কলা ভেঁকুৰ কি?? লক্ষণ আৰু চিকিৎসা কি

   ক’লা ভেঁকুৰ কি ??

  বৰ্তমান সময়ত এক বহুল ভাবে চৰ্চিত বিষয় হ’ল কলা ভেঁকুৰ। আৰু এই ভেঁকুৰে হেনো অইন বেমাৰ হোৱা লোক, যিসকলৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা(Natural immunity) অতি কম তেওঁলোকক হে ধৰিব ।

  ভয় নাখাব আৰু শিকি লওঁক ইয়াৰ বিষয়ে। ই হল চিকিৎসা বিজ্ঞানৰ এক নতুন আবিষ্কাৰ, চিকিৎসা বিজ্ঞান সদায় একে ঠাইত নাথাকে , আজিৰ বিজ্ঞান এক বছৰ পিছত আকৌ সলনি হব প্ৰযুক্তি বিদ্যাৰ সোঁতত আৰু আবিষ্কাৰ হব ন-নতুন বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ আৰু প্ৰটযোৱা।

  ১৯১২ চনতো এনে এক মহামাৰীৰ আবিৰ্ভাৱ হৈছিল কলা ৰোগ বুলি যি সময়ত মানুহ ক’লা ৰং ধাৰণ কৰি মৃত্যু বৰণ কৰিছিল, কিন্তু সেয়া আছিল ভাইৰাছ আৰু এতিয়া এয়া ভেকুৰ।

  ই হৈছে এক বিৰল ভেকুৰ (fungi) যাক মিউকৰ্মাইকোচিছ (Mucormycosis) বুলি কোৱা হয়। এই ভেঁকুৰৰ বিজানুয়ে স্বাস্থ্যজনিত সমস্যাৰ বাবে  ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱা ঔষধ গ্ৰহণ কৰি থকা লোকসকলৰ দেহত সহজতে আক্ৰমণ কৰে । এই ৰোগ মুলতঃ দেহৰ ছালত আৰম্ভ হৈ হাওঁফাওঁ আৰু মগজুলৈ বিস্তাৰিত হব পাৰে।

ইয়াৰ লক্ষণ সমূহ :-

১) চকু বা নাকৰ চাৰিওফালে বিষ আৰু ৰঙা পৰা। লগতে-

২) জ্বৰ, মূৰৰ বিষ, কাঁহ, উশাহ চুটি হোৱা।

৩) তেজ বমি আৰু তেজৰ সৈতে মলত্যাগ।

৪) ব্যাক্তিবিশেষে মানসিক ভাৰসাম্য নাইকীয়া হোৱা।

৫) চাইনাচাইটিছৰ লক্ষণ যেনে, নাক সোপা মাৰি ধৰা, নাকেৰে ক’লা পানী বা তেজ নিৰ্গত হোৱা।

৬) নাক আৰু মুখমণ্ডলত বিষ আৰু জঠৰতা অনুভৱ হোৱা।

৭)নাক আৰু মুখত ক’লা ৰং দেখা দিয়া।

৮) দাঁত দুৰ্বল হৈ পৰা।

‌ ৯)চকুত বিষ অনুভৱ হোৱাৰ লগতে কোনো বস্তু অস্পষ্ট কৈ দেখা।

১০) বুকুৰ বিষ, হৃদযন্ত্ৰৰ প্ৰবাহ আৰু শ্বাস-প্ৰশ্বাসৰ দ্ৰুত অৱনতি।

ইয়াৰ চিকিৎসা:-

এই ৰোগক এণ্টিফাংগাল (Antifungal) ঔষধৰ দ্বাৰা চিকিৎসা কৰা হয়। কেতিয়াবা ইয়াৰ বাবে অস্ত্ৰোপচাৰৰো প্ৰয়োজন হ’ব পাৰে।

ইয়াৰ উপৰিও ডায়েবেটিচ নিয়ন্ত্ৰণ কৰা, ষ্টেৰইড ঔষধ ব্যৱহাৰ হ্ৰাস কৰা অতি গুৰুত্বপূৰ্ণ।

কেনেকৈ প্ৰতিৰোধ কৰিব এই ভেঁকুৰ :-

১)ধূলিময় আৰু সেমেকা যিবোৰ ঠাই ভেকুৰৰ বাবে অনুকূল যেনে:- ঘৰ, দলং , অট্টালিকা, ৰাস্তা নিৰ্মাণ ক্ষেত্ৰসমূহ পৰিদৰ্শনৰ সময়ত মাস্ক ব্যৱহাৰ কৰা।

২) বাগিচাৰ কামৰ পৰা আৰম্ভ কৰি মাটিৰ কাম কৰা লোকসকলে হাতমোজা পিন্ধা।

৩) সম্পূৰ্ণ পৰিষ্কাৰ পৰিচ্ছন্নতা কৈ জীৱন নিৰ্বাহ কৰা।

আৰু এনেধৰণৰ লক্ষণ কাৰো দেহত পৰিলক্ষিত হ’লে সোনকালেই চিকিৎসক ৰ পৰামৰ্শ লোৱা অতি বাঞ্চনীয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *