এনেদৰে খেদি পঠিয়ায় দিয়ক পইতাচোৰা বোৰ,, NEVER KILL THEM !!

ঘৰৰ পইতাচোৰা খেদাৰ গেৰান্টি ঘৰুৱা উপায়:-

    পইতাচোৰা ই হয়তো সকলোকে এদিন হ’লেও এদিন আমনি দিছে। কেতিয়াবা পাকঘৰৰ খাদ্যৰ ওপৰত উঠি আপোনাৰ খাদ্যত বিষক্ৰিয়া সৃষ্টি কৰিব নহ’লে বাকচৰ ভিতৰৰ আপোনাৰ পচন্দৰ কাপোৰ জোৰ কুটিব। তাৰ উপৰিও আপোনাৰ ঘৰত বেছিকৈ এইবিধ অহা-যোৱা কৰিলে দেহৰ এলাৰ্জি ৰোগ ও হ’ব পাৰে। সেয়ে আজিয়ে আমাৰ এই ঘৰুৱা দিহাৰে এইবিধ পতংগ আপোনাৰ ঘৰৰ পৰা খেদি পঠিয়াই দিয়ক। পইতাচোৰা খেদিবলৈ বজাৰত বহুতো ৰাসায়নিক দ্ৰব্যৰ স্প্ৰেই ইত্যাদি উপলব্ধ যদিও এইবোৰৰ পাৰ্শ্বক্ৰিয়া থকা হেতুকে সেইবোৰ দ্ৰব্য আপোনাৰ পাকঘৰ, বেডৰূমত ব্যৱহাৰ কৰিব নোৱাৰে।

১ নং উপায় :-

   আপোনাৰ ঘৰত উপলব্ধ পদিনা পাতৰ ৰস উলিয়াই ১০ টোপাল ২৫০ মিলি লিটাৰ পানীৰ সৈতে মিহলাই পইতাচোৰা অহা-যোৱা কৰা চুকত সন্ধিয়া সময়ত ছটিয়াই দিয়ক। এনেদৰে এক সপ্তাহ কৰিলে পইতাচোৰা আপোনাৰ ঘৰৰ পৰা এটাও নোহোৱা হ’ব।

২ নং উপায় :-

   ইয়াৰ বাবে আপুনি তিনিটা কাপোৰত দিয়া কফুৰ গুটি গুৰি কৰক আৰু ইয়াৰ লগত তিনি ডাল ধূপকাঠিৰ বাকলিৰ পদাৰ্থ খিনি এৰুৱাই একাপ পানীত মিহলাই লওক। এতিয়া এই মিশ্ৰণ খিনি ভালদৰে চেকি লৈ আপোনাৰ ঘৰৰ পইতাচোৰা লুকাই থকা সম্ভাৱনা থকা ঠাইত এটা স্প্ৰেয়াৰৰে ছটিয়াই দিয়ক নাইবা মিশ্ৰণ খিনি সৰু কিছুমান পাত্ৰত কেইবাটাত লৈ ঠাইবোৰত ৰাখি দিয়ক। পাৰিলে সৰু পাত্ৰত থোৱা মিশ্ৰণ খিনিত পইতাচোৰাক আকৃষ্ট কৰিব পৰাকৈ এটুকুৰাকৈ কপাহ তিয়াই দিব পাৰে । এই ধূপ আৰু কফুৰৰ মিশ্ৰণৰ গোন্ধ সহিব নোৱাৰি পইতাচোৰা বোৰ পলাই যাব। এনেদৰে এসপ্তাহ যত্ন ললে আপোনাৰ ঘৰত এটাও পইতাচোৰা নোহোৱা হৈ পৰিব।

৩ নং উপায় :-

      নাইবা আৰু এটা উপায় অৱলম্বন কৰিব পাৰে তাৰ বাবে আপুনি ফাৰ্মাছিৰ পৰা এক পেকেট বৰিক পাউডাৰ (BORIC ACID POWDER) কিনি আনক। এই পেকেট ৰ পৰা আপোনাক যিমানখিনি প্ৰয়োজন হয় সিমান খিনি লৈ আৰু এই পাউডাৰৰ সতে সম পৰিমাণৰ চেনী আৰু সম পৰিমাণৰ আটা মিহলাই যিবোৰ ঠাইত পইতাচোৰা অহা যোৱা কৰে সেইবোৰ ঠাইত বহল পাত্ৰত ৰাতি ৰাখি থৈ দিয়ক । চেনী খাই ভাল পোৱা পইতাচোৰা বোৰে চেনীৰ সৈতে বৰিক পাউডাৰ খাই আপোনাৰ ঘৰৰ পৰা পলাই পতং দিব আৰু কিছুমান মৰিবও পাৰে।

৪ নং উপায় :-

এটা নহৰু আৰু এটা পিয়াজ সম্পূৰ্ণ বাকলি এৰুৱাই ইয়াৰ লগত ১০ টা মান জালুক লৈ ভালদৰে মিহিকৈ এটি পেস্ত প্ৰস্তুত কৰক। এতিয়া এই পেস্ত খিনি এক লিটাৰ পানীৰ সৈতে মিহলাই পইতাচোৰা অহা-যোৱা কৰা দেখা ঠাইত সন্ধিয়া বা ৰাতি চতিয়াই দিয়ক। এসপ্তাহৰ বাবে এই কাম কৰিলে পইতাচোৰা আপোনাৰ ঘৰৰ পৰা পলাই পতং দিব।

এনেদৰে খেদি পঠিয়ায় দিয়ক পইতাচোৰা বোৰ।

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *