হেৰাই যোৱা যৌন শক্তি, দৃষ্টি শক্তিৰ বাবে খাওক ফলৰ ৰজা আম

হেৰাই যোৱা যৌন শক্তি আৰু দৃষ্টি শক্তিৰ বাবেও খাওক ফলৰ ৰজা আম :-

   হয় ফলৰ ৰজা আম। কথাতে নহয় আমৰ বিভিন্ন গুণাগুণৰ বাবেহে আমৰ এই পৰিচয়। কেঁচা হওঁক বা পকাই হওঁক আম সকলোৰে প্রিয় ফল। দেহত ওজন বঢ়াৰ ভয়ত বা মধুমেহ ৰোগ বাঢ়ি যাব পাৰে বুলি বহুলোকে হয়তো পকা আম নাখায় কিন্তু সেয়া ভুল ধাৰণা কিয়নো পকা আমৰো আছে আচৰিত স্বাস্থ্য গুণ। কেন্সাৰ ৰোগ, কলেষ্টৰল ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা আৰু জীৱনৰ যৌৱন অক্ষুন্ন ৰখা এইবিধ আম আচলতে চুপাৰ ফুড।

আমৰ বিশেষ স্বাস্থ্য উপকাৰ সমূহ:-

    ১) ভিটামিন C, প্রেক্টিন আৰু যথেষ্ট ফাইবাৰ সমৃদ্ধ আম খালে তেজৰ কলেষ্টৰল নিয়ন্ত্ৰণ হয় আৰু তাৰ ফলত তেজৰ শৰ্কৰা (sugar) মাত্ৰা হ্ৰাস হব। তেজৰ কলেষ্টৰলৰ মাত্ৰা কমাৰ লগে লগে হৃদৰোগৰ আশংকা কম হব।

   ২) আমত পোৱা যায় কেৰটিনয়ড, ভিটামিন C, পতাচিআম, টেৰপনৈদছ আৰু পলিফেনলছ আদি সক্ৰিয় স্বাস্থ্য ৰক্ষক পদাৰ্থ। ইয়াৰ উপৰিও মেগীফিৰিন নামৰ জৈৱ উৎসেচক বিধে যকৃত আৰু খাদ্যনলীৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে। আৰু পলিফেনলছ পদাৰ্থ বিধে মহিলাৰ স্তনৰ কেন্সাৰ ৰোধ কৰিবলৈ সক্ষম হয়।

   ৩) যথেষ্ট পৰিমাণে ভিটামিন C আৰু আমত সমৃদ্ধ ২৫ প্ৰকাৰৰ কেৰটিনয়ড সমূহৰ বাবে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুগুণে বৃদ্ধি হয় আম সেৱন কৰিলে।

   ৪) আমত থকা প্ৰাকৃতিক উৎসেচক আৰু ফাইবাৰ এ পাঁচন তন্ত্ৰ সক্ৰিয় কৰিব পাৰে।

 ৫) আমত পোৱা কেৰটিনয়ডছ, লুটিন, জিওজেন্থীন আৰু ক্ৰিপ্ট জেনথিন এ দৃষ্টিশক্তি অক্ষুন্ন ৰাখিবলৈ সক্ষম হয়।

 ৬) আমত থাকে নিউৰোপ্ৰটেক্টটিভ দ্ৰব্য যাৰ ফলত মগজুৰ ক্ৰিয়া সক্ৰিয় হব আম সেৱন কৰিলে।

  ৭) পতাচিয়াম বহু পৰিমাণে থকা হেতুকে দেহত কেলচিয়ামৰ অভাৱ দূৰ হব আৰু হাড়ৰ গঠন মজবুত হৈ পৰিব আম সেৱন কৰিলে।

    ৮) ভিটামিন A , ভিটামিন C থকা বাবে চুলি আৰু দেহৰ ছাল সুন্দৰ হৈ থাকিব আম খালে।

    ৯) পুৰুষৰ হেৰাই যোৱা যৌন শক্তি ঘূৰাই আনিবলৈ প্ৰতিদিনে কমেও তিনিটাকৈ আম খোৱাৰ পৰামৰ্শ দিছে বিশেষজ্ঞ সকলে ।

  আম কোনে খাব নালাগে :-

    গৰ্ভৱতী মহিলাই যদিহে তেওঁৰ ডায়েবেটিচ ৰোগ আছে তেন্তে আম সেৱন নকৰা উত্তম কিয়নো তেওঁৰ ডায়েবেটিচ অধিক বৃদ্ধি হোৱাৰ আশংকা থাকিব।

লগতে আম খোৱাৰ আগতে আম কেইটা কমেও ১০ মিনিট পানীত ডুবাই থৈহে কাটিব লাগে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *