পৃথিৱীৰ বহুজন বিখ্যাত ব্যক্তিৰ জীৱন অকলশৰীয়া কিয় ??

  বহুজনৰ মতে অকলশৰীয়া জীৱন আমনিদায়ক বা অনৰ্থক যদিও অকলশৰীয়া জীৱনৰ আছে গভীৰ অৰ্থ আৰু মূল্য যদিহে ব্যক্তিবিশেষে জীৱনতোক ভালদৰে উপভোগ কৰিবলে শিকে।

 সেইবাবেই হয়তো ফেচবুকৰ আৱিষ্কাৰক মাৰ্ক জোকাৰবাৰ্গ, বিল গেটছ, নিকোলাৰ দেশলা , ডঃ এ পি জে আবুল কালাম আজাদ আদি বিখ্যাত লোকসকলে অকলশৰে থাকিবলৈ পছন্দ কৰে বা কৰিছিল । Android আবিষ্কাৰক  ঝন ঝাৰ’ য়ে কৰা আবিষ্কাৰৰ বাবে পৃথিৱীৰ পৰিসৰ সৰু হৈ পৰিছে আৰু  তেৱোঁ আজি অকলে থাকি ভাল পাই ।

সেয়ে হয়তো বুদ্ধদেৱে কৈছিল , “সূৰ্য্য মাত্ৰ এটা অথচ ইয়ে গোটেই পৃথিৱী পোহৰাই তোলে”।

অকলশৰীয়া জীৱনৰ সুবিধা সমূহ:-

১) অকলশৰীয়া জীৱন এক স্বাধীন জীৱন।

২) মনে বিচৰা কাম কৰিবলৈ কাৰো অনুমতি নালাগে।

৩) আপোনাৰ ভাল বেয়া পৰীক্ষা কৰিবলৈ কোনো নাথাকে।

৪) কৰবাত যাবলৈ কোনো সংগীৰ প্ৰয়োজন নহয়।

৫) নিজে নিজৰ বাবে পৰিপক্ক হৈ পৰে।

৬) অকলশৰীয়া জীৱনে সদায় কঠোৰ আৰু শক্তিশালী হবলৈ শিকাই।

৭) সিদ্ধান্ত আৰু পছন্দত আউল নালাগে।

৮) নিজৰ ভাল লগা আৰু পছন্দৰ কামত মনোনিবেশ কৰিব পাৰি।

৯) কোনো ধৰণৰ আবেগ আৰু অনুভূতিৰ পৰা অসুবিধা নাহে।

১০) স্বাভাৱিকতে সদায় নতুন কামত মনোনিবেশ হৈ যায়।

১১) সদায় সামাজিক সমস্যাৰ পৰা সদায় দূৰৈত থাকিব।

১২) ব্যক্তিত্ব স্বাভাৱিকতে শক্তিশালী হৈ পৰে।

১৩) মানুহে সহজতে লগ নাপাই বাবেই অকলশৰীয়া জীৱন সন্মানৰ পাত্ৰ হৈ পৰে।

১৪) নিজস্ব চিন্তাধাৰাত অনাবিল আমোদ আৰু স্ফূৰ্তি পোৱা যায়।

১৫) ব্যক্তিগত জীৱনত আউল লগাবলৈ কোনো নাথাকে।

১৬) শান্ত আৰু নিৰিবিলি জীৱন উপভোগ কৰাৰ স্বাধীনতা থাকে।

১৭) লক্ষ্যত উপনীত হবলৈ সহজ।

১৮) নিজৰ সপোনবোৰ বাস্তৱ কৰিবলৈ যথেষ্ট সময় পোৱা যায়।

   মনত ৰাখিব যদিহে আপুনি অকলশৰে জীৱন জিয়াবলৈ শিকিছে আপুনি যিকোনো পৰিবেশ পৰিস্থিতিকে মকাবিলা কৰিব পাৰিব। গভীৰ জংঘল অকলশৰে খোজকাঢ়ি অতিক্ৰম কৰিবলৈ বৰ কঠিন কিন্তু যদিহে এবাৰ এই যাত্ৰা পাৰ কৰিছে তেন্তে মনোবল দুগুণ বৃদ্ধি হব।

  জীৱন মধুৰ এই বাৰ্তা আপোন জনলৈ বিলাই দি সুন্দৰ জীৱন উপভোগ কৰক 🙏🙏

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *