জ্বৰ হ’লে কেইটামান কাম নকৰিব !! নহলে সোনকালে জ্বৰ নকমে।

six thinks you never do while uffering for fever

জ্বৰ উঠাৰ পিছত আমি হ’কে বিহ’কে নিজেই কিছুমান কাম কৰোঁ যাৰ ফলত জ্বৰ সোনকালে নকমে তাৰে কেইটিমান দৰকাৰী কথা জনাব বিচাৰিছোঁ।

Never wear heavy clothes during high fever

  তাৰ আগতে জানিব লাগিব শৰীৰত জ্বৰ কিয় হয় ? জ্বৰ নিজেই আচলতে কোনো বেমাৰ নহয় ; ই  হৈছে শৰীৰত হৈ থকা অন্য কোনো ৰোগৰ লক্ষণহে। শৰীৰত সংঘটিত কিছুমান বীজাণু সংক্ৰমণ আৰু অইন আঘাত  অনুকূল কাৰণৰ বহিঃ প্ৰকাশ  হৈছে জ্বৰ। এই বীজাণু সংক্ৰমণ বেক্টেৰিয়া, প্ৰটযোৱা, ভাইৰাছ আদি হ’ব পাৰে আনকি মেলেৰিয়া, ডেংগু, জাপানীচ এঁনফেলাইটিছ মহে কামোৰিলেও হ’ব জ্বৰ বা শৰীৰৰ উত্তাপ বৃদ্ধি।  সকলোৱে জানে যে শৰীৰত এটি ৰোগ প্ৰতিৰোধ তন্ত্ৰ থকা হেতুকে যেতিয়া শৰীৰত অইন কিবা পৰজীৱী সোমাই পৰে তেতিয়া শৰীৰে সেই পৰজীৱিক প্ৰতিহত কৰি বাহিৰলৈ উলিয়াই দিবলৈ শৰীৰৰ বাতাবৰণ অৰ্থাৎ উষ্ণতা বৃদ্ধি কৰে আৰু তাকেই আমি জ্বৰ বুলি অনুভৱ কৰোঁ। আৰু এই জ্বৰৰ লগতে গাৰ বিষ, অতিকৈ ঠাণ্ডা লগা , কঁপনি উঠা আদি বহু লক্ষণ দেখা যায়।

  এই লক্ষণ সমূহ কমাবলৈ আমি কিছু নকৰিব লগা কাম কৰোঁ যাৰ ফলত জ্বৰ নকমে বৰং বেছিহে হয় লগতে আৰু কিছু অইন সমস্যাৰ সৃষ্টি হয়। সেই  কাম সমূহ হৈছে :-

(১) যেতিয়া আমাৰ জ্বৰ উঠি থাকে বা শৰীৰৰ তাপমান বাঢ়ি গৈ থাকে তেনে ক্ষেত্ৰত অতি বেছি কাপোৰ পিন্ধিব বা মেৰিয়াই লব নালাগে। বহুত লোকে ভাবে যে গৰম কাপোৰ বা কম্বল আদি ল’লে গাটো আৰু বেছি গৰম হ’ব যাৰ ফলত দেহটো ঘামি পেলায় জ্বৰ ওলাই যাব।

 

Never wear heavy clothes during high fever

কিন্তু এয়া ভূল ধাৰণাহে  । জ্বৰ কমাবলৈ হ’লে আমি শৰীৰৰ উষ্ণতা তললৈ আনিবলৈ চেষ্টা কৰিব লাগে কিন্তু অত্যন্ত ‌গৰম কাপোৰ পিন্ধিলে শৰীৰৰ তাপমান নকমিব বৰং বাঢ়ি যাব আৰু তাৰ ফলত মগজুৰ উষ্ণতা বৃদ্ধি হৈ ভ্ৰম দেখা আৰু বেহুচ হোৱা পৰিঘটনা হ’ব পাৰে। সেইবাবে জ্বৰৰ গাত যিমান পাৰে কম কাপোৰ পিন্ধিব লাগে যেতিয়ালৈ কপনি নুঠে বা অতি বেছি ঠাণ্ডা লাগি যোৱা নাই।

 (২) জ্বৰৰ দৰব হিচাপতহে খাব লাগে বেছিকৈ নহয়। অৰ্থাৎ আমি সদায় চিকিৎসকৰ পৰামৰ্শ অনুসৰি medication ল’ব লাগে। দৰবটো খোৱাৰ পিছত লগে লগে জ্বৰ নকমিলে আৰু এটি paracetamol টেবলেট খাই দিব নালাগে কিয়নো এই টেবলেট এ জ্বৰ কমাবলৈ কমেও এক ঘণ্টা সময় লয়। সেয়ে জ্বৰ নকমিলেও এক ঘন্টাৰ ভিতৰত আকৌ পূণৰ এবাৰ এক চামুচ paracetamol লিকুইদ বা এটা জ্বৰৰ paracetamol টেবলেট লয় তেন্তে over dose হৈ যাব যি যকৃত আৰু বৃক্কৰ বাবে ক্ষতিকাৰক হয়। সেইবাবে দৰবটোক সময় দিব লাগিব আৰু দৰবটো খোৱাৰ পিছত ৭/৮ ঘন্টা পিছতহে দ্বিতীয়টো দৰৱ খাব লাগে। এনেকুৱাও হ’ব পাৰে যে আপোনাৰ medicine খাই ‌জ্বৰটো কমি গ’ল। আৰু কমি গৈ পেলাই আকৌ পূণৰ বাৰ চাৰি পাঁচ ঘন্টাৰ পিছত উঠি গৈছে তেনে ক্ষেত্ৰত paracetamol এটা খাব পাৰে। কিন্তু জ্বৰ দুই দিন তিনি দিন ধৰি হৈয়ে আছে তেতিয়া নিজেই দৰব খাই নাথাকি চিকিৎসকৰ পৰামৰ্শ লোৱা অত্যন্ত জৰুৰী।

 (৩) জ্বৰ কমাবলৈ লঘোন দিব নালাগে অৰ্থাৎ ভোকত থকা অনুচিত । প্ৰায় শুনিবলৈ পোৱা যায় যে চৰ্দি হ’লে বেছিকৈ খাব লাগে আৰু জ্বৰ উঠিলে লঘোন দিব লাগে সেইটোও এটা ভুল ধাৰণা।

Never do fasting during fever

  প্ৰকৃততে জ্বৰ হলে পুষ্টিকৰ খাদ্য খাব লাগে। কিয়নো জ্বৰ হলে দেহৰ উষ্ণতা বৃদ্ধি হোৱাৰ লগতে শৰীৰৰ বিপাকীয় ক্ৰিয়াসমূহ বৃদ্ধি পায়। যাৰ ফলত কোষ সমূহক বেছি শক্তিৰ প্ৰয়োজন হয়। যাৰ ফলত লঘোন দিলে শৰীৰ দুৰ্বল হৈ পৰিব আৰু পাৰ্চক্ৰিয়া হিচাপে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাব। সেইবাবে খাদ্য সময়ত খাই থকাটো অতি দৰকাৰী । জ্বৰৰ গাত খাব মন নগলেও, মুখখন তিতা তিতা লাগিলেও তথাপিও যিমান সম্ভৱ সঘনাই খাদ্য খাই থাকিব লাগে। এই সময়ত সহজতে হজম হোৱা খাদ্য আৰু ফলমুল গ্ৰহণ কৰা উত্তম।

(৪) জ্বৰ উঠিলে পানী বেছিকৈ খোৱা জৰুৰী। শৰীৰত জ্বৰ উঠিলে উশাহ নিশাহৰ হাৰ বৃদ্ধি হয় আৰু এই হাৰ বঢ়াৰ ফলত শৰীৰৰ পানী হ্ৰাস হয়। লগতে শৰীৰে দেহৰ উষ্ণতা কমাবলৈ চেষ্টা কৰে বাবে ঘাম নিঃসৰণ হয়। এই দুই পৰিঘটনাৰ ফলত শৰীৰৰ পৰা বহুখিনি পানী হ্ৰাস পায়; সেইবাবে পানী আৰু ইলেক্ট্ৰলাইট পাউদাৰ অৰ্থাৎ ORS  খোৱাটো অতি দৰকাৰী ‌। আৰু এই সময়ত ঠাণ্ডা পানী, শীতল পানীয় পৰিহাৰ কৰা উত্তম।

Take plenty water and electrolyte during fever

(৫)‌ জ্বৰৰ সময়ত টোপনি আৰু জিৰণি লোৱা অতি প্ৰয়োজনীয়। লগতে শৰীৰ চৰ্চা, কঠোৰ পৰিশ্ৰম কৰা কামৰ পৰা বিৰত থকা অতি জৰুৰী। 

(৬) জ্বৰ উঠিলে কিছুমানে‌ গা ধোৱে, কিছুমান লোকে নুধুয়ে লগতে কিছুমানে ঠাণ্ডা পানীৰে গা ধুৱে। কিছুমানে ভাবে ঠাণ্ডা পানীৰে গা ধুলে জ্বৰ কমি যাব আৰু কিছুমানে ভাবে গৰম পানীৰে গা ধুলে ভাল আৰু কিছুমানে ভাবে ২/৩ দিন গা নুধুলে জ্বৰ নাইকিয়া হৈ যাব। জ্বৰ উঠিলে কুহুমীয়া পানীৰে গা ধোৱা উত্তম। অতি গৰম পানীৰে গা ধুলে শৰীৰৰ চালে উষ্ণতা নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হ’ব ফলত শৰীৰত dehydration হব। নাইবা কুহুমীয়া পানীত এখন গামোচা বা টাৱেল তিয়াই গাটো মচি থকাটোও ভাল।

Share it with:

4 Comments

  1. জ্বৰ উঠিলে ঠাণ্ডা পানী সেৱন কৰিব পাৰিনে জনাবচোন।

    1. কুহুমীয়া গৰম পানী খাব লাগে

  2. ভাল পৰামৰ্শ। ধন্যবাদ

  3. মানুহৰ জ্বৰ হৈছে মেদিকেলত ভৰ্তি কৰালে তাত অকলপেৰাচিতামোল চেলাইনহে দিছে জ্বৰ কিন্তু ভালহোৱনাই অলপ পাছতেই পুনৰজ্বৰউঠে ইয়াৰ কাৰন

Leave a Reply

Your email address will not be published. Required fields are marked *