কলেজৰ সাধাৰণ সম্পাদকৰ পৰা মুখ্যমন্ত্ৰী পদলৈ//

কটন কলেজৰ ছাত্ৰ একতা সভাৰ সম্পাদকৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী পদলৈ এক অনন্য যাত্ৰা :-

নাম :- ডঃ হিমন্ত বিশ্ব শৰ্মা

জন্ম :- ০১/০২/১৯৬৯
জন্মস্থান :- যোৰহাট (অসম)
পিতৃ :- স্বৰ্গীয় কৈলাশ নাথ শৰ্মা (বিশিষ্ট কবি সাহিত্যিক)
মাতৃ :- মৃণালীনী দেৱী

শিক্ষা গ্ৰহণ :-

প্ৰাথমিক শিক্ষা :- যোৰহাট বাল্য ভৱন।

স্কুলীয়া শিক্ষা :- কামৰূপ একাডেমী (গুৱাহাটী)

মেট্ৰিক পৰীক্ষা :- ১৯৮৫ চন (কামৰূপ একাডেমী ৰ পৰা)

কলেজীয়া শিক্ষা :-
উচ্চতৰ মাধ্যমিক :- ১৯৮৭ চন (কটন কলেজ)।

স্নাতক :- ১৯৯০ চন (কটন কলেজ) , ৰাজনীতি বিজ্ঞান।

স্নাতকোত্তৰ :- ১৯৯২ চন (কটন কলেজ), ৰাজনীতি বিজ্ঞান।

আইনৰ স্নাতক :- চৰকাৰী আইন মহাবিদ্যালয়, গুৱাহাটী।

ডক্টৰেট :- গুৱাহাটী বিশ্ববিদ্যালয়।

কৰ্মজীৱন :- ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে।

 

ৰাজনৈতিক পৰিক্ৰমা :-

১৯৯১-৯২ চন :- কটন কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক।

১৯৯৬ চন :- ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি লগে লগে প্ৰদেশ কংগ্ৰেছ ৰ ছাত্ৰ আৰু যুৱকল্যান বিভাগৰ সদস্য সচিবৰ দায়িত্ব লাভ কৰাৰ লগতে একে বছৰতে জালুকবাৰী সমষ্টিৰ পৰা অসম বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি পৰাজয় বৰণ কৰে।

২০০১-২০১১ চন :- একেৰাহে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জালুকবাৰী সমষ্টিৰ বিধায়ক নিৰ্বাচিত ।

২০০২-২০১৪ চন :- অসম চৰকাৰৰ বহু বিভাগৰ মন্ত্ৰী ৰূপে কাৰ্য্য ভাৰ গ্ৰহণ। ২০০৬ চনত স্বাস্থ্য মন্ত্ৰী আৰু ২০১১ চনত অতিৰিক্ত শিক্ষা মন্ত্ৰীৰ দায়িত্ব।

২১/০৭/২০১৪ চন :- অসম চৰকাৰৰ সকলো মন্ত্ৰীত্বৰ পৰা পদত্যাগ ।

২৩/০৮/২০১৫ :- ভাৰতীয় জনতা পাৰ্টীত যোগদান।

২০১৬- ২০২১ চন :- অসম চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে স্বাস্থ্য, শিক্ষা, গৰকাপ্তানী, আৰু পৰিকল্পনা বিভাগৰ মন্ত্ৰী। লগতে এই সময় চোৱাত তেওঁ ভাৰতীয় জনতা দলৰ উত্তৰ পূবৰ আহ্বায়ক হিচাপে সুচাৰুভাৱে কাৰ্যনিৰ্বাহ কৰে।

২০২১ চন :- অসমৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰে।

 

সাংসাৰিক জীৱন :-

বিবাহ :- ২০০১ চন।
পত্নী :- ৰিণিকী ভূঞা শৰ্মা।   
পুত্ৰ:- নন্দিল বিশ্ব শৰ্মা।
জীয়ৰী :- সুকন্যা শৰ্মা।

স্বৰচিত গ্ৰন্থ :-

১) সমাগত সময়।
২) অন্য এক দৃষ্টিকোন।
৩)ভিন্ন সময় অভিন্ন মত।

অভিনয় :- অসমীয়া বিখ্যাত ছবি “ককাদেউতা নাতি আৰু হাতী” ত শিশু চৰিত্ৰত।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *