Indian Beliefs About Ashin Months

আহিন মাহত এইকেইটা বস্তু দেখা শুভ !! বিপদ দূৰ হয়

আহিন মাহৰ কিছুমান শুভ সংকেতৰ কথা জানেনে ? আৰু যদি এই সংকেত পাইছে তেন্তে বুজিব যে আপোনাৰ ভাল দিন আহি থকা নিশ্চিত!!

Indian beliefs to see few things this month

আহিন মাহ অৰ্থাৎ দূৰ্গা পূজা মাহ এই আহিন মাহত যদি কিছুমান সংকেত পায় তেন্তে বুজিব পাৰে যে আপোনাৰ আগন্তুক দিনবোৰ ভাল হবলৈ গৈ আছে।

হিন্দু শাস্ত্ৰত এনে কিছু কথা উল্লেখ আছে যিবোৰ অত্যন্ত শুভ বুলি মান্যতা দিয়া হয়। আহিন মাহত যদি এনে সংকেত পাই তেন্তে আপুনি অখণ্ড সৌভাগ্যৰ অধিকাৰি হ’ব । আৰ্থিক উন্নতিৰ লগতে পাৰিবাৰিক ফালৰ পৰা আহিব লগা দিন আপোনাৰ বাবে অত্যন্ত মঙ্গলময় হ’ব । গতিকে জানক এই আহিন মাহত কি সংকেত পালে ভাগ্য উদয় হ’ব :-

(১) এই আহিন মাহত যদি আপোনাৰ ঘৰত কলা পৰুৱা অত্যধিক বৃদ্ধি পায় বা এই পৰুৱাই ঘুৰণীয়া হৈ কিবা বস্তু খাই থকা আপুনি দেখা পায়,

 

Indian beliefs of seeing ant eating foodsতেন্তে আপুনি বুজিব যে আপোনাৰ খুব সোনকালে আৰ্থিক উন্নতি হ’ব অৰ্থাৎ ধনপ্ৰাপ্তিৰ যোগ আপোনাৰ আহিব।

(২) শাস্ত্ৰৰ অনুসৰি যাৰ ঘৰত জেঠী থাকে সেই ঘৰত সুখ শান্তি থাকে। সেয়ে এই জেঠী কেতিয়াও মাৰিব নালাগে।

 

Indian beliefs of seeing house geckos on this month লগতে এই আহিন মাহত যদি তুলসী গছৰ তলত যদি জেঠী দেখা পায় তেন্তে বুজিব যে তুলসী মাৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত পৰিছে; আৰু এনে পৰিঘটনাৰ ফলত আপোনাৰ কৰ্ম ক্ষেত্ৰত উন্নতি হ’ব। কৰ্মক্ষেত্রত যিবোৰ বাধা বিঘিনি আহিছিল সেই সকলোবোৰ দূৰ হৈ যাব ।

(৩) এই আহিন মাহত যদি আপুনি বগা ফেঁচা অৰ্থাৎ লক্ষ্মী ফেঁচা দেখা পাইছে তেন্তে আপুনি জানিব যে আপোনাৰ ওপৰত মা- লক্ষ্মীৰ কৃপা দৃষ্টি উদয় হৈছে ।

 

Indian beliefs of seeing white owl on this monthলগতে যদি এই ফেঁচা আপোনাৰ ঘৰত প্ৰৱেশ কৰা দেখা পাইছে তেন্তে অধিক মঙ্গল আশা কৰিব পাৰে। কিয়নো এই মাহতে বগা ফেঁচাৰ বেশত মা – লক্ষ্মী প্ৰৱেশ ঘটে কাৰণ বগা ফেঁচা হৈছে মা-লক্ষ্মীৰ বাহন ।

If one sees white owl this month he will be worthy and rich this monthসেয়ে বগা ফেঁচা যদি ঘৰত সোমাৱা দেখে অত্যন্ত মঙ্গল হ’ব।

(৪) আহিন মাহত যদি আপোনাৰ ঘৰলৈ অনেক চৰাই অহা দেখা পায় তেন্তে বুজিব যে মা-লক্ষ্মীৰ আপোনাৰ ওপৰত কৃপা- দৃষ্টি উপজিছে।

 

 Indian beliefs of seeing house sparrow this monthফলত ঘৰখনত সদায় সুখ-শান্তি বিৰাজ কৰিব লগতে দূৰ্গা মাৰ বিশেষ আশীৰ্বাদ লাভ কৰিব ।।

Share it with:

1 Comment

  1. ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিছো যিমানখিনি পাৰি পালন কৰিম।

Leave a Reply

Your email address will not be published. Required fields are marked *