানসিক অশান্তিৰ সৃষ্টি হয়।

how to handle stupid child by parents

৩) “কোনো এটা কাম ভালদৰে কৰিব নোৱাৰা” । এটি সৰু লৰা বা ছোৱালীৰ জ্ঞানৰ পৰিসৰ সীমিত থাকে যদিও তেওঁলোকে নিখুঁত ভাবে সকলো কাম কৰাৰ চেষ্টা কৰে।  সকলো সময়তে তেওঁলোকে সঠিককৈ কৰিব নোৱাৰিব পাৰে কিন্তু এইটো ভবা অনুচিত যে সেই সন্তানৰ দ্বাৰা একো কাম নহ’ব।

 

৪) “ৰৈ যোৱা , নহ’লে আজি পিটি আছোঁ “। এই কথা বহু সন্তানে নিজৰ মা পিতাৰ পৰা সদায়েই শুনি থাকে। এই কথাই কিন্তু সন্তানৰ মনত বিদ্ৰোহী মনোভাৱ তৈয়াৰ কৰে , সন্তান জেদী আৰু অবাধ্য হৈ পৰে।

 

৫) “তোমাৰ দৰে সন্তান জন্ম নহ’লে ভাল আছিল”। খং কৰি হওঁক বা আন কাৰণতে সন্তানক এনে কথা কেতিয়াও কব নালাগে। এই এটি কথাই পিতৃ মাতৃৰ প্ৰতি সন্তানৰ ঘৃণাৰ ভাৱ সৃষ্টি কৰিব।

Good management of child by parents

৬) “তুমি বৰ ক্ষীণ বা বহু শকত “। এই কথাই সন্তানৰ নিজৰ মনতে ঘৃণাৰ সৃষ্টি কৰিব। সন্তানৰ স্বাস্থ্য সম্বন্ধীয় কোনো কথাই সন্তানৰ সৈতে আলোচনা কৰাৰ পৰা বিৰত থকা ভাল।

 

৭) “সোনকাল কৰা ” । সন্তানে কেতিয়াবা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাত দেৰি কৰে, ভাত খাওঁতে দেৰি কৰে , স্কুল যাওঁতে দেৰি কৰে, সেইবুলি তেওঁক নিৰ্দেশ দিয়াৰ ভঙ্গীৰে সোনকাল কৰিবলৈ নকৈ বা শাস্তি নিদি কিছু নৰম ভঙ্গীৰে কব লাগে। এই ক্ষেত্ৰত “চাইল্ড মাইণ্ড” নামৰ বিখ্যাত গ্রন্থৰ লেখিকা লিণ্ডা আকৃডলাই কৈছে, “এইসমূহ কথাত সন্তানক খং কৰিলে বা শাস্তি প্ৰদান কৰিলে তেওঁলোকে ভীষণ মানসিক চাপ অনুভৱ কৰে”। সেয়ে সন্তানক এনেবোৰ কথাত সন্তানক মৰমেৰে কলে তেওঁলোক সংযত হ’বলৈ শিকে। সকলো কথাই এজন অভিভাৱকে নিজৰ সন্তানক ধীৰে সুস্থিৰে , মৰম সুৰেৰে বুজাই দিয়া উচিত ; দাবী ধমকিৰে নহয়। প্ৰত্যেক মা পিতাই তেওঁলোকৰ সন্তানৰ ভাল চিন্তা কৰে আৰু কেতিয়াও ক্ষতি নিবিচাৰে যত কোনো সন্দেহ নাথাকে। কিন্ত বহু সময়ত সন্তানক এনে কিছুমান কথা নভবা নিচিন্তাকৈ কৈ দিয়া হয় যি কথাই তেওঁলোকৰ মানসিক বিকাশত বাধাৰ সৃষ্টি কৰে , শিশুৰ সৃষ্টিশীল মনত নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰে। সেয়ে কিছু সাৱধানতা অৱলম্বন কৰি সন্তানৰ সৈতে মোকাবিলা কৰা অত্যন্ত জৰুৰী।

অবাধ্য সন্তান বাধ্য কৰিবৰ বাবে জানিবলৈ তলত ক্লিক কৰক

সন্তান অবাধ্য হৈছে যদিহে কৰক এই উপায় –

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *