উচ্চ ৰক্তচাপ যদিহে আছে গুৰুত্ব দিয়ক এই ভয়ানক তিনি লক্ষণ !!

অবহেলা নকৰিব উচ্চ ৰক্তচাপৰ ভয়ানক তিনিটা লক্ষণ:-

never ignore 3 signs if you have high blood pressure

 

  আপুনি এজন স্বাস্থ্য সচেতন ব্যক্তি কিন্তু যদি আপুনি উচ্চ ৰক্তচাপত ভূগি আছে অথবা উচ্চ ৰক্তচাপৰ দৰৱ নিয়মীয়াকৈ বা অনিয়মিয়াকৈ গ্ৰহণ কৰি আছে তেন্তে হঠাতে আপোনাৰ দেহত আবিৰ্ভাৱ হোৱা তলৰ তিনিটা লক্ষণ নিশ্চিতভাবে অৱহেলা নকৰিব। অন্যথা জীৱন বিপদাপন্ন হৈ পৰিব পাৰে।

১) বুকুৰ বিষ:-

three signs you never ignore if you have high blood pressure

 বুকুৰ বাওঁফালে হানিখুঁচি ধৰা বিষ আৰু এই বিষ যদিহে বাওঁফালে পিঠিৰ ফালে, ডিঙিৰ ফালে টানি ধৰিছে আৰু বুকুখন ডাঠ ডাঠ লাগিছে ; লগতে যদিহে আপোনাৰ উচ্চ ৰক্তচাপ আছে তেন্তে ই হৃদযন্ত্ৰ বিকলৰ পূৰ্ব লক্ষণ হ’ব পাৰে।

২) মূৰৰ বিষ:-

3 signs of high bp you never ignore

 যদিহে জোখ লওঁতে ৰক্তচাপ বেছি পাইছে লগতে প্ৰচণ্ড মূৰৰ বিষত ভুগিছে তেন্তে ই আপোনাৰ বিপদ মাতিব পাৰে। কাৰণ বহুজনৰ ক্ষেত্ৰত এই মূৰৰ বিষ মগজুৰ ভিতৰত ৰক্তক্ষৰণ হোৱাৰ ফলতো হ’ব পাৰে। এনে মূৰৰ বিষৰ লগতে যদি হাত ভৰিৰ সিউ-খিয়নী, কথা কওঁতে বজি যোৱা আদি হৈছে তেন্তে জানিব ই ষ্ট্ৰ’কৰ লক্ষণ।

৩) উশাহ চুটি অনুভৱ:- আপোনাৰ ৰক্তচাপ বেছি আছে আৰু হঠাতে যদিহে উশাহ নিশাহ চুটি চুটি অনুভৱ কৰিছে তেন্তে এই লক্ষণে আপোনাৰ বিপদ আনিব পাৰে।

7 HEART ATTACK SIGNS NOT TO IGNOREnever ignore three signs if you have high pressure

বহুদিন ধৰি ৰক্তচাপ বেছি হৈ থকাৰ ফলত মগজুৰ লগতে হাওফাঁওৰ চাপ বাঢ়িবলৈ ধৰে ফলত হাওঁফাওঁৰ কোষ যাক ‘এলভিউলি’ বুলি কোৱা হয় এই কোষ সমূহত পানী জমা হৈ পৰে বাবেহে উশাহ চুটি হয়। গতিকে এই তিনি লক্ষণ অনুভৱ হোৱা মাত্ৰকে অভিজ্ঞ চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা কৰোৱা বাঞ্চনীয়।

যদিহে এই বাৰ্তা ভাল পাইছে তেন্তে আপোন জনলৈ বিলাই দি আপোনাৰ লগতে আপোন জনৰ জীৱন সুন্দৰ কৰাৰ সহায়ক হওঁক ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *