নিজেই প্ৰস্তুত কৰি ঘঁহক night ক্ৰীম উজ্বল হ’ব মুখমণ্ডল!!

নিজেই প্ৰস্তুত কৰি মুখমণ্ডলত ঘঁহক এই night cream আইনাৰ দৰে জিলিকিব মুখ !!

Home made night cream

  মুখমণ্ডল ধুনীয়াকৈ ৰাখিবলৈ সকলোৰে মন যায় যাৰ বাবে পকেটৰ টকা খৰচ কৰি হলেও বিভিন্ন ধৰণৰ ক্ৰীম, মেক আপ কিনি আনি ঘঁহিবলৈকেও কুণ্ঠাবোধ নহয়। দিনৰ ক্ৰীম বেলেগ, পাৰ্টীলৈ যোৱা মেকআপ বেলেগ আৰু নাইট ক্ৰীম বেলেগ। আৰু এই ক্ৰীম সমূহে বহুজনৰ ছালখনত বহু কুপ্রভাব পেলোৱা ও পৰিলক্ষিত হয়। বিশেষকৈ নাইট ক্ৰীম ব্যৱহাৰ কৰিবলৈ গৈ বহুজনেই ব্যৱহাৰ কৰে কিছুমান সহজতে উপলব্ধ খৰ খজুৱতিৰ মলম যেনে:- Betnavate -N, Betnavate -C, Clobatamin -G , Cosvate – G, Cosvate GM ইত্যাদি। যি ছালৰ বাবে আটাইতকৈ হানিকাৰক। এই মলম সমূহ ৰাতি মুখত ঘঁহি ললে মুখখন ৰাতিপুৱালৈ কিছু পৰিষ্কাৰ দেখা যায় কিন্তু এই বোৰ ঘঁহি থাকিলে ছালখনৰ কোষসমূহৰ কিছু পৰিবৰ্তন হয় আৰু ছাল খন এই মলমৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। আৰু নঘহিলে ছালখনত খজুৱতি উঠা, খুব বেছি শুকান হৈ পৰা, ৰদত গলে গাল ৰঙা পৰি উঠা ইত্যাদি ইত্যাদি। আৰু এই অভ্যাস দীৰ্ঘদিন থাকিলে গালখনৰ কিছু অংশত কলা কলা দাগ পৰি যোৱা, মুখমণ্ডলত দাড়িৰ দৰে নোম গজা আদি নিশ্চিত। সেয়ে এইবোৰ মলম কেতিয়াবাও মুখত লগাব নালাগে।

  সেয়ে এইবোৰ ব্যৱহাৰ নকৰি অতি সহজে ঘৰতে নিজে বনায় ল’ব পাৰে এটি অতি মূল্যবান নাইট ক্ৰীম। যিটো ঘঁহিলে আপোনাৰ মুখমণ্ডল এখন কাছৰ দৰে জিলিকিব। লগতে মুখমণ্ডলত পৰা কলা দাগ, বয়সৰ চাপ, wrinkes, fine lines আদি নাইকিয়া হৈ পৰিব।

  ইয়াৰ বাবে এটা বাটিত এক চামুচ গোলাপ জল লওঁক লগত দিয়ক প্ৰায় আধা ১০ – ১২ টোপাল গ্লিচাৰিন তাৰ পিছত ভালদৰে মিহলাই দিয়ক।

Prepare a night cream with rose water, ভিটামিন A capsule, aleo vera gel and glycerinPreparation of facial night cream at home এই মিশ্ৰণটোৰ সৈতে ভিটামিন A কেপচুল এটি খুলি ভিতৰৰ দ্ৰব্য খিনি দি ভালদৰে মিহলাই লব। ভিটামিন A কেপচুল কচমেটিক দোকান আৰু ফাৰ্মাচীত সহজতে কিনিব পোৱা যায়।

 

Prepare night cream using glycerine, rose water, vitamin A capsule and aleo vera gelPreapare night cream with rose waterশেষত চাৰিভাগৰ এক চামুচ মান এলেও ভেৰা জেল মিহলাই দিলে আপোনাৰ নাইট ক্ৰীম প্ৰস্তুত হৈ যাব।

  এতিয়া মুখখন ভালদৰে ধুই লৈ মিশ্ৰণটো ভালদৰে এফালৰ পৰা ঘঁহি ৰাখক ৰাতিপুৱালৈ। এনেদৰে ১০ দিন কৰিলেই নিশ্চিত ভাবে মুখৰ দাগ, wrinkle, fine lines, ব্রন , ছালৰ শুকান শুকান ভাব আদি দূৰ হব লগতে ছালখন দিনৰ ভাগটো সজীৱ হৈ ৰব। আৰু অবশিষ্ট ক্ৰীমখিনি পিছদিনাৰ বাবে বাতিটোত এখন ঢাকনি দি ৰাখি থব পাৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *