Indian cricketer Riyan Porag Biography in Assamese language

ৰিয়ান পৰাগ ( Riyan Porag ) ৰিয়ান পৰাগ বুলি যে গোটেই সমগ্ৰ ক্ৰিকেট বিশ্বই চিঞৰি আছে , ৰিয়ানক কটু কটু কথাৰে সমালোচনা কৰা সকলে যে আজি , মানে এইকেইদিন ৰিয়ানক প্ৰশংসা কৰিছে, ৰিয়ানৰ অনুৰাগী হৈ পৰিছে তেওঁলোকে কি জানে ৰিয়ানৰ বিষয়ে, কি জানে ৰিয়ান কৰ হয় ? ৰিয়ানৰ মা কোন , দেউতা কোন ? কিয় আজি ৰিয়ান ইমান চৰ্চিত হ’বলৈ পাইছে ? ৰিয়ানৰ এই সফলতাৰ আঁৰত কিমান কষ্ট, ত্যাগ আৰু সাধনাৰ লগতে অধ্যাবসায় জৰিত হৈ আছে কিবা জানেনে ?

Indian cricketer Riyan Porag Biography in Assamese language
এতিয়া আহো মূল কথালৈ, বৰ্তমান ৰিয়ান পৰাগ হৈছে ভাৰতীয় ক্ৰিকেটৰ এক নতুন ট্ৰাস , নতুন নাম , বহুতে আকৌ ৰিয়ান ২.০ বুলিও কৈছে আৰু এক নতুন সন্ত্ৰাস বিপক্ষৰ বলাৰৰ বাবে ; ৰিয়ান যেতিয়া ক্ৰিকেট ফিল্ডৰ ২২ গজৰ ভিতৰলৈ যায় তেতিয়া তেওঁ মূৰত দাঙি লয় ডাঙৰ বোজা আৰু যি বোজা কঢ়িয়াই লৈ গৈ নিজৰ লক্ষ্যস্থান নাপায় গৈ তেতিয়ালৈ সেই ২২ গজ এৰি নাহে ; আৰু সেইবাবেই হয়তো ধাৰাভাষ্যকাৰ, ভূতপূৰ্ব টেষ্ট ক্ৰিকেট খেলুৱৈ আকাশ চোপ্ৰাই নিজৰ ধাৰাভাষ্যত কৈছে , ” Ye Porag nehi aag hei, ak jalwa hei, ak ubharte huwe bhartiya sitara hei !” । ইৰফান পাঠানে কছে ৰিয়ানে আগন্তুক দুবছৰৰ ভিতৰত ভাৰতীয় মূল দলৰ হৈ ক্ৰিকেট খেলিব। আৰু এখোজ আগবাঢ়ি আকাশ চোপ্ৰাই কৈছে যে এতিয়ালৈ আগন্তুক ২০২৪ বৰ্ষৰ টি ২০ বিশ্বকাপৰ দল ঘোষণা হোৱা নাই ; ৰিয়ান পৰাগে আই পি এলত নিজৰ উন্নত মানৰ খেল প্ৰদৰ্শন কৰি টি ২০ বিশ্বকাপ শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে।

Indian cricketer Riyan Porag Biography in Assamese languageAssamese cricketer Riyan Porag Biography in Assamese
ৰিয়ান ৰ সাফল্য একমাত্ৰ সম্ভৱ হৈছে ৰিয়ানৰ নিজৰ একাগ্ৰতা, নিজৰ লক্ষ্য , নিজৰ ওপৰত থকা আত্মবিশ্বাস, আৰু তেওঁৰ মা দেউতাৰ আশীৰ্বাদ ৰ বাবে। নিজৰ আঠ বছৰ বয়সৰ পৰা ক্ৰিকেট অনুশীলন কৰা ৰিয়ানে সদায় বিশ্বাস কৰে যে মানুহৰ নিজৰ মনত সৃষ্টি হোৱা দুৰ্বলতাই হে মানুহক দুৰ্বল কৰে অইন বস্তুৱে নহয়, মানুহে সদায় অতীতৰ বেয়া খিনি মনত পেলাই আৰু ভৱিষ্যতেও আৰু বেয়া হব বুলি ভাবি থাকে কিন্তু বৰ্তমানক পাহৰি থাকে বৰ্তমানৰ বাবে ত্যাগ স্বীকাৰ নকৰে ; ৰিয়ানে বিশ্বাস কৰে যে যদি বৰ্তমান আৰু বৰ্তমানকে পূজা কৰা যায়, সেয়াই কিন্তু ভৱিষ্যত গঢ়িব পাৰে আৰু অতীতৰ সকলো ঋণাত্মক বোৰ ধনাত্মকলৈ পৰিণত কৰিব পাৰে। ৰিয়ান এইটোও বিশ্বাস কৰে যে ভাল দিন, বেয়া দিন সকলো বোৰ পাৰ হৈ যায় – ৰৈ নাথাকে! সঁচাকৈ এই তত্বগধুৰ কথাবোৰ কিন্তু ৰিয়ানে নিজৰ ২২ টি বসন্ত পাৰ নৌহওঁতেই বুজি উঠিছে; আৰু সেয়া সম্ভৱ হৈছে বা বুজিবলৈ সহজ হৈছে তেওঁৰ নিজৰ এক লক্ষ্য আৰু উদ্দেশ্য সন্মুখত থকাৰ বাবে। যি লক্ষ্য উদ্দেশ্য পূৰণৰ বাবে দৌৰিছিল তেওঁৰ পিতৃ ( আজিৰ তাৰিখত সকলোৰে বাবে এজন আদৰ্শনীয় পিতৃ ) পৰাগ কুমাৰ দাস ( Porag Das) য়ে আৰু দৌৰিছে ৰিয়ানে নিজেও।

iyan Porag family, mother and fatheriyan Porag family, mother and father

পৰাগ দাস হৈছে অসমৰ এজন ভূতপূৰ্ব ৰঞ্জি ক্ৰিকেটাৰ। তেওঁৰ জন্ম হৈছিল ২৯ অক্টোবৰ ১৯৭৬ চনত, তেওঁ অসমৰ হৈ ৪৩ খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলি ৭০ টি ইনিংছত এবাৰ অপৰাজিত থাকি ২৮.০৫ গড় হিচাপত ১৯৩৬ ৰাণ সংগ্ৰহ কৰিছিল, যত আছে এটি শতৰাণ আৰু ১৫ টি অৰ্ধশতৰাণ। তেওঁৰ সৰ্বোচ্চ ৰাণ আছিল ১১৮ আৰু লিষ্ট A ৰ ৩২ খন খেলৰ ৩১ ইনিংছ খেলি ১৯.১৬ গড় হিচাপত ৫৭৫ ৰাণ সংগ্ৰহ কৰিছিল যত তেওঁৰ সৰ্বোচ্চ ৰাণ আছিল ৮৯ আৰু শূণ্য শতকৰ বিপৰীতে আছিল ৯ টি অৰ্ধ শতৰাণ। তেওঁ তেওঁৰ ক্ৰিকেট কেৰিয়াৰত প্ৰথম শ্ৰেণীৰ ক্ৰিকেট আৰু লিষ্ট A ক্ৰিকেটত কেছ ধৰি ক্ৰমে ২৭ জন আৰু ৯ জন বেটছমেনক আউট কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটিছিল ১৯৯৩ – ৯৪ বৰ্ষত আৰু তেওঁ শেষৰ খন খেল খেলিছিল ০৫ ডিচেম্বৰ ২০০৭ চনত ৱেষ্ট বেংগল ৰ বিৰুদ্ধে । আৰু লিষ্ট A ক্ৰিকেট খেলিছিল প্ৰথম বাৰৰ বাবে ১৯৯৫ -৯৬ বৰ্ষত আৰু শেষৰখন খেল খেলিছিল তামিলনাডুৰ বিপক্ষে ধৰ্মছলাত , ১৬ মাৰ্চ ২০০৭ চনত। তেওঁৰ মহেন্দ্ৰ সিং ধোনিৰ বিপক্ষ দলৰ হৈ ক্ৰিকেট খেলাৰ অভিজ্ঞতা আছে।

iyan Porag family, mother and father

ক্ৰিকেট জীৱনৰ কেৰিয়াৰত সফল ক্ৰিকেটাৰ সেই পৰাগ দাসৰ এজন সুযোগ্য সন্তান হৈছে শ্ৰীমান ৰিয়ান পৰাগ দাস ( Riyan Porag Das ) যিজন আজি সমগ্ৰ ক্ৰিকেট বিশ্বত চৰ্চিত। ৰিয়ান পৰাগৰ জন্ম হৈছিল ১০ নবেম্বৰ ২০০১ চনত , গুৱাহাটীত। ৰিয়ানৰ মাতৃ হৈছে শ্ৰীমতী মিথু বৰুৱা, যি গৰাকী হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাঁতোৰবিদ । তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় দলৰহৈ এছিয়ান গেমছ আৰু চাফ গেমছত প্ৰতিনিধিত্ব কৰিছিল, যাৰ আছে ৫০ মিটাৰ ফ্ৰী ষ্টাইলত ৰাষ্ট্ৰীয় ৰেকৰ্ড।

ৰিয়ান পৰাগৰ ক্ৰিকেটৰ বৰ্ণিল যাত্ৰা:-

২০১৭ চনৰ ২৯ জানুৱাৰী মাহত আন্তঃৰাজ্যিক টি ২০ ক্ৰিকেট শৃখলাত অসমৰ হৈ অভিষেক ঘটিছিল পৰাগৰ । আৰু সেই একে বৰ্ষৰ অক্টোবৰ মাহত তেওঁ এ চি চি অনুৰ্ধ্ব ১৯ এছিয়া কাপৰ বাবে ভাৰতীয় দলৰ হৈ খেলাৰ নিৰ্বাচিত হৈছিল। ২০১৬ – ১৭ বৰ্ষত ৰিয়ান পৰাগে অনুৰ্ধ্ব ১৯ কোচ বিহাৰ ট্ৰফিত শৃংখলাটোৰ সৰ্বোচ্চ ৰাণ সংগ্ৰাহক বেটচমেন হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছিল; সেই শৃংখলাত তেওঁ ১৪ টি ইনিংছ খেলি ৬৪২ ৰাণ সংগ্ৰহ কৰিছিল , যত আছিল ২০২ ৰাণৰ এটি দ্বিশতকো।

Indian cricketer Riyan Porag Biography in Assamese language

২০১৭ চনৰ নৱেম্বৰ মাহত তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট, ৰঞ্জি ট্ৰফি দলৰ হৈ খেলাৰ বাবে অসম ৰাজ্যিক দলৰ পৰা আমন্ত্ৰণ লাভ কৰে আৰু ২০১৭ – ১৮ চনৰ পৰা এতিয়ালৈ তেওঁ অসমৰ হৈ কেইবাখনো ৰঞ্জি মেচ খেলি সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে। ২০১৭ চনতে তেওঁ ভাৰতীয় অনুৰ্ধ্ব ১৯ দলৰ হৈ ইংলেণ্ডত ইংলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্ট মেচো খেলিছিল । যি শৃখলাত তেওঁ ভাৰতীয় দলৰ হৈ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছিল। সেই শৃংখলাৰ প্ৰথম মেচৰ দুয়ো ইনিংছতে তেওঁ কোবাইছিল অৰ্ধশতৰাণ যত আছে এটি ৩৩ বলৰ দ্ৰুত অৰ্ধশতৰাণ , আৰু সেই ইনিংছ দুটিৰ বাবে ভাৰতীয় দলে চেষ্টাৰফিল্ডত ইংলেণ্ড ৰ বিৰুদ্ধে বিশাল ৩৩৪ ৰাণৰ ব্যৱধানত জয়লাভ কৰিছিল। দ্বিতীয় টেষ্ট খনতো ৰিয়ান পৰাগৰ বেটৰ পৰা আহিছিল এটি অৰ্ধশতক। আৰু সেই শৃংখলাত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে ২ -০ ব্যৱধানত বিজয় লাভ কৰিছিল।

পুনৰ ২০১৭ বৰ্ষতে ৰিয়ান পৰাগ নিৰ্বাচিত হৈছিল ভাৰতীয় অনুৰ্ধ্ব ১৯ চেলেঞ্জাৰ ট্ৰফিৰ বাবে , সেই শৃংখলাটো তেওঁ দলৰ হৈ সৰ্বোচ্চ ৰাণ সংগ্ৰহ কৰিছিল। সেই বৰ্ষৰ ডিচেম্বৰ মাহত ৰিয়ানে নিৰ্বাচিত হৈছিল ২০১৮ চনৰ অনুৰ্ধ্ব ১৯ বিশ্বকাপ ক্ৰিকেটৰ বাবে ভাৰতীয় দললৈ। কিন্তু দুৰ্ভাগ্যৰ কথা যে তেওঁ সেই শৃংখলাত বাওঁহাতৰ আঙুলিৰ আঘাটৰ বাবে মাত্ৰ এখন মেচতহে খেলিবলৈ সুযোগ পাইছিল।

Indian cricketer Riyan Porag Biography in Assamese language
২০১৮ – ১৯ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফিত দলীয় সৰ্বোচ্চ ৰাণ সংগ্ৰাহক আছিল ৰিয়ান পৰাগ। শৃংখলাৰ সাত খন মেচত তেওঁ সংগ্ৰহ কৰিছিল সৰ্বমুঠ ২৪৮ ৰাণ । তাৰ ফলতে ২০১৮ চনত আই পি এল দল ৰাজস্থান ৰয়েলছ য়ে ৰিয়ান পৰাগক নিলামত ক্ৰয় কৰিছিল মাত্ৰ ২০ লাখ টকাৰ বিনিময়ত, ২০১৯ বৰ্ষৰ আই পি এল শৃংখলাৰ বাবে। তেওঁ সেই শৃংখলাৰ আই পি এলত নিজৰ কেৰিয়াৰৰ প্ৰথমটি অৰ্ধশতৰাণ কৰি ইতিহাসৰ অৰ্ধশতৰাণ কৰা আটাইতকৈ কণিষ্ঠ খেলুৱৈৰ ৰেকৰ্ড গঢ়িছিল। তেওঁ সেই কৃতিত্বৰ অধিকাৰী হৈছিল নিজৰ ১৭ বছৰ ১৭৫ দিন বয়সত। তাৰ আগত এই ৰেকৰ্ড আছিল চনজু চেমচন আৰু পৃথ্বী শ্ব’ ৰ হাতত , তেওঁলোক উভয়ে সেই ৰেকৰ্ড গঢ়িছিল নিজৰ ১৮ বছৰ ১৬৯ দিন বয়সত। যদিও ২০২২ বৰ্ষৰ মেগা নিলামত ৰাজস্থান ৰয়েলছয়ে ৰিয়ানক এৰি দিছিল তথাপি শৃংখলা আৰম্ভণি হোৱাৰ আগে আগে ফেব্ৰুৱাৰী মাহত ৰিয়ানক পুনৰ ক্ৰয় কৰিছিল। ২০২২ বৰ্ষৰ আই পি এলত তেওঁ ১৭ টাকৈ ৰেকৰ্ড সংখ্যক কেছ ধৰি এক ৰেকৰ্ড কৰাৰ লগতে এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিপৰীতে অপৰাজিত ৫৬ ৰাণৰ ইনিংছ খেলি ৰাজস্থান ৰয়েলছক অকলে বিজয় কৰাবলৈ সক্ষম হৈছিল।

Indian cricketer Riyan Porag Biography in Assamese language

ৰিয়ান পৰাগৰ বাবে ঘৰুৱা ক্ৰিকেটৰ আটাইতকৈ ভাল সময় আছিল ২০২২ – ২৩ বৰ্ষ আৰু ২০২৩ – ২৪ বৰ্ষ। ২০২২ – ২৩ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফিত তেওঁ গড় ৬৯ হিচাপত সৰ্বমুঠ ৫৫২ ৰাণ সংগ্ৰহ কৰিছিল যত আছিল তিনিটা শতক আৰু এটি অৰ্ধ শতৰাণ লগতে লেগব্ৰেক বলিং কৰি লাভ কৰিছিল ১০ টাকৈ মূল্যবান উইকেট। একে বৰ্ষৰ দেওধৰ ট্ৰফিত ৰিয়ান পৰাগে অৰ্জন কৰিছিল মেন অৱ দা ছিৰিজ সন্মান । শৃংখলা টোত তেওঁ আটাইতকৈ বেছি ছিক্স কোবোৱা সন্মান আৰু আটাইতকৈ বেছি উইকেট সংগ্ৰহ কৰা সন্মানো লাভ কৰিছিল। তেওঁ ৮৮.৫০ গড় হিচাপত সৰ্বমুঠ ৩৫৪ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে লাভ কৰিছিল ১৯.০৯ গড় হিচাপত সৰ্বমুঠ ১১ টি উইকেট। এই শৃংখলাত ৰিয়ানে ১১ টি ছিক্স কোবাই এখন মেচত সৰ্বোচ্চ ছিক্সাৰ কোবোৱা ২০১০ চনৰ ইউচুফ পাঠানৰ ৯ টি ছিক্সৰ ৰেকৰ্ড ভংগ কৰিছিল।

Indian cricketer Riyan Porag Biography in Assamese language

  ৰিয়ান পৰাগৰ বেটিং বিক্ৰমৰ বিষয় ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহুল চৰ্চা হৈছিল ২০২৩ -২৪ বৰ্ষৰ চায়েদ মুষ্টাক আলী টি ২০ ট্ৰফীৰ সময়ত । এই শৃংখলাত তেওঁ একেৰাহে ক্ৰমাগতভাৱে সাতখন খেলত অৰ্ধ শতৰাণ কৰাৰ ৰেকৰ্ড নিজৰ নামলৈ আনে। সেই শৃংখলাত তেওঁ সৰ্বমুঠ ৪০ টি ছিক্স কোবাই সংগ্ৰহ কৰিছিল ৫১০ ৰাণ যত তেওঁৰ বেটিং গড় আছিল ৮৫ আৰু ষ্ট্ৰাইক ৰেট হৈছে ১৮২.৭৯ , লগতে নিজৰ বলিং প্ৰদৰ্শন কৰি ১১ টাকৈ উইকেট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

Indian cricketer Riyan Porag Biography in Assamese language
২০২৩ – ২৪ ৰ ৰঞ্জি ট্ৰফিৰ খেলত ৰিয়ান পৰাগৰ অসমৰ হৈ প্ৰদৰ্শন আছিল উন্নত মানৰ। তেওঁ চতিশগড়
আৰু কেৰেলাৰ বিৰুদ্ধে ক্ৰমাগতভাৱে শতৰাণ অৰ্জন কৰে। ৰঞ্জি ট্ৰফিৰ ইলিট গ্ৰুপৰ সৰ্বমুঠ ৬ ইনিংছত তেওঁ ৭৫.৬০ গড় আৰু ষ্ট্ৰাইক ৰেট ১১৩.৮৫ হিচাপত সৰ্বমুঠ সংগ্ৰহ কৰে ৩৭৮ ৰাণ। এই শৃংখলাত তেওঁ ৰঞ্জি ট্ৰফি ইতিহাসৰ দ্বিতীয় দ্ৰুততম শতৰাণ অৰ্জন কৰিবলৈ সক্ষম হৈছিল শতিশগড়ৰ বিৰুদ্ধে। মাত্ৰ ৫৬ বলত শতৰাণ সম্পূৰ্ণ কৰাৰ লগে লগে সেই ইনিংছটোত তেওঁ সৰ্বমুঠ ১৫৫ ৰাণ সংগ্ৰহ কৰিছিল।

CONTROVERSY OF RIYAN PORAG

  ঘৰুৱা ক্ৰিকেটত বছৰ বছৰ ধৰি কৰা পৰিশ্ৰম আৰু ক্ৰমাগত আৰু ধাৰাবাহিক ভাৱে দেখুওৱা ভাল প্ৰদৰ্শনে ৰিয়ানক আত্মবিশ্বাস দিছে, আৰু নিজকে এজন পৰিপক্ক বেটছমেন হিচাপে গঢ়ি তুলিবলৈ সক্ষম কৰিছে। আৰু তাৰ বাবেই এই বৰ্ষৰ আই পি এলত সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে ভাৰতীয় তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগে । তেওঁ নিজৰ দমতে অকলে তিনিখন খেলৰ দুখনত ৰাজস্থান ৰয়েলচক বিজয় কৰাবলৈ সক্ষম হৈছে। প্ৰথম মেচত লক্ষ্ণৌৰ বিপক্ষে ২৯ বলত ৪৩ ৰাণ, দিল্লীৰ বিপক্ষে ৪৫ বলত অপৰাজিত ৮৪ ৰাণ আৰু মুম্বাইৰ বিপক্ষে ৩৯ বলত অপৰাজিত ৫৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

বিতৰ্কই এৰা নিদিয়ে অসমৰ ক্ৰিকেটাৰ  ৰিয়ান পৰাগক ! এইবাৰ আচৰন বিতৰ্ক .. জানিবলৈ তলৰ ৰঙা আখৰ কেইটা ক্লিক কৰক

বিতৰ্কই এৰা নিদিয়ে অসমৰ ক্ৰিকেটাৰ  ৰিয়ান পৰাগক ! এইবাৰ আচৰন বিতৰ্ক ..

  এতিয়া আগন্তুক খেলসমূহত ৰিয়ান পৰাগে কেনেদৰে নিজৰ ক্ৰিকেট পৰিপক্কতা প্ৰদৰ্শন কৰে সেয়া লক্ষণীয় হ’ব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *