গৰমপানী খালে ক’ৰণা মৰিবনে? চিকিৎসা বিজ্ঞানে কি কয় ?

গৰমপানী খালে ক’ৰণা মৰিবনে? চিকিৎসা বিজ্ঞানে কি কয় ?

  ক’ৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ বহুপ্ৰকাৰৰ ঘৰুৱা প্ৰতিকাৰ আমি ইজনে সিজনে নিজেই ধাৰণা কৰি লৈছো। সেইবোৰৰ ভিতৰত গৰম পানীও এবিধ। বাহিৰৰ পৰা ঘূৰি ফুৰি আহি গৰম পানীৰে গা ধুলে দেহত লাগি অহা ক’ৰণা ভাইৰাছটো মৰিব আৰু সকলো সময়তে গৰম পানী খালে ইয়াৰ সংক্ৰমণৰ পৰা সুৰক্ষিত থাকিব ইত্যাদি ইত্যাদি।

  কিন্তু বিশেষজ্ঞ চিকিৎসকৰ মতে গৰম পানীৰে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰা সম্ভৱ নহয়। এই ভাইৰাছটো সাধাৰণতে ৬০ ৰ পৰা ৭০ ডিগ্ৰী চেলচিয়াছ উষ্ণতাত মৃত্যু হয় আৰু সেয়া কেৱল পৰীক্ষাগাৰৰ নিয়ন্ত্ৰিত পৰিৱেশতহে সম্ভৱ হয় ।

   লগতে চিকিৎসা বিশেষজ্ঞ ৰ মতে গৰম পানী খোৱা বা গৰম পানী কুলকুলী কৰাৰো বহুত উপকাৰ আছে যেনে :- খোৱাৰ পিছত কুহুমীয়া পানী খালে পাচন শক্তি বৃদ্ধি হয়, দেহৰ মেদবহুলতা ৰোধ হব, শুকান কাহ, চৰ্দীৰ সমস্যা দুৰ হয়। দাত ভালে ৰাখিবলৈ গৰম পানী খোৱা উত্তম। গলৰ ৰোগ টনচিলাইটিছ, ফেৰিনজাইটিছ আদিত গৰম পানীৰে গাৰ্গল কৰা আৰু গৰম পানী সেৱন হিতকাৰক আৰু আৰামদায়ক। নাকৰ সমস্যা থকা সকলেও মেন্থলেৰে গৰম পানীৰ ভাপ দিনত তিনিবাৰকৈ ল’লে সোনকালেই উপশম হয়।

  কিন্তু পোনপটীয়া কৈ ক’ৰণা ভাইৰাছক ধ্বংস কৰিবলৈ গৰমপানী যথোপযুক্ত নহয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *